নতুন দিল্লী
দেওবাৰে পুৱা হোৱা প্ৰচণ্ড ধুমুহাই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান সেৱা চলাচলৰ ক্ষেত্ৰত ব্যাঘাত জন্মায়। প্ৰচণ্ড বৰষুণ আৰু অশুভ বতৰৰ মাজতে ৪৯ খন বিমান ডাইভাৰ্ট আৰু প্ৰায় ২০০খন বিমান চলাচলত পলম হয়।
শনিবাৰে গভীৰ নিশা ৰাষ্ট্ৰীয় ৰাজধানীত ধুমুহাই আঘাত হানে আৰু নিশা ১১:৩০ বজাৰ পৰা ৪:০০ বজাৰ ভিতৰত ১৭খন আন্তঃৰাষ্ট্ৰীয় বিমানকে ধৰি ৪৯ খন বিমান অন্য বিমানবন্দৰলৈ ডাইভাৰ্ট কৰিবলগীয়া হৈছে। ফ্লাইট ৰাডাৰ ২৪ৰ তথ্য অনুসৰি, ধুমুহাৰ সময়ত বিমানসমূহে নিৰাপদে অৱতৰণ বা উৰা মাৰিব নোৱাৰাৰ বাবে গড়ে প্ৰায় ৪৫ মিনিট পলম হৈছিল। বিজুলী আৰু প্ৰচণ্ড বতাহৰ বাবে বিমানৰ কাম-কাজ যথেষ্ট লেহেমীয়া হয়।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, দিল্লীত ঘণ্টাত ৮২ কিলোমিটাৰ পৰ্যন্ত বতাহৰ ধুমুহা বলিছে আৰু শনিবাৰে নিশা ১১:৩০ বজাৰ পৰা দেওবাৰে পুৱা ৫:৩০ বজাৰ ভিতৰত ৬ ঘণ্টাত ৮১.২ মিলিমিটাৰ বৰষুণ হৈছে।
দিল্লী বিমানবন্দৰে পুৱা ৬:৫০ বজাত ৰাজহুৱা পৰামৰ্শ জাৰি কৰি ধুমুহাৰ বাবে বাধাৰ সৃষ্টি হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। পৰামৰ্শৱালীত লিখা আছিল, "যোৱা নিশা প্ৰতিকূল বতৰৰ বাবে কিছুমান বিমানৰ প্ৰভাৱ পৰিছে। যাত্ৰীসকলক নিয়মিতভাৱে নিজৰ বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু তথ্যৰ বাবে বিমান সংস্থাৰ কৰ্মচাৰীৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আমাৰ অন-গ্ৰাউণ্ড দলসমূহে সকলো অংশীদাৰৰ সৈতে অধ্যৱসায়ীভাৱে কাম কৰি যাত্ৰীসকলৰ এক নিৰৱচ্ছিন্ন আৰু কাৰ্যক্ষম অভিজ্ঞতা নিশ্চিত কৰিছে।"
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভাৰতৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা যাতায়ত চলাচল কৰে। শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত আই এম ডিয়ে দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি তীব্ৰ ধুমুহা, প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহ দুইৰ পৰা তিনি ঘণ্টা ধৰি অব্যাহত থকাৰ সম্ভাৱনাৰ সতৰ্কবাণী প্ৰকাশ কৰে। ধুমুহাৰ ফলত চহৰৰ কেইবাটাও স্থানত ব্যাপকভাৱে পানী জমা হোৱাৰ লগতে গছ-গছনি উভালি পেলোৱাৰ লগতে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে।