নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে, অপাৰেচন সেন্দুৰ কেৱল সামৰিক অভিযান নহয়, বৰঞ্চ ই 'পৰিৱৰ্তিত ভাৰতৰ প্ৰতিচ্ছবি' যিয়ে দেশৰ সংকল্প, সাহস, আৰু বিশ্বৰ মঞ্চত ক্ৰমবৰ্ধমান শক্তিক প্ৰতিফলিত কৰে।
মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান 'মান কি বাত'ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "আজি সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে, ক্ষোভ আৰু দৃঢ়তাৰে ভৰি পৰিছে।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সেন্দুৰক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰশংসা কৰি ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু উদ্দেশ্যৰ স্পষ্টতাৰ প্ৰতীক বুলি অভিহিত কৰিছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অপাৰেচন সেন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সঞ্চাৰ কৰিছে। ভাৰতীয় সেনা বাহিনীয়ে সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী আন্তঃগাঁথনিত যি নিখুঁতভাৱে আক্ৰমণ চলাইছিল, সেই কথা তেওঁ 'অসাধাৰণ' বুলি প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে, এই অভিযান এককালীন সামৰিক কাৰ্য্য নহয়, বৰঞ্চ ই পৰিৱৰ্তিত আৰু সংকল্পবদ্ধ ভাৰতৰ প্ৰতিফলনহে।
তেওঁ কয় যে অপাৰেচন সেন্দুৰ হৈছে আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু সমগ্ৰ দেশতে গভীৰভাৱে অনুৰণন ঘটোৱা অভিযানৰ প্ৰভাৱৰ ওপৰত গভীৰভাৱে আলোচনা কৰে।
অভিযানৰ সফলতাৰ পিছতে ছ'চিয়েল মিডিয়াত দেশপ্ৰেমমূলক কবিতাৰ পৰা আৰম্ভ কৰি শিশুৰ চিত্ৰকলা আৰু বিশাল ত্ৰিৰংগা যাত্ৰালৈকে সশস্ত্ৰ বাহিনীক শ্ৰদ্ধাঞ্জলি জনাই ধাৰাবাহিকভাৱে ইংগিত দিয়া হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বহু চহৰত যুৱক-যুৱতীসকলে স্বেচ্ছাই নাগৰিক প্ৰতিৰক্ষাৰ বাবে কাম কৰিছিল, কবিতা লিখিছিল, সংকল্পৰ গীত গাইছিল আৰু শিশুসকলে শক্তিশালী বাৰ্তা কঢ়িয়াই অনা ছবি নিৰ্মাণ কৰিছিল।
শেহতীয়াকৈ বিকানেৰ ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে, য'ত তেওঁক শিশুৱে নিৰ্মাণ কৰা ছবি উপহাৰ দিয়া হৈছিল। তেওঁ কয় যে, কাটিহাৰ আৰু কুশনগৰৰ দৰে চহৰত পৰিয়ালসমূহে অপাৰেচন সেন্দুৰৰ সন্মানত নিজৰ নৱজাতকৰ নাম 'সেন্দুৰ' ৰাখিছিল।
'আত্মনিৰ্ভৰ ভাৰত'ৰ মনোভাৱ অনুসৰণ কৰি এই অভিযানৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ঘৰতে উৎপাদিত প্ৰতিৰক্ষা ক্ষমতাক কৃতিত্ব দিয়ে। তেওঁ কয়, "ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ, সঁজুলি আৰু প্ৰযুক্তিৰ শক্তিৰ সমৰ্থনত আমাৰ জোৱানসকলৰ এইটো আছিল চূড়ান্ত সাহস।"
অপাৰেচন সেন্দুৰৰ পিছত 'ভ'কেল ফৰ লোকেল' অভিযানৰ দিশত সমগ্ৰ দেশতে নৱীকৃত শক্তিৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, এই অভিযানে কেৱল দেশপ্ৰেমৰ প্ৰেৰণা দিয়াই নহয়, আত্মনিৰ্ভৰশীলতাৰ মনোভাৱো শক্তিশালী কৰিছে।