৬০ শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস দেশৰ ৮ খন ৰাজ্যত

Story by  atv | Posted by  [email protected] • 1 Years ago
৬০ শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস দেশৰ ৮ খন ৰাজ্যত
৬০ শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস দেশৰ ৮ খন ৰাজ্যত
 
নতুন দিল্লী
 
জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ পৰা বিশ্বৰ কোনো দেশেই মুক্ত নহয়। তাৰ মাজতে চলিত মাহটোৰ আধাখিনি সময়েই দেশৰ অধিকাংশ ৰাজ্যৰ কৃষকে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। জলবায়ু পৰিবৰ্তনৰ পৰিণতিত যোৱা ২০ জানুৱাৰীপর্যন্ত দেশজুৰি বৰষুণৰ পৰিমাণ ৬০ শতাংশলৈ হ্রাস পায়।
 
দেশৰ ৮ খন এনেকুৱা ৰাজ্য আছে, য'ত জানুৱাৰী মাহত ৬০ শতাংশ পানীৰ নাটনি পৰিলক্ষিত হয়। সেইদৰে ১৩ ৰাজ্যতো বৰষুণৰ পৰিমাণ যথেষ্ট হ্রাস পায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি এই তথ্য সদৰী কৰিছে।
 
চলিত মাহত এতিয়ালৈকে জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডত সামান্য পৰিমাণে বৰষুণ হয়। বৰষুণৰ নাটনিৰ ফলত ৰবি শস্যৰ খেতি নষ্ট হোৱাৰ উপক্রম ঘটিছে দেশৰ কেইবাখনো ৰাজ্যত।