আৰিফুল ইছলাম/ গুৱাহাটী
দুবছৰৰ প্ৰতীক্ষাৰ অন্তত বিশ্বৰ লাখ লাখ ইছলামধৰ্মী লোকক আদৰিবলৈ সাজু হোৱা পবিত্ৰ মক্কাত এইবাৰ অসমৰ হজযাত্ৰীসকলে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা উৰুৱাই ৰাজ্যৰ চহকী ঐতিহ্য-সংস্কৃতিক বিশ্বৰ বুকুত উজলাই তুলিব। হজৰ সময়ছোৱাত অসমীয়াৰ জাতীয়-জীৱনৰ অন্যতম পৰিচয় হেপাঁহৰ গামোচাখন ডিঙিত আঁৰি গৌৱৰবোধ কৰিবলৈ অসমৰ হজযাত্ৰীসকলক আহ্বান জনাইছে উত্তৰ-পূৱ হজযাত্ৰী অভ্যৰ্থনা সমিতিয়ে।
উল্লেখ্য যে, ছৌদি আৰৱৰ অতি পবিত্ৰ তীৰ্থস্থান হজ, মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটো মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয়। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকেৰে ভৰি পৰে ছৌদি আৰৱ। দুবছৰৰ বিৰতিৰ পিছত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে পবিত্ৰ হজ যাত্ৰা।
হজ, মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ অসমৰো প্ৰায় ৩হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক সাজু হৈছে। ৫ জুনৰ পৰা অসমৰ হজযাত্ৰীসকলে হজলৈ যাত্ৰা আৰম্ভ কৰিব। সেইদিনা প্ৰায় ১৫০ হজযাত্ৰী মদিনালৈ উৰা মাৰিব। একেদৰে, ৬ জুনত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা দুখনকৈ বিমানে অসমৰ হজযাত্ৰীৰ আন দুটা দলক কঢ়িয়াই নিব। এখন বিমানত ৩০০গৰাকীকৈ হজযাত্ৰী মদিনালৈ যাব। চ
ইয়াৰ পূৰ্বে শুকুৰবাৰে গুৱাহাটীৰ হাজি মোছাফিৰ খানাত আয়োজিত এক সংবাদমেলত উত্তৰ-পূৱ হজযাত্ৰী অভ্যৰ্থনা সমিতি ২০২২-২৩ ৰ অধ্যক্ষ নেকিবুৰ জামানে অসমীয়া হজযাত্ৰীসকলক হজৰ সময়ত ডিঙিত গামোচা ল’বলৈ আহ্বান জনায়। ২০১৭ চনৰ পৰাই এই পৰম্পৰা আৰম্ভ কৰা হৈছিল যদিও এইবাৰ গামোচা ডিঙিত লোৱাটো বাধ্যতামূলক বুলি অধ্যক্ষগৰাকীয়ে ঘোষণা কৰে।
হজৰ সময়ত পবিত্ৰ মক্কাৰ দৃশ্য
‘মক্কাৰ দৰে লাখ লাখ লোকৰ সমাগম ঘটা পবিত্ৰ স্থানত অসমৰ হজযাত্ৰীসকলে অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত আঁৰি লৈ বিশ্বৰ সন্মুখত অসমীয়া সংস্কৃতিক পৰিচয় কৰাই দিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মক্কাত আপোনজনক সহজে চিনাক্ত কৰিব পাৰিব আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা লোকসকলে আমাৰ হেঁপাহৰ গামোচাখনৰ বিষয়ে জানিব পাৰিব’।- জামানে এইদৰে কয়।
আনহাতে, হজৰ সময়ত অসমীয়া হজযাত্ৰীসকলে থাকিবলগীয়া বিল্ডিঙতো গামোচা আঁৰি থ’বলৈ তেওঁ সকলোকে আহ্বান জনায়। জামানে কয় যে ইয়াৰ ফলত অসমীয়া লোকসকলে ছৌদি আৰৱত থকা স্থান চিনাক্ত কৰাত সহজ হ'ব।
ইফালে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া হজযাত্ৰীসকলক শুভেচ্ছাঁ জনাইছে। সংবাদ মেলত নেকিবুৰ জামানে জানিবলৈ দিয়ে যে অসমীয়া হজ যাত্ৰীসকল থকা ঠাইত বিজুলী বিসংগতি হ'লে যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বাবে পাৱাৰ বেংকৰ ব্যৱস্থা কৰি দিছে।
অসমৰ প্ৰায় ৩০০০ ৰো অধিক হজযাত্ৰীৰ বাবে উৎকৃষ্ট মানৰ পাৱাৰ বেংকৰ সুবিধা কৰি দিয়াৰ বাবে বিভাগীয় মুৰব্বীসকলক মুখ্যমন্ত্ৰী শৰ্মাই ইতিমধ্যে নিৰ্দেশ দিয়া বুলি উত্তৰ-পূৱ হজযাত্ৰী অভ্যৰ্থনা সমিতি ২০২২-২৩ৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।
হজলৈ যোৱা মুহূৰ্তত হজ যাত্ৰীসকল
‘হজযাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত সহায়ৰ বাবে চৰকাৰৰ তৰফৰ পৰা ২৩ গৰাকী সহায়কক একেলগতে পঠিওৱা হ'ব। তেওঁলোকে অসমীয়া হজযাত্ৰীসকলক মদিনাত উপস্থিত হোৱাৰ পৰা হজযাত্ৰা সম্পন্ন হোৱালৈ সকলো ক্ষেত্ৰত সহায় আগবঢ়াব। কেন্দ্ৰীয় চৰকাৰ আৰু আৰৱ চৰকাৰৰ সহযোগিতাত হজযাত্ৰীসকলে নিজৰ থকা-খোৱা আৰু অন্যান্য সকলোবোৰ কাম-কাজ সহজ ভাৱে সম্পন্ন কৰিব পাৰিব’।–সংবাদমেলত নেকিবুৰ জামানে এইদৰে কয়।
উল্লেখ্য যে, শনিবাৰৰ পৰা অসমৰ বিভিন্ন জিলাৰ হজযাত্ৰীসকলে হাজী মোছাফিৰ খানাত বাঁহৰ পাতিব আৰু ইয়াৰ পৰা অসম ৰাজ্যিক পৰিবহনৰ বাছেৰে তেওঁলোকক বিমানবন্দৰলৈ লৈ যোৱা হ'ব। বিমান বন্দৰৰ বাহিৰত স্থাপন কৰা কেম্পত হজ যাত্ৰীসকলৰ যাৱতীয় কাম-কাজসমূহ সম্পন্ন কৰি তেওঁলোকক ভিতৰলৈ লৈ যোৱা হ'ব।
মনকৰিবলগীয়া যে, মহামাৰী ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ বাবে বিগত দুটা বছৰ হজ যাত্ৰা বাতিল কৰিবলগীয়া এক অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল। এইবাৰ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত ছৌদি আৰৱ প্ৰশাসনে দেশী-বিদেশী লোকৰ বাবে হজযাত্ৰা মুকলি কৰি দিছে। ইয়াক লৈ যথেষ্ট উৎসাহী অসম তথা দেশৰ মুছলাম ধৰ্মাৱলম্বী লোকসকল। দুবছৰৰ প্ৰতীক্ষাৰ অন্তত তেওঁলোক সাজু হৈছে হজযাত্ৰালৈ।
২০২২ বৰ্ষৰ অসমৰ হজযাত্ৰী
অসমৰ পৰা প্ৰায় ৩০ সহস্ৰাধিক মুছলমান ধৰ্মাৱলম্বী লোক এইবাৰৰ হজযাত্ৰালৈ ৰাওনা হ’ব। এই হজযাত্ৰীসকলৰ বাবে অসমৰ মুঠ ২৭টা কেন্দ্ৰত আয়োজন কৰা হৈছিল বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ। হজলৈ যাবলগীয়া কামৰূপ গ্ৰাম্য আৰু মেট্ৰো জিলাৰ মুঠ ২৪৮গৰাকী লোকে গুৱাহাটীৰ ইছলামপুৰস্থিত হাজী মুছাফিৰ খানাত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আন আন জিলাৰ লোকসকলে সংশ্লিষ্ট জিলাসমূহত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত হজ যাত্ৰা সন্দৰ্ভত বিভিন্ন ব্যৱহাৰিক জ্ঞান লাভ কৰিছে।
ইফালে, ছৌদি জেনেৰেল অথৰিটি অফ চিভিল এভিয়েশ্যনে(জি এ চি এ) হজযাত্ৰীৰ বাবে ব্যৱহাৰ হোৱা বিমান সেৱাসমূহৰ বাবে নতুন নিয়ম জাৰী কৰিছে। ছিনহুয়া সংবাদ সংস্থাই জি এ চি এৰ উদ্ধৃতি দি কয় যে এই নিয়মসমূহে ৰাজ্যৰ বিমান বন্দৰত কাম কৰা সকলো বিমান সেৱা, ব্যক্তিগত বিমান সেৱাকে ধৰি, হজ সম্পাদন কৰিবলৈ চৌদি আৰৱত উপস্থিত হোৱা যাত্ৰীসকলে পূৰণ কৰিব লগা স্বাস্থ্যৰ প্ৰয়োজনীয়তা সামৰি লোৱা হৈছে।
নতুন নিয়ম অনুসৰি, তীৰ্থযাত্ৰীসকলৰ বয়স ৬৫ বছৰতকৈ কম হ'ব লাগে, ক'ভিড-১৯ ভেকছিনৰ মৌলিক পালিৰ সৈতে টিকাকৰণ সম্পূৰ্ণ কৰিব লাগে, আৰু প্ৰস্থানৰ ৭২ ঘণ্টাৰ ভিতৰত লোৱা ক'ভিড টেষ্টৰ নিগেটিভ প্ৰতিবেদন জমা দিব লাগিব।