গুৱাহাটী
ৰাজ্যৰ ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ দিশত বৃহৎ পদক্ষেপ গ্ৰহণ অসম চৰকাৰৰ। দেওবাৰে উত্তৰ গুৱাহাটীৰ ৰংমহলত স্থাপন কৰা হয় সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নাৰিকল ভাঙি সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলাৰ শুভাৰম্ভণি কৰে।
অসমবাসীৰ তৰফৰ পৰা দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক স্বাগত জনাই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী ন্যায়াধীশক স্বাগতম মুখ্যমন্ত্ৰীৰ। ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি অসমবাসীৰ বাবে এটা অন্যতম গুৰুত্বপূৰ্ণ দিন। জন্মলগ্নৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে দি অহা চহকী অৱদানক অসমবাসীয়ে সুঁৱৰিব৷ মোৰ ‘প্ৰফেছনেল’ জীৱন গুৱাহাটী উচ্চ ন্যায়ালয়তে আৰম্ভ কৰিছিলোঁ৷ প্ৰায় এটা দশক মই গুৱাহাটী উচ্চ ন্যায়ালয়ত কাম কৰিছিলোঁ।’’
'কেইবাটাও স্থান পৰিদৰ্শন কৰাৰ পাছত সেই সময়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰংমহলক নিৰ্বাচিত কৰিছিল ১৪৮ বিঘা মাটি অধিগ্ৰহণ কৰা হৈছিল উচ্চ ন্যায়ালয়ৰ বাবে' মুখ্যমন্ত্ৰীয়ে কয়।
নাৰেংগী-কুৰুৱা দলং আৰু গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ পাছত ৰংমহলৰ মাটিৰ দাম বৃদ্ধি পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘৩১টা কোৰ্ট ৰূম থাকিব নতুন ভৱনত, য’ত অধিবক্তাসকলে কোৰ্ট ৰূমত বহি গোচৰৰ শুনানি চাব পাৰিব৷ ৩০০ চেম্বাৰ, ২ হাজাৰ অধিবক্তা বহিব পৰা গ্ৰন্থাগাৰৰ ব্যৱস্থা থাকিব৷ ৬৫খন আদালত আৰু ন্যায়াধিকৰণ সন্নিবিষ্ট কৰা হ’ব। জিলা ন্যায়িক আদালতৰ বাবে ২ হাজাৰ অধিবক্তা বহিব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব।’’
তেওঁ কয়, ‘‘অত্যাধুনিক এখন কেফেটেৰীয়া থাকিব, এখন হাস্পতালো নিৰ্মাণ কৰা হ’ব ন্যায়িক আদালত চৌহদত। ফেব্ৰুৱাৰী মাহৰ মাজভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলং মুকলি হ’ব। দলং মুকলি হ’লে ফাঁচীবজাৰৰ পৰা ৰংমহললৈ মাত্ৰ ৮-৯ মিনিটৰ প্ৰয়োজন হ’ব। নাৰেংগী-কুৰুৱা দলংখন হ’লে ৰংমহললৈ মাত্ৰ ৭-৮ কিলোমিটাৰ দূৰত্ব হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন ডিজিটেল হ’ব৷ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব৷ গোচৰৰ শুনানিৰ ক্ষেত্ৰতো দূৰত্ব হ্ৰাস পাব। বিকাশ আৰু ঐতিহ্য, দুয়োটাকে সন্মুখত লৈ আমি নতুন সপোন দেখোঁ।’’