গুৱাহাটী
“অসমৰ মনোমোহা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যবোৰ কেৱল প্ৰাকৃতিক সম্পদৰ ভৰাঁলেই নহয়। এইবোৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যৰো ধ্বজাবাহক। সম্পদেৰে ভৰপূৰ এই সংৰক্ষিত অঞ্চল সমূহৰ বহনক্ষম সংৰক্ষণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটী কৰা নাই।” ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অনুষ্ঠিত কৰা “চতুৰ্থ ওৰাং প্ৰকৃতি শিবিৰ ২০২৫” শনিবাৰে উদ্বোধন কৰি অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড: বিনয় গুপ্তাই এই মন্তব্য কৰে।
চাৰিদিনীয়া এই অৱাসিক প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সম্বোধি ড: গুপ্তাই কয় যে এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আয়োজিত এনে শিবিৰে তেওঁলোকক প্ৰকৃতিৰ কোলাত বহি প্ৰকৃতিক নিৰীক্ষণ কৰি জৈৱ বৈচিত্ৰ্যৰ বিষয়ে জ্ঞান আহৰণৰ সুযোগ দিব।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া ছখন মাধ্যমিক বিদ্যালয়ৰ ৩২ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰটোৰ উদ্বোধনী অনুষ্ঠানত ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক প্ৰদীপ্ত বৰুৱা আৰু আৰণ্যকৰ সচিব প্ৰধান ড: বিভৱ কুমাৰ তালুকদাৰো উপস্থিত থাকে।
ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক প্ৰদীপ্ত বৰুৱাই শিক্ষাৰ্থী আৰু তেওঁলোকৰ সৈতে অহা শিক্ষক সকলক ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই আৰণ্যকৰ সহযোগত পূৰ্বে অনুষ্ঠিত কৰা তিনিটা অনুৰুপ আৱাসিক শিবিৰত অংশগ্ৰহণকাৰী সকলে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে । তেওঁ শিক্ষাৰ্থী সকলক তেওঁলোকক এই শিবিৰত যি শিকোৱা আৰু দেখুওৱা হয় তাৰ ওপৰত মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে এইবোৰে তেওঁলোকক প্ৰকৃতিৰ জ্ঞানেৰে সমৃদ্ধ একোজন দক্ষ আৰু সু নাগৰিক হোৱাতসহায় কৰিব।
আৰণ্যকৰ সচিব প্ৰধান ড: বিভৱ কুমাৰ তালুকদাৰে এই শিবিৰ অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ বাবে ৰাজ্যৰ বন বিভাগ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক কৃতজ্ঞতা জনায়। তেওঁ শিক্ষাৰ্থী সকলক প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্য সম্পৰ্কে বিভিন্নজন বিশেষজ্ঞই শিকোৱা বিষয়বোৰ মনোযোগ দি আয়ত্ব কৰিবলৈ আহ্বান জনায় আৰু কয় যে তেওঁলোকে ইয়াত শিকা কথাবোৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজতো বিয়পাই দিব বুলি আশা কৰা হৈছে যাতে তেওঁলোকৰ জৰিয়তে এই শিবিৰৰ বাৰ্তা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজলৈ বিয়পাব পৰা যায়।
বৃটেইনৰ “ডি ডব্লিউ এছ এফ”ৰ সমৰ্থনত আৰণ্যকে ১৭ৰ পৰা ২০ মে’লৈ অনুষ্ঠিত কৰা প্ৰকৃতি শিবিৰটোৰ আয়োজনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বন বিষয়াবৰ্গৰ লগতে “ৱাইল্ড উইংগছ”ৰ প্ৰখ্যাত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ নেজিব আহমেদ, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ আৰু বাহাৰুল ইছলামকে ধৰি স্থানীয় বন্যপ্ৰাণী অনুৰাগী সকলে সহযোগিতা আগবঢ়ায়।
আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰবন্ধক তথা এই শিবিৰ লানিৰ আয়োজনৰ মূল ব্যক্তি আৰিফ হুছেইনে কয় যে অংশগ্ৰহণকাৰী শিক্ষাৰ্থী সকলৰ মাজত জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতিৰ প্ৰাসংগিকতা আৰু গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই শিবিৰ অনুষ্ঠিত কৰা হৈছে।
শিয়ালমাৰী হাই স্কুল, বল্লৱভাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেছিমাৰী মধ্য এংৰাজী মাদ্ৰাছা, শংকৰদেৱ জাতীয় বিদ্যালয়, কেৰামত আলী মধ্য ঈএৰাজী বিদ্যালয়, বৰছলা হাই স্কুল আৰু ফটাশিমলু মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শিবিৰটোত অংশগ্ৰহণ কৰে। শিবিৰত কেইবাজনো জ্যেষ্ঠ বন বিষয়া আৰু পৰিৱেশ বিশেষজ্ঞই শিক্ষাৰ্থী সকলক পাঠদান কৰে। শিক্ষাৰ্থী সকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ভ্ৰমণ কৰোৱা হয়।