নতুন দিল্লী
দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী যাত্ৰাত ইণ্ডিগ' বিমানত অঘটন। মৃত্যুসম অভিজ্ঞতা লাভ কৰে যাত্ৰীসকলে। হঠাৎ হোৱা এটা ভয়ংকৰ অঘটনৰ পাছত দিল্লী-শ্ৰীনগৰ বিমানখন কৰে জৰুৰী অৱতৰণ। কথমপি প্ৰাণৰক্ষা পৰে 6E 2142 নম্বৰৰ ইণ্ডিগো বিমানখনত থকা যাত্ৰীসকলৰ।
যাত্ৰা পথতে ধুমুহা-শিলাবৃষ্টিৰ সন্মুখীন হয় বিমানখন। ধুমুহা-শিলাবৃষ্টিৰ ফলত বিমানখনৰ সন্মুখভাগ ভাঙি যোৱা পৰিলক্ষিত হয়। পাইলটৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে ২ শতাধিক বিমান যাত্ৰীৰ।
দিল্লীৰ পৰা শ্ৰীনগৰলৈ যোৱা বিমানখন আগবাঢ়ি যোৱাৰ লগে লগে মাজ-আকাশত হঠাতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। হঠাৎ অহা শিলাবৃষ্টি আৰু প্ৰচণ্ড ধুমুহাই বিমানখন কঁপাই তুলিলে। বিমানখন দ্ৰুতগতিত কঁপিবলৈ ধৰিলে আৰু যাত্ৰীসকলে চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে।
সেই সময়ত উৰাজাহাজখনত থকা ২২৭গৰাকী লোকে অনুভৱ কৰিছিল যে তেওঁলোকৰ জীৱন যেন তাতেই শেষ হ’ব। কিন্তু তাৰ পাছত পাইলটে কৌশলী উপস্থিতি বুদ্ধিৰে লগে লগে শ্ৰীনগৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰললৈ জৰুৰীকালীন সংকেত প্ৰেৰণ কৰে। ইয়াৰ পাছত যি হ’ল, সেইটোৱেই সকলোকে সকাহ দিলে।
অৱশেষত সন্ধিয়া ৬:৩০ বজাত শ্ৰীনগৰ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। বিমানখনত থকা ২২৭ জন যাত্ৰী আৰু ক্ৰু সদস্য এতিয়া সম্পূৰ্ণ নিৰাপদ। ইণ্ডিগ’ৰ এক বিবৃতিত কোৱা হৈছে যে কেবিন ক্ৰুৱে নিৰ্ধাৰিত সকলো পদ্ধতি মানি চলা আৰু যাত্ৰীসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে।
ইণ্ডিগোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে এই কাণ্ডৰ পাছত বিমান সংস্থাটোৱে বিমানখনক “Aircraft On Ground” অৰ্থাৎ AOG বুলি ঘোষণা কৰিছে। অৰ্থাৎ এই বিমানখন বৰ্তমান উৰণৰ বাবে অনুপযোগী। এতিয়া ইয়াৰ কাৰিকৰী পৰিদৰ্শন আৰু প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ কৰা হ’ব। পৰিদৰ্শন সম্পূৰ্ণ নোহোৱালৈকে বিমানৰ কাম-কাজ পুনৰ আৰম্ভ কৰিব নোৱাৰিব।
বিমানখন অৱতৰণ কৰাৰ লগে লগে শ্ৰীনগৰ বিমানবন্দৰ সক্ৰিয় হৈ পৰে। যাত্ৰীসকলক আৰাম আৰু প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰা হয়। ইণ্ডিগোৱে কয় যে যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত হৈ আছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱা হৈছে। নিৰাপত্তা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতহে পুনৰ বিমানখনে উৰা মাৰিব পাৰিব।