পুনে
পুনেত হঠাৎ হোৱা এজাক বৰষুণে প্ৰেমৰ বান্ধোনেৰে একত্ৰিত কৰিছে ভিন্নধৰ্মীৰ দুহাল দম্পতী আৰু তেওঁলোকৰ পৰিয়ালক। বৰষুণৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাত চেতন কাৱাড়েৰ কন্যা সাংস্কৃতিৰ বিবাহৰ অনুষ্ঠানত বাধা আহি পৰিছিল। তেনে ক্ষেত্ৰত কাৱাড়েৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে উদাৰ মনোভাৱৰ কাজীৰ পৰিয়ালে। যিয়ে ভাতৃত্ববোধৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।
২০ মে’ৰ সন্ধিয়া কাৱাড়ে তেওঁৰ কন্যা সাংস্কৃতিৰ দৰা নৰেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালক আদৰিবলৈ সাজু হৈছিল, সেই সময়তে মহাৰাষ্ট্ৰৰ পুনেত ধুমুহা আৰু প্ৰচণ্ড বৰষুণে আঘাত হানে। তেওঁলোকে দৰা আৰু অতিথিসকলক বিবাহ হলৰ ভিতৰলৈ লৈ যাব পৰা নাছিল, কিয়নো বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া ৱানৱ’ৰী অঞ্চলৰ ৰাজ্যিক সংৰক্ষিত আৰক্ষী বাহিনীৰ চৌহদৰ সমীপৰ আলনাক্ৰান গাৰ্ডেনৰ ল’নবোৰ পানীৰে ভৰি পৰিছিল।
সাংস্কৃতি আৰু নৰেন্দ্ৰৰ বিবাহ সন্ধিয়া ৬:৫৬ বজাত অনুষ্ঠিত হোৱা কথা আছিল আৰু সময় দ্ৰুতগতিত ওচৰ চাপি আহিছিল। তেওঁলোকৰ পৰিয়ালে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ সন্মুখত হতাশ হৈ পৰিছিল, তেওঁলোকে এনে পৰিস্থিতিত কেনেকৈ মোকাবিলা কৰিব লাগে তাৰ কোনো ধাৰণা কৰিব পৰা নাছিল।
প্ৰতিনিধিত্বমূলক
আমোদজনক কথাটো হ’ল, একেটা স্থানতে আন এটা হলৰ ভিতৰত এজন নৱবিবাহিত মহচিন আৰু মহীনৰ বাবে অভ্যৰ্থনা (ৱালিমা) আয়োজন কৰাত ব্যস্ত আছিল, যি আছিল এটা কাজী পৰিয়ালৰ বিবাহৰ অনুষ্ঠান। ভয় আৰু দ্বিধাবোধেৰে সংস্কৃতিৰ পিতৃ চেতন কাৱাড়ে কাজী পৰিয়ালক সুধিলে যে, হলঘৰৰ ভিতৰতে হিন্দু বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব নেকি? কাজী পৰিয়ালে আনন্দৰে তেওঁলোকক ঠাই দিলে। মহছিনৰ পিতৃ ফাৰুক কাজীয়ে লগে লগে হয় কিয় নোৱাৰিব বুলি ক’লে।
শুভাকাংক্ষা আৰু আনন্দৰ চিঞৰ-বাখৰৰ মাজতে, মহছিন আৰু মহীনে ৱালিমা অনুষ্ঠিত কৰা একেটা হলঘৰতে, কিছু মুহূৰ্তৰ আগতে সংস্কৃতি আৰু নৰেন্দ্ৰৰ বিয়াখন গম্ভীৰভাৱে পালন কৰা হৈছিল।
দুয়োটা দম্পতীয়ে নিজৰ অনন্য অভিজ্ঞতাৰ স্মৃতি হিচাপে ফটোৰ বাবে পোজ দিছিল আৰু আনন্দৰ ভাগ বতৰা কৰিছিল। সংস্কৃতিৰ পিতৃ চেতন কাৱাড়ে অভিজ্ঞতা ব্যক্ত কৰি কয়, "দৰাজন গেট পোৱাৰ লগে লগে বৰষুণ আৰম্ভ হৈছিল। কাষৰ হলঘৰটোত মুছলমান বিয়া এখন চলি আছিল। আমি কাজী পৰিয়ালৰ পৰা অনুমতি বিচাৰিলোঁ, আৰু তেওঁলোকে লগে লগে সন্মতি প্ৰদান কৰিলে।"
সংস্কৃতিৰ মাতৃয়ে কয়, “বছৰ বছৰ ধৰি একমাত্ৰ ছোৱালীজনীৰ বিয়াৰ সপোন দেখিছিলোঁ৷ আমি সকলো প্ৰস্তুত কৰিছিলোঁ — শাৰী, গহনা, সকলো। কিন্তু বৰষুণজাকে কেৱল সজ্জাবোৰেই নহয় মোৰ সপোনবোৰো উটুৱাই লৈ গ’ল। প্ৰকৃতিৰ আগত মানুহৰ অহংকাৰ কিমান সৰু হয় সেয়ী মই উপলব্ধি কৰিলোঁ। তেওঁলোকৰ (কাজী পৰিয়ালৰ) সহায় অবিহনে মই ইয়াৰ পৰা ৰক্ষা পৰিব নোৱাৰিলোহেঁতেন। আমি অতি সোনকালে মহছিনৰ পিতৃ ফাৰুক কাজীক লগ কৰি ধন্যবাদ দিম।"
নৱবিবাহিতা দম্পতী মহীন-মহছিন আৰু নৰেন্দ্ৰ-সাংস্কৃতি
সেই মুহূৰ্তটো বহুতৰে বাবে আৱেগিক আছিল। এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "লনখন বানপানীত বুৰ গৈছিল, মানুহ চিন্তিত হৈছিল, আৰু বিয়াৰ অনুষ্ঠানটোও বিপদত পৰিছিল। কিন্তু যেতিয়া মুছলমান পৰিয়ালে আমাৰ দুখ দেখিছিল, তেতিয়া তেওঁলোকে নিজৰ অনুষ্ঠান বন্ধ কৰি দিছিল, আৰু একেটা মণ্ডপতে সংস্কৃতি আৰু নৰেন্দ্ৰৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।"
মহছিনৰ পিতৃ ফাৰুক কাজী এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতিথিসকলক আমোদ দিয়াত ব্যস্ত হৈ থকাৰ সময়তে চেতন কাৱাড়ে তেওঁৰ অনুৰোধ লৈ তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ কয়, "কাৱাড়ে পৰিয়ালে মোৰ ওচৰলৈ আহি পৰিস্থিতিৰ বিষয়ে বুজাই দিলে। আমি আমাৰ অনুষ্ঠান বন্ধ কৰি তেওঁলোকক অনুষ্ঠানৰ বাবে মঞ্চ দিলোঁ। আমি সংস্কৃতিক আমাৰ কন্যা বুলি গণ্য কৰিলোঁ। মানৱতাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। কঠিন সময়ত আমি সদায় ইজনে সিজনক সহায় কৰা উচিত।"
সংস্কৃতিৰ খুড়াক সঞ্জয়ে কয় যে, "দুটা ভিন্ন ধৰ্মৰ দুখন বিয়া একেটা হলতে সম্পন্ন কৰা হৈছিল। যিয়ে প্ৰমাণ কৰে যে, ধৰ্মতকৈ মানৱতা ডাঙৰ। অতিথিসকল বৰ আপ্লুত হৈছিল; সকলোৱে একেলগে খাবলৈ বহি ইয়াক ভাৰতৰ "গংগা-জামণি সভ্যতা"ৰ জীৱন্ত প্ৰদৰ্শন বুলি অভিহিত কৰিছিল।
আৱেগিক হৈ চেতন কাৱাড়ে কয়, "মই গোটেই জীৱন মোৰ ছোৱালীজনীৰ বাবে এখন বিশাল বিবাহ অনুষ্ঠানৰ সপোন দেখিছিলো। যদিও বৰষুণে সকলো ধ্বংস কৰি পেলালে, কাজী পৰিয়ালে আমাক বিবাহ অনুষ্ঠানৰ বাবে ঠাই দিলে। তেওঁলোকৰ দয়া মই কেতিয়াও পাহৰিব নোৱাৰো।"