চত্তীশগড়ত ভয়ংকৰ এনকাউণ্টাৰ; শীৰ্ষ নক্সালবাদী নেতা বাসৱৰাজকে ধৰি ৩০ দূধৰ্ষ নক্সালবাদী নিহত

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
চত্তীশগড়

চত্তীশগড়ত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত শীৰ্ষ নক্সালবাদী নেতা নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজকে ধৰি ৩০ জন দূধৰ্ষ নক্সালবাদী নিহত হৈছে। বাসৱৰাজ ভাৰতৰ নিষিদ্ধ ঘোষিত কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ সাধাৰণ সম্পাদক আছিল। 

সূত্ৰই লগতে জনোৱা মতে, সত্তৰৰ দশকৰ পৰা নক্সালবাদী আন্দোলনৰ সৈতে জড়িত বাসৱৰাজক দেশৰ নিৰাপত্তা সংস্থাসমূহে বিচাৰি আছিল আৰু তেওঁক কৰায়ত্ত কৰাৰ বিনিময়ত ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। অৱশেষত নক্সালৰ এইগৰাকী শীৰ্ষ নেতাক জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) বাহিনীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়। 
 
ইয়াৰ পূৰ্বে নাৰায়ণপুৰ জিলাৰ বনাঞ্চল আবুঝমাদ অঞ্চলত নক্সাল বিৰোধী বৃহৎ অভিযান চলি আছিল, য’ত নক্সাল আৰু ডি আৰ জি জোৱানৰ মাজত এনকাউণ্টাৰ সংঘটিত হৈছিল বুলি আৰক্ষী বিষয়া এজনে জনায়।
বুধবাৰে পুৱাৰে পৰা বনাঞ্চলখনত আৰম্ভ হোৱা এই অভিযানত নাৰায়ণপুৰ, বিজাপুৰ আৰু দন্তেৱাড়া জিলাৰ ডি আৰ জি জোৱান জড়িত হৈ পৰে। খবৰ অনুসৰি এই অভিযানত নিৰাপত্তা বাহিনীয়ে নক্সালৰ শীৰ্ষ নেতাজনক ঘেৰাও কৰে। মাওবাদী মেড ডিভিজনৰ জ্যেষ্ঠ কেডাৰৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্যৰ ভিত্তিত চাৰিখন জিলাৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ দলে অঞ্চলটোত অভিযান আৰম্ভ কৰাৰ সময়তে নক্সালবাদীয়ে গুলীচালনা কৰে বুলি বিষয়াগৰাকীয়ে জনায়।
 
তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰৰ সমীপৰ ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত ১৫ জন নক্সাল নিহত হোৱাৰ মাত্ৰ দুসপ্তাহৰ পাছতে এই কথা প্ৰকাশ পাইছে।