ৰাষ্ট্ৰসংঘত পাকিস্তানৰ সৈতে সিন্ধু জলসীমা স্থগিত ৰখাৰ সিদ্ধান্তৰ ব্যাখ্যা ভাৰতৰ

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ সৈতে সিন্ধু জলসীমা স্থগিত ৰখাৰ সিদ্ধান্তৰ ব্যাখ্যা ভাৰতৰ
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ সৈতে সিন্ধু জলসীমা স্থগিত ৰখাৰ সিদ্ধান্তৰ ব্যাখ্যা ভাৰতৰ
 
নতুন দিল্লী
 
ভাৰতে ৰাষ্ট্ৰসংঘৰ আগত কয় যে পাকিস্তানৰ সৈতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত পাকিস্তানৰ বাৰে বাৰে উলংঘা আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বাবেই লোৱা হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিছে কয় যে পাকিস্তানে দশক দশক ধৰি ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদক আশ্ৰয় দি আহিছে। যাৰ ফলত ২০ হাজাৰৰো অধিক ভাৰতীয়ৰ প্ৰাণ হেৰুৱাইছে।
 
হৰিশে সন্ধি স্থগিত ৰখাৰ কেইবাটাও কাৰণ উল্লেখ কৰিছে। প্ৰথমতে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদৰ কাৰণেই এই সিদ্ধান্ত লোৱা হৈছে।আঞ্চলিক নিৰাপত্তাৰ চিন্তা কৰি এই পদক্ষেপ লোৱা হৈছে। ভাৰতৰ শক্তিৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা আৰু বান্ধ সুৰক্ষাৰ চিন্তা, সন্ধিৰ সংশোধনৰ বিষয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল পাকিস্তানে। গতিকে এইসমূহ কাৰণতেই এনে সিদ্ধান্ত লোৱা হৈছে।
 
হৰিশে আলোকপাত কৰে যে পাকিস্তানে সন্ধিৰ মনোভাৱ উলংঘা কৰিছে। ভাৰতৰ বিৰুদ্ধে তিনিখন যুদ্ধ আৰম্ভ কৰিছে। ভাৰতত হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থন কৰিছে। আন্তঃগাঁথনিৰ পৰিৱৰ্তন আৰু সন্ধিৰ অধীনত অনুমোদিত পৰিৱৰ্তনসমূহ বাধা দিয়া পৰিলক্ষিত হৈছে।
 
পাকিস্তানৰ এই কাৰ্যৰ পিছতো ভাৰতে "অসাধাৰণ ধৈৰ্য্য আৰু উদাৰতা" দেখুৱাইছে। কিন্তু শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণটোৱেই আছিল "চূড়ান্ত" যাৰ ফলত সন্ধিখন স্থগিত ৰখা হৈছিল। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে সমৰ্থন শেষ নকৰালৈকে ভাৰতে এই সন্ধি স্থগিত ৰাখিব।
 
১৯৬০ চনত স্বাক্ষৰিত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা জল ভাগ-বতৰা চুক্তি।ইয়াত প্ৰতিখন দেশৰ বাবে কিছুমান বিশেষ নদী আবণ্টন দিয়া হৈছে আৰু ভাৰতে পশ্চিম নদীসমূহৰ সীমিত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। এই সন্ধিক বিশ্বৰ ভিতৰতে সফল সীমা অতিক্ৰম কৰি পানী ভাগ-বতৰা কৰা চুক্তিসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।