নতুন দিল্লী
ভাৰতৰ ১৭১ নিযুত লোক বিগত এটা দশকত দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছে। এই গুৰুত্বপূর্ণ তথ্য সদৰী কৰিছে বিশ্ব বেংকে। ২০১১-১২ আৰু ২০২২-২৩ দশকটোৰ তথ্য সদৰী কৰি বিশ্ববেংকৰ ফালৰ পৰা এই কথা কৰা হয়।
লক্ষণীয়ভাৱে এইছোৱা সময়ত ভাৰতৰ গ্রামাঞ্চলৰ দৰিদ্রতা ১৮.৪ শতাংশৰ পৰা ২.৮ শতাংশলৈ হ্রাস পাইছে। সেইদৰে নগৰীয়া অঞ্চলৰ দৰিদ্রতাও ১০.৭শতাংশৰ পৰা ১.১ শতাংশলৈ অৱনমিত হয়।
গ্রাম্য আৰু নগৰীয়া দৰিদ্রতাৰ ব্যৱধান ৭.৭ৰ পৰা ১.৭শতাংশৰ ঘৰত বিৰাজমান, যিটো বার্ষিক দৰিদ্রতা হ্রাসৰ হাৰ ১৬ শতাংশ বুলি কোৱা হৈছে বিশ্ববেংকৰ এই তথ্য প্রকাশৰ সময়ত ভাৰতৰ নিম্ন মধ্যবিত্ত লোকৰ আয়ৰ ক্ষেত্রত এক উল্লেখনীয় পৰিবর্তন হোৱা বুলি কোৱা হৈছে।
বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ হিচাপে ভাৰতৰ দৰিদ্ৰতা হ্ৰাসৰ এই তথ্য তাৎপর্যপূর্ণৰূপে চিহ্নিত হৈছে। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৬৫ শতাংশ অতি দৰিদ্র লোক বাস কৰে পাঁচখন জনবহুল ৰাজ্য ক্রমে উত্তৰ প্রদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ আৰু মধ্যপ্রদেশত।
২০১১-১২ বৰ্ষৰ তথ্য আৰু ২০২২-২৩ বর্ষৰ দৰিদ্রতা হ্রাসৰ গতি-বিধিত উক্ত পাঁচখন ৰাজ্যৰ। দৰিদ্রতাৰ ছবিখনো পোহৰলৈ আহিছে।