কাঁৰ ৰেড কাৰ্পেটত পঞ্চমবাৰৰ বাবে উজলিল অসম কন্যা সংযুক্তা দত্তৰ বস্ত্ৰসম্ভাৰ

Story by  atv | Posted by  [email protected] • 7 h ago
কাঁৰ ৰেড কাৰ্পেটত পঞ্চমবাৰৰ বাবে উজলিল অসম কন্যা সংযুক্তা দত্তৰ বস্ত্ৰসম্ভাৰ
কাঁৰ ৰেড কাৰ্পেটত পঞ্চমবাৰৰ বাবে উজলিল অসম কন্যা সংযুক্তা দত্তৰ বস্ত্ৰসম্ভাৰ
 
নতুন দিল্লী
 
বিশ্বৰ সন্মানীয় তথা সৰ্ববৃহৎ চলচিত্ৰ মহোৎসৱ ‘কাঁ মহোৎসৱ’ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত৷ তিনি গৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে যেতিয়া সংযুক্তাৰ সৃষ্টিৰ পোচাক পিন্ধি লয়লাসে খোজ দিছিল কাঁৰ ৰঙা দলিচাত, তেতিয়া কেমেৰাবোৰ ঘূৰ খাই গৈছিল সেই ছন্দ কেমেৰাত আবদ্ধ কৰিবলৈ। মুগ্ধ হৈ পৰিছিল ফেশ্বন অনুৰাগীসকল।
 
সমগ্ৰ বিশ্বৰে এবছৰৰ বিশেষ কেইটামান দিনত দৃষ্টি নিবদ্ধ হৈ থাকে ফ্ৰান্সত অনুষ্ঠিত কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত৷ কিয়নো এই ৰেড কাৰ্পেটতেই বিস্ময়কৰ ফেশ্বন সম্ভাৰেৰে খোজ থয় নানা তাৰকা-মহাতাৰকা তথা আগশাৰীৰ মডেল সকলে। ১৩ মে’ত আৰম্ভ হৈ ২৪ মে’ত সামৰণি পৰিবলগীয়া এইবাৰৰ কাঁ মহোৎসৱৰ ৰঙা দলিচাত সংযুক্তা দত্তৰ বস্ত্ৰৰ নতুন ফেশ্বনে দৃষ্টি হৰিলে অজস্ৰজনৰ লগতে ফেশ্বনপ্ৰেমী সকলৰ।
 
তাৰকা-মহাতাৰকা অভিনেতা-অভিনেত্ৰী আৰু মেগা মডেলৰ সমাৱেশেৰে উদুলি-মুদুলি হৈ পৰিছে ফ্ৰান্সৰ এই ঐতিহ্যমণ্ডিত ৰঙা দলিচা ৷ শুকুৰবাৰে যেতিয়া ভাৰতৰ সমাদৃত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ নৱতম বস্ত্ৰ সম্ভাৰেৰে তিনিগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সুন্দৰীয়ে কাঁৰ ৰঙা দলিচাত খোজ দিছিল তেতিয়া সৃষ্টি হৈছিল এক অভিনৱ চমকৰ। এক আড়ম্বৰপূৰ্ণ বয়নশৈলীৰে বস্ত্ৰ সম্ভাৰত সপোন ৰচা সংযুক্তা দত্তই পুনৰ এবাৰ অসমৰ হস্ততাঁতশালৰ গৌৰৱক বিশ্বৰ আটাইতকৈ গ্লেমাৰাছ মঞ্চখনত উজলাই তুলিলে । সংযুক্তা দত্তৰ হাতেৰে বোঁৱা উৰ্বোৎকৃষ্ট সাজ-পাৰে যেতিয়া বিশ্বৰ পৰিচিত তিনিগৰাকী সুন্দৰীৰ দেহত শোভা পাইছিল, তেতিয়া তাৰ ভাঁজে ভাঁজে চমকি উঠিছিল ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্য।
 
শুকুৰবাৰে ৰেড কাৰ্পেটত বিশ্বৰ এগৰাকী প্ৰসিদ্ধ মডেল তথা মিচেছ ৱৰ্ল্ড কংগনিয়ালিটিৰ মুকুট বিজয়ী ভেলেৰিয়া হজেৰটেনেছে পৰিধান কৰা পোচাকত উজলি উঠিছিল প্ৰাচীন অসমীয়া লোককথাৰ পৰা অনুপ্ৰাণিত গাঢ় মটিফ থকা সংযুক্তা দত্তৰ সৃষ্টি। আনহাতে, চকু চাটমৰা সৌন্দৰ্যৰ গৰাকী মিছেছ ইটালী তথা গ্ল’ব ছুপাৰমডেল মিৰ্কা হাৱাৰ্ড আছিল দ্বিতীয় গৰাকী মডেল যাৰ দেহত শোভা পাইছিল সংযুক্তা দত্তই ইউৰোপীয় ডিজাইনৰ সৈতে ভাৰতীয় ৰেচমৰ পাতল গুণা গঁথা শিল্পৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা এযোৰ অভিনৱ পোচাক ।
 
ভাৰতীয় আৰু ইউৰোপীয় সংমিশ্ৰিত এই পোচাকে সমবেত ভিৰক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৰঙাদলিচাৰ সমাৱেশত। তৃতীয় গৰাকী মডেল হ’ল জেছলিন ছ’নি ৷ সংযুক্তা দত্তৰ এটি আধুনিক ৰাজকীয় ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি কাঁৰ ৰঙা দলিচাত খোজ দিওতে মূৰ ঘূৰাই চাবলৈ বাধ্য হৈছিল সমবেত সকল।