মুম্বাই
আৰ ৰাজকুমাৰ আৰু ছন অফ চৰ্দাৰৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰা বহু পৰিচিত অভিনেতা মুকুল দেৱৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। শাৰীৰিক অসুস্থতাৰ বাবে কিছুদিন তেওঁ আই চি ইউত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। তেওঁৰ আকস্মিক মৃত্যুত স্তব্ধ হৈ পৰিছে সমগ্ৰ শিল্পী সমাজ৷
অভিনেতা নীল নীতিন মুকেশে অভিনেতা মুকুল দেৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, "মুকুলৰ হঠাৎ মৃত্যুত মৰ্মাহত হৈছো। তেওঁ আছিল এজন সুদক্ষ অভিনেতা। তেওঁ আছিল এজন দয়াশীল ব্যক্তি। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। ওম শান্তি।"
জানিব পৰা মতে, শুকুৰবাৰে নিশা অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। অৱশ্যে শনিবাৰে পুৱাহে বন্ধু-বান্ধৱীসকলে এই খবৰ লাভ কৰে। অভিনেত্ৰী দীপশিখা নাগপাল আছিল মুকুলৰ ঘনিষ্ঠ বন্ধু। ছচিয়েল মিডিয়াত তেওঁ শ্বেয়াৰ কৰে মুকুলৰ সৈতে কটোৱা বিশেষ মুহূৰ্তৰ ছবি। অভিনেত্ৰীগৰাকীয়ে ফটোখনৰ কেপশ্যনত লিখিছে, "বিশ্বাস কৰিব পৰা নাই। শান্তি লাভ কৰক।"
মুকুল দেৱক শেষবাৰৰ বাবে দেখা গৈছিল 'এণ্ড দ্য এণ্ড’’ ছবিখনত তেওঁৰ ভাতৃ ৰাহুল দেৱৰ সৈতে অভিনয় কৰিছিল৷ নতুন দিল্লীৰ এটা পঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মুকুলে। তেওঁৰ পিতৃ-মাতৃ জলন্ধৰৰ। তেওঁৰ পিতৃ হৰি দেৱ এজন সহকাৰী আৰক্ষী আয়ুক্ত আছিল। তেওঁৱেই মুকলক আফগান সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল। মুকুলৰ পিতৃয়ে পাষ্টো আৰু পাৰ্চী ভাষা ক’ব পাৰিছিল।
দুৰদৰ্শনত মাইকেল জেকচনৰ লগত নৃত্য প্ৰদৰ্শন কৰি তেওঁ সকলোকে আপ্লুত কৰিছিল। অভিনয় জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উড়ান একাডেমীৰ পৰা পাইলট হিচাপে প্ৰশিক্ষণ লৈছিল।
১৯৯৬ চনত টেলিভিছন ধাৰাবাহিক ‘মুমকিন’ৰ সৈতে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। সেই ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল বিজয় পাণ্ডে। তাৰ পিছত 'দস্তক' ছবিৰে বলীউডত প্ৰৱেশ কৰে। চিনেমাৰ তালিকাত আছে ৱাজুদ, কিল্লা, মুঝে মেৰী বিবি ছে বাচাও, প্যাৰ জিন্দা হে, কভী কভী প্যাৰ কভী কভী য়াৰ, যমলা পাগলা দীৱানা, ছন অফ চৰ্দাৰ, আৰ ৰাজকুমাৰ, জয় হো আদি। মুকুল আছিল ফিয়েৰ ফেক্টৰ ইণ্ডিয়া ছিজন ১ৰ আয়োজক।