ইউ পি আইৰ নিয়ম সলনি কৰিব ভাৰতীয় ৰিজার্ভ বেংকে

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
মুম্বাই
 
দেশত ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰখনত যথেষ্ট পৰিৱর্তন আনিবৰ বাবে চিন্তা-চৰ্চা কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে। ফোনৰ জৰিয়তে অর্থাৎ ইউ পি আইৰ ধন প্রেৰণ স্বাভাবিক হৈ পৰিছে যদিও ইয়াৰ লগে লগে অনলাইন জালিয়াতিও বাঢ়িছে। ফলত ৰিজার্ভ বেংকে বৃহৎ অংকৰ ধন লেনদেনৰ সময় বৃদ্ধি বা বিলম্ব কৰাৰ কথা বিবেচনা কৰিছে। 
 
এই নতুন পদ্ধতিৰ নির্দিষ্ট বৃহৎ অংকৰ ধন লেনদেন এঘণ্টা বিলম্ব ঘটোৱাৰ 'কুলিং পিৰিয়ড' প্ৰৱৰ্তন কৰিব পাৰে। এই নিয়মৰ অধীনত ইউ পি আইৰ জৰিয়তে ১০ হেজাৰৰ অধিক টকাৰ হস্তান্তৰ বা লেনদেন নহ'ব। 
 
প্রেৰকৰ একাউণ্টৰ পৰা ধন কাটি নিলেও সেয়া প্রাপকে লগে লগে নাপাব, সেয়া প্রায় এঘণ্টা এই ধন 'হোল্ড' কৰি ৰখা হ'ব। যদিহে এই সময়খিনিত প্রেৰকে কিবা ত্রুটি হোৱা বুলি জানিব পাৰে, তেন্তে এই লেনদেন বাতিল কৰাৰ সুযোগ পাব।