মুম্বাই
বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে অহা ৫ জুলাইত এক অত্যন্ত ব্যক্তিগত অনুষ্ঠানত তেওঁৰ প্ৰেমিকা গৌৰী স্প্ৰাটৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। এই বিবাহ অনুষ্ঠানটোত কেৱল পৰিয়ালৰ লোক আৰু অতি ঘনিষ্ঠ বন্ধুবৰ্গইহে অংশগ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বে আমিৰ খানে ৰীণা দত্ত আৰু কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ইফালে গৌৰী স্প্ৰাট এগৰাকী সাত বছৰীয়া সন্তানৰ মাতৃ বুলিও জানিব পৰা গৈছে।
বিগত বৰ্ষত নিজৰ ৬০ সংখ্যক জন্মদিনৰ সুযোগতে আমিৰ খানে প্ৰথমবাৰৰ বাবে গৌৰীক সংবাদ মাধ্যমৰ সন্মুখত চিনাকি কৰাই দিছিল। সেই সময়ত এখন সংবাদমেলত অভিনেতাজনে জানিবলৈ দিছিল যে, গৌৰীয়ে বৰ্তমান তেওঁৰ প্ৰডাকচন হাউচ অৰ্থাৎ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে কাম কৰি আছে।
এই সম্পৰ্কটো ৰাজহুৱা কৰাৰ পূৰ্বে বিভিন্ন চৰ্চা চলিছিল যে, আমিৰ খানে চলচ্চিত্ৰ জগতৰ বাহিৰৰ কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। সংবাদ মাধ্যমৰ চকুৰ পৰা নিজৰ প্ৰেমিকাক আঁতৰাই ৰাখিবলৈ আমিৰ খানে ধেমালি কৰি কৈছিল যে, তেওঁ এই কথা কাকো গম পাবলৈ দিয়া নাছিল।
আমিৰ খানে প্ৰায় ১৮ মাহ ধৰি এই সম্পৰ্কটো গোপন কৰি ৰাখিছিল আৰু তেওঁলোকে বেংগালুৰুত বেছিকৈ সময় কটাইছিল য’ত সংবাদ মাধ্যমৰ চকু কমকৈ পৰে।
গৌৰী স্প্ৰাট মূলত বেংগালুৰুৰ বাসিন্দা আৰু তেওঁ জীৱনৰ বেছিভাগ সময় তাতেই কটাইছে। তেওঁৰ মাতৃ ৰীটা স্প্ৰাট বেংগালুৰুৰ এখন বিউটি চেলুনৰ গৰাকী আছিল।
গৌৰীয়ে ব্লু মাউণ্টেন স্কুলত পঢ়া-শুনা কৰাৰ পিছত ২০০৪ চনত ইউনিভাৰ্চিটি অৱ দি আৰ্টছ লণ্ডনৰ পৰা ফেশ্বন, ষ্টাইলিং আৰু ফটোগ্ৰাফীৰ এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। বৰ্তমান তেওঁ মুম্বাইত এটা বিবি ব্লীণ্ট নামৰ চেলুন চলাই আছে।
শেহতীয়াকৈ আমিৰ খান আৰু গৌৰীক চীনৰ মাকাও আন্তঃৰাষ্ট্ৰীয় কমেডী ফেষ্টিভেলকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠানত একেলগে দেখা গৈছে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত আমিৰ খানে গৌৰীৰ বিষয়ে মুকলিকৈ কথা পাতিছে। তেওঁ কৈছে যে, গৌৰী তেওঁৰ জীৱনলৈ অহাৰ পিছৰে পৰা তেওঁ বহুত সুখী আৰু শান্তিত আছে। যদিও তেওঁৰ প্রাক্তন পত্নী কিৰণ ৰাও আৰু ৰীণা দত্তৰ সৈতেও সম্পৰ্ক বহুত গভীৰ আছিল, কিন্তু কিবা কাৰণত সেইবোৰ সফল নহ’ল।
আমিৰে কয় যে, গৌৰী তেওঁৰ জীৱনলৈ অহাৰ বাবে তেওঁ নিজকে বহুত ভাগ্যৱান বুলি ভাবে আৰু গৌৰীৰ সৈতে তেওঁ এতিয়া নিজকে সম্পূৰ্ণ বুলি অনুভৱ কৰে।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে আমিৰ খানে ১৯৮৬ চনত তেওঁৰ বাল্যকালৰ বান্ধৱী ৰীণা দত্তক অতি গোপনে বিয়া কৰাইছিল। তেওঁলোকৰ জুনেইদ নামৰ এজন পুত্ৰ আৰু ইৰা নামৰ এগৰাকী কন্যা সন্তান আছে। জুনেইদে ইতিমধ্যে চলচ্চিত্ৰ জগতত খোজ পেলাইছে আৰু ইৰাই মানসিক স্বাস্থ্য সজাগতাৰ বাবে কাম কৰে।
১৬ বছৰৰ বৈবাহিক জীৱনৰ পিছত ২০০২ চনত তেঁওলোকৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত আমিৰ খানে ২০০৫ চনত কিৰণ ৰাওৰ সৈতে দ্বিতীয় বিবাহ কৰে, যাৰ সৈতে ২০০১ চনৰ লগান ছবিৰ শ্বুটিং ছেটত চিনাকি হৈছিল। ২০২১ চনত তেওঁলোকৰো বিবাহ বিচ্ছেদ হয় যদিও তেওঁলোকে এতিয়াও একেলগে তেওঁলোকৰ পুত্ৰ আজাদৰ চোৱাচিতা কৰে।