বিদুষী গৌৰ / নতুন দিল্লী
ডিজিটেল বাদ্য-যন্ত্ৰ আৰু ক্ষন্তেকীয়া ট্ৰেণ্ডে সংগীতৰ জগতত আধিপত্য বিস্তাৰ কৰাৰ সময়ত গজলৰ ক্ষেত্ৰখনক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিছে উস্তাদ আহমেদ হুছেইন আৰু মহম্মদ হুছেইনৰ দৰে কিংবদন্তী সংগীত শিল্পীয়ে।
ভাৰতীয় শাস্ত্ৰীয় আৰু অৰ্ধ-শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত হোৱা হুছেইন ভাতৃদ্বয়ে পাঁচ দশকৰো অধিক সময় গজল গায়কী কলাক মানুহৰ মাজত প্ৰসাৰিত কৰিছে। তেওঁলোকে গজলৰ অন্তৰ্নিহিত সত্ত্বাক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জীয়াই ৰখাতো নিশ্চিত কৰিছে।
জয়পুৰ ঘৰানাৰ লগতে পিতৃ উস্তাদ আফজল হুছেইনৰ অধীনত প্ৰশিক্ষণ লোৱা এই ভাতৃদ্বয়ে গজলৰ গভীৰতা আৰু ধ্ৰুপদী সূক্ষ্মতাৰ ওপৰত অভূতপূৰ্ব দখল স্থাপন কৰিবলৈ সক্ষম হৈছে। পদ্মশ্ৰী আৰু কেইবাটাও ৰাষ্ট্ৰীয় প্ৰশংসাৰে সন্মানিত হুছেইন ভাতৃদ্বয়ে কেৱল ভাৰততে নহয়, গজলেৰে সমগ্ৰ বিশ্বতে অজস্ৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে।
উস্তাদ আহমেদ হুছেইন আৰু মহম্মদ হুছেইনৰ এক অনুষ্ঠানত গজল পৰিবেশন কৰা মুহূৰ্তত
উস্তাদ আহমেদ হুছেইন আৰু মহম্মদ হুছেইনে 'আৱাজ-দ্য ভইচ'ৰ সন্মুখত তেওঁলোকৰ যাত্ৰা, প্ৰেৰণা, আৰু গজলৰ বিকাশশীল ধাৰাটোক লৈ বিভিন্ন কথা আলোচনা কৰে। আমাৰ কথা-বতৰাৰ কিছু অংশ তলত আগবঢ়োৱা হৈছেঃ
প্ৰশ্নঃ সংগীতে হৃদয়ক একত্ৰিত কৰে আৰু সীমা অতিক্ৰম কৰে বুলি কোৱা হয়। ভাৰতক একত্ৰিত কৰাৰ ক্ষেত্ৰত সংগীতৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত কি?
মহম্মদ হুছেইনঃ সংগীত এক সাৰ্বজনীন ভাষা। ভজনেই হওক বা চুফী সংগীতেই হওক, প্ৰতিটো ৰূপ হৃদয়ৰ গভীৰতাৰে, ভক্তি আৰু ক্ষমাৰে গাবই লাগিব। সেই সত্তা কেৱল এজন প্ৰকৃত উস্তাদৰ অধীনত শিকাৰ পৰাই আহে।
আহমেদ হুছেইনঃ নিশ্চয়কৈ। সংগীতৰ কোনো সীমা নাই। শব্দ বিফল হোৱা হৃদয়বোৰ সংগীতে চুই যায়, ঠিক শ্বায়েৰীৰ দৰে। আমাৰ গংগা-জামুনি তহজীব অনন্য আৰু কেৱল ভাৰততহে এই সংস্কৃতি পোৱা যায়। আমি বিশ্বজুৰি অনুষ্ঠান পৰিৱেশন কৰিছো, কিন্তু ইয়াত পোৱা মৰমৰ কোনো তুলনা নহয়৷ খ্যাতি কিনিব পাৰি, কিন্তু ভাৰতীয় দৰ্শকৰ মৰম অমূল্য। যিকোনো শিল্পীৰ বাবে এই দেশখনে সৰ্বশ্ৰেষ্ঠ মঞ্চ, বিনিময়ত ই মাথোঁ বিচাৰে মেহনত (কঠোৰ পৰিশ্ৰম)।
প্ৰশ্নঃ আপুনি গজল আৰু ভজন দুয়োটাৰে সুন্দৰ ভাৰসাম্য ৰক্ষা কৰিছে। এই যাত্ৰাৰ বিষয়ে কওকচোন।
আহমেদ হুছেইনঃ এজন ব্যক্তিয়ে জীৱনত বহু ভূমিকা পালন কৰিবলগীয়া হয়, যেনে; পিতৃ, পুত্ৰ বা বন্ধু। কিন্তু আত্মা সদায় এক হৈ থাকে। ঠিক তেনেদৰে আমি যেতিয়া গজল গওঁ তেতিয়া দয়া থাকিবই লাগিব; আমি যেতিয়া ভজন পৰিৱেশন কৰো, তেতিয়া আমি আত্মসমৰ্পণ কৰিবই লাগিব। ফৰিদ টংকিয়ে সুন্দৰকৈ লিখিছে, "ৰাষ্টে অলগ অলগ হ্যা, থিকানা তোহ এক হ্যা, মঞ্জিল হৰ এক শখছ কো পানা তোহ এক হ্যা।" মন্দিৰ আৰু মছজিদ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু গন্তব্যস্থান একে।
উস্তাদ আহমেদ হুছেইন আৰু মহম্মদ হুছেইন
প্ৰশ্নঃ পদ্মশ্ৰী বঁটা লাভ কৰি কেনে অনুভৱ হৈছে?
মহম্মদ হুছেইনঃ ২০১৮ চনৰ ১৭ জানুৱাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা সংগীত নাটক অকাডেমী বঁটাৰে আমাক সম্বৰ্ধনা জনোৱা হয়। পিছত ২০২৩ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিলোঁ। আৰু ২০২৩ চনৰ ৩০ নৱেম্বৰত মহাত্মা জ্যোতিৰাও ফুলে বিশ্ববিদ্যালয়ে আমাক গজলত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। প্ৰতিটো সন্মান আমাৰ উস্তাদ আৰু আমাৰ পিতৃ-মাতৃৰ আশীৰ্বাদৰ ফলত সম্ভৱ হৈছে।
আহমেদ হুছেইনঃ বঁটা কেৱল কৃতিত্ব নহয়; সেইবোৰ দায়িত্ব। এবাৰ সন্মানিত হ’লে সেই উত্তৰাধিকাৰৰ সৈতে খাপ খাব লাগিব। সফলতা অক্ষুন্ন ৰাখিবলৈ অহৰহ ৰিয়াজ আৰু বিনয়ী হৈ থকাটো মূল কথা।
প্ৰশ্নঃ আজিৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত সংগীত প্ৰায়ে থেৰাপী হৈ পৰে। মানসিক সুস্থতাত ইয়াৰ ভূমিকা কেনেদৰে ভাবে ?
আহমেদ হুছেইনঃ সংগীত হৈছে ধ্যান। গান গোৱা বা গান শুনাই আপোনাক এনে এখন পৃথিৱীলৈ লৈ যায়, য’ত উদ্বেগ আৰু দুখৰ অস্তিত্ব নাথাকে৷ ই আপোনাক শান্তিৰে ভৰাই তোলে।
মহম্মদ হুছেইনঃ মমিন খান মমিনে লিখিছিল, "তুম মেৰে পাছ হো গ'য়া, জব কই দুছৰা নাহি হোতা।" সংগীত এক সংগী। যেতিয়া আপুনি তাত ডুব যায়, তেতিয়া বাকী সকলোবোৰ আনন্দত ম্লান হৈ পৰে।
উস্তাদ আহমেদ হুছেইন আৰু মহম্মদ হুছেইনৰ এক অনুষ্ঠানত গজল পৰিবেশন কৰা মুহূৰ্তত
প্ৰশ্নঃ জয়পুৰৰ পৰা মুম্বাইলৈ যোৱা যাত্ৰাৰ বিষয়ে কওকচোন।
আহমেদ হুছেইনঃ আমি জয়পুৰ ঘৰানাৰ অন্তৰ্গত, ইয়াৰ সাতটা প্ৰজন্ম সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে। আমাৰ পিতৃ প্ৰয়াত উস্তাদ আফজল হুছেইন খান চাহাব আমাৰ গুৰু আৰু পথ প্ৰদৰ্শক আছিল। তেওঁৰ মতে সম্পূৰ্ণ আত্মসমৰ্পণৰ সৈতে সকলোৱে গুৰুকুলত সংগীত শিকা উচিত। প্ৰকৃত শিক্ষা গুৰুৰ ওচৰলৈ যোৱাৰ পৰাই আহে, তেওঁক মাতিলে নহয়।
মহম্মদ হুছেইনঃ আমি আৰম্ভ কৰিছিলো ১৯৫৯ চনত। আমাৰ দেউতাই আমাক ইচ্ছাকৃতভাৱে সংগ্ৰাম কৰিবলৈ বাধ্য কৰাইছিল, আমাক পৰীক্ষা কৰিবলৈ নহয়, জীৱনৰ মূল্য শিকাবলৈ। যদিও তেওঁ আমাক এটা সহজ পথ দিব পাৰিলেহেঁতেন, তথাপিও তেওঁ আমাক দীঘলীয়া যাত্ৰাৰ বাবে প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লৈছিল। আমি ২০ বছৰ ধৰি মুম্বাইত সংগ্ৰাম কৰিলোঁ, কিন্তু শেষত এই সংগ্ৰামে আমাক সকলো দিলে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা মুহূৰ্তত উস্তাদ আহমেদ হুছেইন আৰু মহম্মদ হুছেইন
প্ৰশ্নঃ আপুনি আকাশবাণীৰ সৈতে শিশু শিল্পী হিচাপে আৰম্ভ কৰিছিল। আপোনাৰ প্ৰথম গীতটো মনত আছেনে?
আহমেদ হুছেইনঃ হয়, আমি ১৯৫৯ চনত আৰম্ভ কৰিছিলো। সেই প্ৰথম গীতটো আৰু আমি পোৱা প্ৰশংসা আজিও আমি মনত সযতনে সাঁচি ৰাখিছিলো। আমাক ডিপ্লমা আৰু চাৰ্টিফিকেট দিয়া হৈছিল; সেই মুহূৰ্তবোৰেই আছিল আমাৰ কেৰিয়াৰৰ ভেটি।
প্ৰশ্নঃ আপোনাৰ প্ৰথম এলবাম Guldasta যুগজয়ী সৃষ্টি। এই এলবামৰ কিবা কাহিনী কিবা মনত আছেনে?
আহমেদ হুছেইনঃ ১৯৭৮ চনত গুলদাষ্টা সৃষ্টি কৰা হৈছিল। অম্বিকাপুৰৰ এআইআৰৰ পৰিচালক প্ৰয়াত আমিক আহমদ হান্নাফীৰ অনুৰোধত আমি “মেইন হাৱা হুন, কাহা ৱাটান মেৰা” গাইছিলো।
মহম্মদ হুছেইনঃ পিছত কিংবদন্তি পদ্মশ্ৰী সীতাৰা দেৱী জীয়ে আমাক কল্যাণজী-আনন্দজীৰ সৈতে চিনাকি কৰাই দিলে। আমি ১৯৭৯ চনত এলবামটো ৰেকৰ্ডিং কৰিছিলো, আৰু ১৯৮০ চনত মুক্তি পাইছিল। আজিও ই বহুজনৰ প্ৰিয়। ইয়াক মই বিশ্বব্ৰহ্মাণ্ডৰ পৰা পোৱা উপহাৰ হিচাপে লও।
প্ৰশ্নঃ বীৰ জাৰা (Veer Zaara)ৰ বাবে গান গোৱাৰ অভিজ্ঞতা কেনেকুৱা আছিল?
আহমেদ হুছেইনঃ যশ চোপ্ৰা জীয়ে বিচাৰিছিল আমি এটা কাৱালী গাওঁ। আমি দ্বিধাবোধ কৰিছিলোঁ, সেয়া আমাৰ কম্ফাৰ্ট জ’ন নাছিল৷ কিন্তু তেওঁৰ বিশ্বাস আছিল যে হিন্দুস্তানী ক্লাছিকেলত প্ৰশিক্ষিত যিকোনো ব্যক্তিয়ে যিকোনো গীত গাব পাৰে। গীতটো আমাৰ দেউতাই ৰচনা কৰিছিল, গীতৰ কথা জাভেদ আখতাৰৰ আছিল, আৰু সুন্দৰকৈ ই মানুহৰ মাজলৈ ওলাইছিল।
মহম্মদ হুছেইনঃ গুলচন কুমাৰে এবাৰ আমাক সুধিছিল যে আমি ভজনৰ কথা জানো নেকি? আমি ইতিবাচকভাৱে সঁহাৰি দিছিলো। তেওঁ আমাৰ ইচ্ছাক সন্মান কৰিছিল আৰু আনকি ৰেকৰ্ডিঙৰ বাবে ষ্টুডিঅ’ত প্ৰৱেশ কৰাৰ আগতে জোতাও খুলিছিল। আমাৰ হাতত এতিয়া পাঁচটা ভজন এলবাম আছে। গজলে হওক বা ভজনেই হওক, সদায় শিল্পৰ ওচৰত আত্মসমৰ্পণ কৰাটোৱেই প্ৰধান কথা।
প্ৰশ্নঃ উচ্চাকাংক্ষী গায়কসকলক কি বাৰ্তা দিব বিচাৰে?
হুছেইন ভাতৃদ্বয়ঃ আমি এতিয়াও সংগীতৰ ছাত্ৰ। কিন্তু যদি আমি এক বাৰ্তা দিব লাগে, তেন্তে ক'ম যে শিল্পই ধৈৰ্য্য, নম্ৰতা আৰু সমৰ্পণৰ দাবী কৰে। খ্যাতি বা ধন-সম্পত্তিৰ পিছত নদৌৰিব। জ্ঞানৰ সন্ধান কৰক আৰু আপোনাৰ উস্তাদক আন্তৰিকতাৰে অনুসৰণ কৰক। বাকী সকলো আপোনাৰ পিছে পিছে যাব।