মহাকাশ অভিযানত উত্তৰ-পূবৰ প্ৰথমটো খোজ; আজি উৎক্ষেপণ হ’ব Lachit-1 কৃত্ৰিম উপগ্ৰহ

Story by  atv | Posted by  [email protected] • 2 h ago
মহাকাশ অভিযানত উত্তৰ-পূবৰ প্ৰথমটো খোজ; আজি উৎক্ষেপণ হ’ব Lachit-1 কৃত্ৰিম উপগ্ৰহ
মহাকাশ অভিযানত উত্তৰ-পূবৰ প্ৰথমটো খোজ; আজি উৎক্ষেপণ হ’ব Lachit-1 কৃত্ৰিম উপগ্ৰহ
 
গুৱাহাটী
 
মহাকাশ গৱেষণা ক্ষেত্ৰত এক ঐতিহাসিক অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অসম ডনবস্কো বিশ্ববিদ্যালয়ে। আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ই অন্ধ্ৰ প্ৰদেশৰ সতীশ ধাৱন উৎক্ষেপণ পেডৰ পৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ ‘লাচিত-1’ PSLV- C-62 ৰকেট উৎক্ষেপণ কৰিব।
 
অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক তথা ১৭ শতিকাতে মোগলৰ সৈতে যুঁজি জাতিটোক ৰক্ষা কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ অৱদানক সুঁৱৰি এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছে লাচিত বৰফুকনৰ নামেৰে । ‘lachit-1’ কেৱল প্ৰযুক্তিগত সাফল্যই নহয়, উত্তৰ-পূব ভাৰতৰ পৰিচয়, ইতিহাস আৰু গৌৰৱৰ প্ৰতীক হিচাপেও গণ্য কৰা হ’ব।
 
‘লাচিত-1’ উপগ্ৰহটো নিৰ্মাণৰ সৈতে জড়িত উত্তৰ-পূবৰ শিক্ষাৰ্থীসকল (ISRO)
 
ADBU ৰ নিজা পুঁজিৰে এই উপগ্ৰহটো নিৰ্মাণ কৰা হৈছে আৰু গুৱাহাটীৰ সমীপৰ ADBU ৰ টাপেচিয়া কেম্পাছত মিছন কণ্ট্ৰল ৰুম নামেৰে জনাজাত এটা কমাণ্ড চেণ্টাৰ স্থাপন কৰা হৈছে। ধ্ৰুৱ স্পেচৰ ডি এছ অ’ ডি-1 ইউ পৃথকীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰি কক্ষপথত লাচিত-1 নিয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে।
 
হায়দৰাবাদস্থিত মহাকাশ প্ৰযুক্তি কোম্পানী ধ্ৰুৱ স্পেচৰ প’লাৰ এক্সেছ-1 কাৰ্যসূচীৰ অধীনত ‘লাচিত-1’ উপগ্ৰহটো নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ পাঁচখন ৰাজ্য, অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক এই প্ৰকল্পৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি জানিব পৰা গৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত কয় যে এই উপগ্ৰহ অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ মহাকাশ প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিছিল, যিয়ে ভৱিষ্যতে উত্তৰ-পূব ভাৰতৰ যুৱ প্ৰজন্মক মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি অনুপ্ৰাণিত কৰিব।
‘লাচিত-1’ উৎক্ষেপণৰ জৰিয়তে উত্তৰ-পূব ভাৰতে প্ৰথমবাৰৰ বাবে দেশৰ মহাকাশ অভিযানত নিজাকৈ খোপনি পুতিবলৈ ওলাইছে। এয়া কেৱল উপগ্ৰহ উৎক্ষেপণ নহয়, আঞ্চলিক শিক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি হিচাবে পৰৱৰ্তী সময়ত বিবেচিত হ’ব।
 
‘লাচিত-1’ উপগ্ৰহটো নিৰ্মাণৰ সৈতে জড়িত থকা শিক্ষাৰ্থী তথা শিক্ষকৰ দলটোক শুভেচ্ছা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে আন বহু বিধায়ক সাংসদে ৷