নতুন দিল্লী
ওড়িশাৰ আঞ্চলিক সংযোগ শক্তিশালী কৰা ইণ্ডিয়া ৱান এয়াৰৰ এখন বিমানৰ শনিবাৰে জৰুৰীকালীন অৱতৰণক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতিৰ সূচনা হয়। ভুৱনেশ্বৰৰ পৰা ৰৌৰকেলালৈ যোৱা বিমানখন মুকলি এলেকাত জৰুৰী অৱতৰণ কৰে।
অৱতৰণৰ সময়ত ৯ জনীয়া বিমানখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয়। কাৰিকৰী সমস্যাৰ বাবে পাইলটজনে অৱতৰণ কৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সময়ত জাহাজখনত দুজন ক্ৰু মেম্বাৰকে ধৰি প্ৰায় ৬জন লোক আছিল। সকলো যাত্ৰী আৰু ক্ৰু সুৰক্ষিত আৱস্থাত আছে বুলি জানিব পৰা গৈছে।
ইণ্ডিয়া ৱান এয়াৰৰ চেছনা গ্ৰেণ্ড চি২০৮বি বিমানখন ভুৱনেশ্বৰৰ পৰা প্ৰায় ১২:২৫ বজাত ৰাওনা হয়। প্ৰায় ১:১৪ বজাত ক্ৰুৱে ৰৌৰকেলা এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ললৈ MAY DAY বাৰ্তা প্ৰেৰণ কৰে, য’ত জৰুৰীকালীন পদ্ধতি সক্ৰিয় কৰিবলৈ কোৱা হয়।
প্ৰায় ১:২০ বজাত বিমানখনে ৰৌৰকেলা বিমানবন্দৰৰ পৰা প্ৰায় ১৫ৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কানছৰৰ ওচৰৰ মুকলি ঠাইত জৰুৰী অৱতৰণ কৰে। সেই সময়ত বিমানখনত আছিল চাৰিজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ। অৱশ্যে এঘ ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। যাত্ৰীসকলক উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰা হয়। ইফালে অসামৰিক বিমান পৰিবহণ বিভাগ আৰু সংশ্লিষ্ট সংস্থাই এই ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।