এহছান ফাজিলি / শ্ৰীনগৰ
বিগত কেইবছৰমানৰ পৰা ভূস্বৰ্গ কাশ্মীৰত পৰ্যটকৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছিল, যদিও যোৱা ২২ এপ্ৰিলত সংঘটিত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কাশ্মীৰলৈ যোৱা পৰ্যটকৰ সংখ্যা সাময়িকভাৱে বন্ধ হৈ পৰিছিল। যি আক্ৰমণত ২৫ জন পৰ্যটকৰ লগতে এজন স্থানীয় ঘোঁৰাচালকৰ মৃত্যু হৈছিল। কিন্তু এই ঘটনাৰ এমাহত ওকলি যোৱাৰ পিছত এই কথা প্ৰকাশ পাইছে যে, সম্প্ৰতি কাশ্মীৰত পৰ্যটকৰ স্বাভাৱিক প্ৰবাহ পুনৰ আৰম্ভ হৈছে।
কেন্দ্ৰীয় আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ লগতে পৰ্যটন বাণিজ্যিক অংশীদাৰসকলে কাশ্মীৰ ভ্ৰমণ কৰা পৰ্যটকসকলৰ মাজত প্ৰদান কৰা নিৰাপত্তা আৰু শান্তিপূৰ্ণ পৰিৱেশৰ ওপৰত আস্থা জগাই তোলাত সফল হৈছে। যাৰ বাবেই কাশ্মীৰত পৰ্যটকৰ স্বাভাৱিক প্ৰবাহ পুনৰ আৰম্ভ হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ১৫ মে’ত পৰ্যটনৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকৰ চিন্তাৰ বিষয়ে শুনাৰ লগতে অঞ্চলটোৰ পৰ্যটনত ওপৰত প্ৰভাৱ পেলোৱা প্ৰতিকূল পৰিস্থিতিৰ পিছত কাশ্মীৰৰ পৰ্যটন খণ্ডৰ বাবে আগবাঢ়ি যোৱাৰ পথৰ বিষয়ে আলোচনা কৰিব পৰা যায়। তেওঁলোকে পৰ্যটন ক্ষেত্ৰখন পুনৰুজ্জীৱিতকৰণৰ এক বিস্তৃত আৰু সুচিন্তিত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰী আব্দুল্লাই কয়, "আপোনালোকৰ বিবেচনাৰ বাবে মোৰ পৰামৰ্শ যে, আমি কোনো খৰখেদা নকৰাকৈয়ে চিন্তাশীলভাৱে এই পৰিকল্পনা গঢ় দি চূড়ান্ত কৰিব লাগিব। এইবাৰৰ অমৰনাথ যাত্ৰা সমাপ্ত হোৱাৰ পাছত পৰ্যটন বিভাগৰ সহযোগত এক শক্তিশালী পৰ্যটন পুনৰুজ্জীৱন কৌশল প্ৰস্তুত কৰিব লাগিব বুলি তেওঁ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে, পেকেজেত হোটেল, হাউচবোট, শ্বিকাৰা, টেক্সি, হস্তশিল্প আৰু ডুবাইৰ লাইনত অনন্য শ্বপিং উৎসৱৰ দৰে উদ্ভাৱনীমূলক আৰ্হি অন্বেষণ কৰিব লাগিব।"
পহলগাম কাণ্ডৰ পিছত বৰ্তমান কাশ্মীৰৰ পৰ্যটনৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। কাশ্মীৰৰ বাবে প্ৰচাৰ অভিযান চলাব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰাৰ পিছত কিছু প্ৰশ্নও উদ্ভৱ হবলৈ আৰম্ভ কৰিছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়েও ইয়াক অতি আগ্ৰাসী আৰু ইতিবাচকভাৱে লৈছে বুলি ট্ৰেভেল এজেণ্টছ এছ’চিয়েশ্যন অৱ কাশ্মীৰৰ প্ৰাক্তন সভাপতি পীৰজাদা ফায়াজ আহমেদে আৱাজ দ্য ভইচ'ক জনাইছে। তেওঁ কয় যে, কাশ্মীৰত বজাৰৰ বাবে একাংশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনো আগবাঢ়ি আহিছে।
প্ৰতিনিধিত্বমূলক ছবি
আহমেদে আশা প্ৰকাশ কৰিছে যে, ভাৰত চৰকাৰ আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ সহযোগত পুনৰ এবাৰ পৰ্যটনৰ বিকাশ ঘটিব আৰু বৃহৎ সংখ্যক লোক কাশ্মীৰলৈ আহিব। পৰ্যটন আমাৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ উপাদান, যিয়ে আমাৰ জিডিপিত যথেষ্ট অৰিহণা যোগায়। পহলগাম কাণ্ডৰ বাবে ঋতুৰ মাজভাগত অঞ্চলটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। যিয়ে অংশীদাৰসকলক দেউলীয়াৰ পৰ্যায়লৈ লৈ গৈছে।
এই কঠিন সময়ত এই অংশীদাৰসকলক চৰকাৰৰ সহায়ৰ প্ৰয়োজন বুলিও তেওঁ কয়। শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টেক্সি অপাৰেটৰসকলে যুদ্ধবিৰতিৰ পিছত ৭ মে’ৰ পৰা ১২ মে’লৈ নিজৰ সেৱা স্থগিত কৰি ৰখাৰ পিছত শ্ৰীনগৰলৈ বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে আশাৰ ৰেঙণি দেখিবলৈ পাইছে। এয়াৰপৰ্ট টেক্সি ষ্টেণ্ড ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি মহম্মদ আশ্ৰফ ল'নে 'আৱাজ দ্য ভইচ'ক জনোৱা মতে, এতিয়ালৈকে এশজনতকৈও কম পৰ্যটক এই বিমানবন্দৰলৈ আহিছে। যিটো যোৱা কেইদিনমানত ৩০ৰ পৰা ৫০লৈ বৃদ্ধি পাইছে।
পহলগাম কাণ্ডৰ পূৰ্বে প্ৰতিদিনে প্ৰায় ১২ হাজাৰ পৰ্যটকৰ আগমন আৰু প্ৰস্থানৰ তুলনাত এয়া প্ৰায় শূন্য বুলিয়ে কব পাৰি বুলি তেওঁ কয়। তেওঁ কয় যে, যোৱা কেইদিনমানৰ পৰা পৰ্যটক গোট বা আগতীয়াকৈ বুকিং কৰা ব্যক্তি আহিবলৈ আৰম্ভ কৰিছে। বুধবাৰে চাৰিখন বাহন (প্ৰতিখনতে ১২ জনতকৈ অধিক আসনৰ ক্ষমতা থকা)ও পৰ্যটকৰ গোট নিবলৈ বিমানবন্দৰত উপস্থিত হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
বিমানবন্দৰৰ টেক্সি ষ্টেণ্ডৰ পৰা ২৩৪খন টেক্সি চলি আছে। যিয়ে পৰ্যটকক কাশ্মীৰৰ সকলো পৰ্যটনস্থলীমূলতঃ শ্ৰীনগৰৰ ডাল হ্ৰদ, গুলমাৰ্গ, পহলগাম আৰু সোণামাৰ্গলৈ লৈ যায়। মহম্মদ আশ্ৰাফ ল'নে কয় যে, পহলগাম কাণ্ডৰ কিছুদিন পিছতে জম্মু-কাশ্মীৰ চৰকাৰে নিৰাপত্তাজনিত কাৰণত কাশ্মীৰৰ ৮৯টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮টা পৰ্যটনস্থলী বন্ধ কৰি দিয়াটো পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত আঘাত হানিছিল।
তেওঁ কয় যে, সংগঠনটোৱে পৰ্যটন বিভাগৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত চালকসকলে সন্মুখীন হোৱা আৰ্থিক বাধাৰ ওপৰত আলোকপাত কৰা হয়। তেওঁলোকৰ চিন্তিত বিষয়সমূহৰ ভিতৰত আছে তেওঁৰ বাহন ঋণৰ মাহিলী ইএমআই আৰু বিমানবন্দৰ কৰ্তৃপক্ষক মাহিলী ১২ লাখ টকাৰ অধিক ধন পৰিশোধ কৰা।
পহলগাম হত্যাকাণ্ড, ৪৮টা পৰ্যটনস্থলী বন্ধ আৰু বিমানবন্দৰত অপাৰেচন সেন্দুৰৰ পিছত সীমা অতিক্ৰম কৰি গোলাবৰ্ষণ কৰাৰ পিছত বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল। কিন্তু পিছত পুনৰ বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে আস্থা গঢ়াৰ ব্যৱস্থাৰ অংশ হিচাপে দেওবাৰে এক ৰোড শ্ব’ৰ আয়োজন কৰা হয়।
প্ৰতিনিধিত্বমূলক ছবি
দেওবাৰে ‘ৱেলকাম টু কাশ্মীৰ’ বেনাৰ লৈ প্ৰায় ৩০০ খন বাহনে ডাল হ্ৰদৰ পৰা পহলগাম অভিমুখে সমদল ওলিয়াই। পৰ্যটন ব্যৱসায়ী, হোটেল মালিক, পৰিবহণকাৰী আদিয়ে পৰ্যটকক পুনৰ কাশ্মীৰলৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰে। আয়োজকসকলে কয় যে হোটেল খালী, গাইড নিবনুৱা আৰু শ্বিকাৰাৰ ৰাইড বন্ধ। যাৰ বাবে সমগ্ৰ দেশতে কাশ্মীৰ সুৰক্ষিত বুলি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছিল।