অসমৰ লোকসভা নিৰ্বাচনৰ পৰা কি বিচাৰিছে মুছলমান ৰাইজে ?

Story by  atv | Posted by  [email protected] • 12 d ago
মুছলমান সমাজৰ কেইজনমান ব্যক্তি
মুছলমান সমাজৰ কেইজনমান ব্যক্তি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
আজি অসমত তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। সাধাৰণ জনতাৰ লগতে এই নিৰ্বাচনক লৈ অসমৰ মুছলমান সমাজৰ মাজতো দেখা গৈছে ব্যপক উৎকণ্ঠা। সাধাৰণতে অসমৰ সংখ্যালঘু মুছলমান সমাজক বিজেপি বিৰোধী বুলিয়ে ধাৰণা কৰা হয়। কিন্তু সংখ্যালঘু সমাজৰ বাবে চৰকাৰ কোনে গঠন কৰিব সেইটো বিচাৰ্য বিষয়বস্তু নহয়, সাধাৰণ জনতাৰ কল্যান হোৱাতো বিচাৰে মুছলমান সমাজে। আনকি বহু মুছলমানে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰশংসাত পঞ্চমুখ হোৱাও দেখা গৈছে।
 
গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ তথা বেটেৰী ৰিক্সা চালক পছমিনা বেগমে কয়; "যিহেতু নতুন এখন চৰকাৰ হ'ব, চৰকাৰ যাৰে নহওক, নতুন চৰকাৰে যাতে মূল্যবৃদ্ধিত অলপ নিয়ন্ত্ৰণ আনে। আমি হৈছোঁ সাধাৰণ নাগৰিক। দিনটো কাম কৰি সন্ধিয়া বজাৰ কৰি ঘৰ যাওঁ, মূল্যবৃদ্ধিৰ ফলত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। মই যিহেতু গুৱাহাটীৰে নাগৰিক, মই ইয়াতেই ভোট দিম। উপযুক্ত প্ৰাৰ্থীজনকহে মই মোৰ ভোট প্ৰদান কৰিম।"

"আনহাতে বিজেপি চৰকাৰেও বহু উন্নয়নমূলক কামে কৰিছে। গতিকে বিজেপি চৰকাৰক মই বেয়া বুলি ক'ব নাযাওঁ। বিশেষকৈ মহিলাক বহুতেই প্ৰাধান্য দিছে, সুৰক্ষা দিছে। মহিলা দিয়া অধিকাৰৰ বাবেই হয়টো মই ৰাতি ১১ বজালৈ গাড়ী চলাব পাৰিছোঁ। এতিয়া চৰকাৰে মহিলাক বেছি গুৰুত্ব প্ৰদান কৰাৰ বাবেই হয়তো বহু দুস্কৃতিকাৰীয়ে মহিলাৰ লগত বেয়া কাম কৰিবলৈ ভয় কৰে। গতিকে চৰকাৰে সাধাৰণ মানুহৰ ক্ষতি নোহোৱাকৈ কাম কৰক আৰু অলপ মূল্যবৃদ্ধি অলপ কমাই দিব লাগে, মোৰ সেয়ে অনুৰোধ", পছমিনা বেগমে কয়।
 
গুৱাহাটী বুঢ়া জামে মছজিদৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "নিৰ্বাচনত ভোট দিয়াটো আমাৰ সাংবিধানিক অধিকাৰ। এই ভোট দিব যাওঁতে আমি বহু কথা ভাবি চিন্তি ভোট দিব লাগিব। মোৰ ভোটটোৰ ওপৰত দেশৰ ভবিষ্যত নিৰ্ভৰ কৰিব। মই সাধাৰণ জনতা আহ্বান জনাওঁ যাতে আপোনালোকে ভোট দিয়ে আৰু উপযুক্ত প্ৰাৰ্থীজনক দিয়ে। আপুনি ভোট নিদিয়াকৈ প্ৰতিনিধিজনক সমালোচনা কৰিলে নহ'ব। প্ৰথমতে আপুনি ভোট দিব লাগিব।"
 
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন চৰকাৰৰ পৰা কি আশা কৰে বুলি সোধাত নিজামুল হকে কয়; "যিটো জনসাধাৰণে বিচাৰে সেইটো ময়ো বিচাৰিম। বহু সমস্যা আছে যেনে নিবনুৱা সমস্যা। চৰকাৰে নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক। চৰকাৰে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ক। ঔষধৰ দাম কমাওক। ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনে এইবোৰ বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰক। সমাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখক।"
 
পানবজাৰত অৱস্থিত ঐতিহাসিক  শ্বেইখ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী অলতাফ হুছেইনে কয়; "মোৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিতে ভোট আছে। নিৰ্বাচনৰ বিষয়ে মোৰ ইমান গভীৰ ধাৰণা নাই। কিন্তু ভোট দিয়াটো গণতান্ত্ৰিক দেশ এখনৰ সকলো নাগৰিকৰ অধিকাৰ। সকলোৱে ভোট দিব লাগে। চৰকৰ যিয়েই গঠন কৰে তেওঁলোকে যাতে গৰিব-দুখীয়া মানুহক চাই। সকলোৱে যাতে সাৱলীল জীৱন-যাপন কৰিব পাৰে। শান্তি-সম্প্ৰীতি বৰ্তি থাকিব লাগে।"
 
প্ৰতিনিধিত্বমূলক ফটো
 
হাফিজ ইনামূল হকে কয়; "আমি হ'লো সাধাৰণ মানুহ। কোনো পাৰ্টিৰ লগত আমাৰ ব্যক্তিগত সম্পৰ্ক নাই। চৰকাৰ যাৰেই নহওক, আমাৰ ক'ব লগা নাই। চৰকাৰে কেৱল জনসাধাৰণৰ পক্ষত কাম কৰিব লাগে। মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে, সকলো জাতি-জনজাতিৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তি থাকিব লাগে। নিবনুৱাই সংস্থাপন পাব লাগে।"
 
উল্লেখযোগ্য যে আজি অসমৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ৮০ লাখ ভোটাৰে।