দেশ বিভাজন হিন্দু-মুছলমান উভয়ৰে বাবে ক্ষতিকাৰক আছিলঃ মাদানী

Story by  atv | Posted by  [email protected] • 1 Years ago
জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানী
জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানী
নতুন দিল্লী
 
জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানীয়ে কয় যে যিসকল লোকে দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল, তেওঁলোক কেনেকৈ দেশ বিৰোধী হ’ব পাৰে।
 
এক অনুষ্ঠানত তেওঁ কয়, "ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিল উলামা আৰু মুছলমানসকলে; আৰু ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰথম পতাকা উলামাসকলে উত্তোলন কৰিছিল। যিসকল লোকে প্ৰথমে স্বাধীনতাৰ শ্লোগান দিছিল, আজি একেখিনি মানুহকে বিশ্বাসঘাতক বুলি কোৱা হৈছে। আজি সমগ্ৰ দেশতে মুছলমানক পৃথককৈ চিত্ৰিত কৰা হৈছে। যাৰ পূৰ্বজসকলে দেশক স্বাধীনতা দিছিল, তেওঁ কেনেকৈ বিশ্বাসঘাতক হ'ব পাৰে।" 
"হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ আমাৰ জ্যেষ্ঠসকলে একতাৰ পথত আগবাঢ়ি গৈ দেশক ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ বিভাজনো সংঘটিত হৈছিল। এই বিভাজন কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বাবেই নহয়, হিন্দু আৰু মুছলমান উভয়ৰ বাবে ধ্বংসৰ কাৰণ হৈ পৰিছে," মাদানীয়ে লগতে কয়।
চীনৰ আগ্ৰাসন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "যদি দেশ বিভাজন নহ'লহেঁতেন আৰু ভাৰত, পাকিস্তান, বাংলাদেশ একেলগে থাকিলহেঁতেন, তেন্তে আজি চীনে ভাৰতৰ ভিতৰত অনুপ্ৰৱেশৰ সাহস গোটাব নোৱাৰিলেহেঁতেন। চৰকাৰেও নীৰৱ হৈ থাকিবলগীয়া নহ'লহেঁতেন।