মহাত্মা জ্যোতিবা ফুলেৰ ২০০ তম জন্মবার্ষিকীত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
 
নতুন দিল্লী
 
শনিবাৰে সংসদ ভৱনৰ প্ৰেৰণা স্থলত মহাত্মা জ্যোতিবা ফুলেৰ ২০০ তম জন্মবার্ষিকীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফুল দি শ্ৰদ্ধা নিবেদন কৰে।
 
এইদিনা লোকসভাৰ অধ্যক্ষ ওম বিড়লা, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু জে.পি. নাড্ডা, লগতে ৰাজ্যসভাৰ প্ৰাক্তন উপ-সভাপতি হৰিবংশইও মহাত্মা ফুলেক শ্ৰদ্ধা জনায়।
মহাত্মা জ্যোতিৰাও ফুলে আছিল মহাৰাষ্ট্ৰৰ এজন বিশিষ্ট সমাজকৰ্মী, সংস্কাৰক আৰু লেখক। ১৮২৭ চনৰ ১১ এপ্ৰিলত সাতাৰাত জন্মগ্ৰহণ কৰা ফুলেয়ে জাতিভেদ দূৰীকৰণ, নাৰী শিক্ষাৰ প্ৰসাৰ আৰু নিপীড়িতসকলৰ সৱলীকৰণৰ বাবে আজীৱন কাম কৰিছিল। তেওঁ তেওঁৰ অনুগামীসকলৰ সৈতে মিলি "সত্যশোধক সমাজ" প্ৰতিষ্ঠা কৰিছিল, যাৰ লক্ষ্য আছিল কৃষক আৰু নিম্ন বৰ্ণৰ মানুহৰ সমান অধিকাৰ নিশ্চিত কৰা।
 
লোকসভাৰ অধ্যক্ষ ওম বিড়লাই এক্সত (X) লিখিছে, “মহাত্মা ফুলেয়ে শিক্ষা ব্যৱস্থাক সমাজ পৰিৱৰ্তনৰ শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিছিল। তেওঁৰ সংগ্ৰাম কেৱল আন্দোলন নাছিল, বৰঞ্চ এক সামাজিক জাগৰণ আছিল, যিয়ে ভাৰতৰ চেতনাক নতুন দিশ দিছিল।”
যোৱা বছৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে মহাত্মা ফুলেৰ ২০০ তম জন্মবার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। তেওঁ জোৰ দি কয়, “মহাত্মা ফুলেৰ নীতি আৰু মন্ত্ৰ আমাৰ অনুপ্ৰেৰণা। পিছপৰা আৰু দৰিদ্ৰসকলক অগ্ৰাধিকাৰ দি আমি সমাজত ৰূপান্তৰ আনিব বিচাৰো।”