বৰষুণ আৰু ধুমুহাৰ ফলত মেঘালয়ত ক্ষতিগ্ৰস্ত ৪৮০ ৰো অধিক ঘৰ

Story by  atv | Posted by  [email protected] • 12 d ago
বৰষুণ আৰু ধুমুহাৰ ফলত  মেঘালয়ত ক্ষতিগ্ৰস্ত ৪৮০ ৰো অধিক ঘৰ
বৰষুণ আৰু ধুমুহাৰ ফলত মেঘালয়ত ক্ষতিগ্ৰস্ত ৪৮০ ৰো অধিক ঘৰ
 
শ্বিলং
 
সোমবাৰে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কিৰমেন শ্বাইলাই জনোৱা মতে, মেঘালয়ত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত ৪৮০ টাতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে।
 
শ্বাইলাই কয় যে ৰাজ্যজুৰি এই দুৰ্যোগৰ ফলত ৪৮৩ টা ঘৰ, দুখন বিদ্যালয় আৰু এটা গীৰ্জা ক্ষতিগ্ৰস্ত হৈছে।
 
দেওবাৰৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে সোমবাৰেও ৰাজ্যৰ কেইবাটাও স্থানত আতংকৰ সৃষ্টি কৰিছিল।
 
ৰাজ্যৰ ১২ খন জিলাৰ ভিতৰত ৭খন জিলাই এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে লগতে পূব পশ্চিম খাছি পাহাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
 
ৰাইজৰ সকাহৰ বাবে সকলো ডেপুটি কমিছনাৰ আৰু বিডিঅ’ই এনে তৎপৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও শ্বিলাই কয়। তেওঁ কয় যে ক্ষতিৰ পৰিসৰ জোখাৰ বাবে সকলো জিলা আৰু ব্লকতে মূল্যায়ন কৰা হৈছে।
 
মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ বাবে ততাতৈয়াকৈ কাম কৰি আছে। "ৰাজ্যৰ একাংশ অঞ্চলত প্ৰবল বতাহ আৰু প্ৰচণ্ড বৰষুণৰ বাবে বহু ঘৰ ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনক তৎকালীনভাৱে সকাহ দিবলৈ কৈছো।"