নিশা উজাগৰে 'অপাৰেচন সিন্দুৰ'ৰ নিৰীক্ষণ প্ৰধানমন্ত্ৰী মোদীৰ; সেনা প্ৰধানৰ সৈতে বাৰ্তালাপ প্ৰতিৰক্ষা মন্ত্ৰীৰ

Story by  atv | Posted by  Munni Begum • 15 h ago
 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় সেনাৰ সেনাপ্ৰধান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় সেনাৰ সেনাপ্ৰধান
 
আৱাজ দ্য ভইচ/নতুন দিল্লী
 
যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে বুধবাৰে নিশা চলোৱা ‘অপাৰেচন সিন্দুৰ’ৰ পিছতে তীব্ৰ গতিত আগবাঢ়িছে দেশৰ কৌশলগত আৰু সামৰিক কাৰ্যকলাপ। বুধবাৰে পুৱাই এই বহুমাত্ৰিক অভিযান সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হয়। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই নিশা উজাগৰে কটাই অভিযানটো নিৰীক্ষণ কৰে।  
 
এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ে পুৱা ১০:০০ বজাত এই অভূতপূৰ্ব সামৰিক কাৰ্যকলাপৰ সন্দৰ্ভত আনুষ্ঠানিক সংবাদমেল অনুষ্ঠিত কৰিব। সূত্ৰই উল্লেখ কৰামতে ১৯৭১ চনৰ যুদ্ধৰ পিছত ভাৰতে পাকিস্তানৰ নিৰ্বিবাদ ভূখণ্ডৰ ভিতৰত চলোৱা অভিযানৰ ভিতৰত প্ৰথমবাৰৰ বাবে চলোৱা  গভীৰ সামৰিক অভিযান। চিএনএনৰ এক প্রতিবেদন অনুসৰি যোৱা পাঁচ দশকত ভাৰতে পাকিস্তানত সংঘটিত কৰা এইটোৱেই হৈছে সর্ববৃহৎ আৰু নিখুঁত সামৰিক আক্রমণ৷  
 
 
এইবাৰ ভাৰতে কেৱল পাকিস্তান দখল কৰা কাশ্মীৰ (PoJK)তে নহয়, পাকিস্তানৰ ভিতৰত বাহাৱালপুৰ, মুৰিদকে, ছিয়ালকোটৰ দৰে স্পৰ্শকাতৰ চহৰসমূহতো জৈছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ আত্মগোপন স্থানসমূহক লক্ষ্য কৰি লৈছিল। এই সংগঠনসমূহক ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু পৰিচালনাৰ বাবে দায়বদ্ধ বুলি গণ্য কৰা হয়। 

অপাৰেচন সিন্দুৰ: একেলগে ৯ টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ
 
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাই বিশেষ নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰি এক সমন্বিত কাৰ্য্য সংঘটিত কৰিছে। এই অভিযানত মুঠ ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল — চাৰিটা পাকিস্তানৰ ভিতৰত আৰু পাঁচটা পাকিস্তান দখল কৰা কাশ্মীৰত।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, আমাৰ কাৰ্য্যসমূহ কেন্দ্ৰীভূত, জুখিব পৰা আৰু অনাক্ৰমণীয় প্ৰকৃতিৰ হৈ আহিছে। কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই। লক্ষ্য বাছনি আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ ধৰণত ভাৰতে সংযম প্ৰদৰ্শন কৰিছে। 

সেনাৰ লক্ষ্য: জয়ছ আৰু লস্কৰৰ শীৰ্ষ সেনাপ্ৰধান
 
ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু সামৰিক পৰিকল্পনা অনুসৰি এই ৯টা স্থানক পহলগাম হত্যাকাণ্ডৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি হিচাপে নিৰ্বাচিত কৰা হৈছিল। ২২ এপ্ৰিলৰ আক্ৰমণত বহু পৰ্যটককে ধৰি ২৬জন নিৰীহ লোক নিহত হয়। 
 
সূত্ৰ অনুসৰি ভাৰতীয় আক্ৰমণৰ মূল লক্ষ্য আছিল জৈছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ দুৰ্গ বাহাৱালপুৰ, মুৰিদকে, মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ আত্মগোপনস্থলী আৰু ছিয়ালকোটত থকা লস্কৰৰ প্ৰশিক্ষণ শিবিৰ। 

গোটেই নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযান নিৰীক্ষণ কৰে
 
সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই নিশা ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰতিটো কাৰ্যকলাপ ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিছিল। তেওঁৰ প্ৰত্যক্ষ অংশগ্ৰহণে স্পষ্ট কৰি দিয়ে যে, এইটো কেৱল সামৰিক সঁহাৰি নাছিল, বৰঞ্চ ৰাজনৈতিক-কৌশলগত বাৰ্তাও আছিল। 
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছে যে, ৭ মে’ৰ পুৱা ১০ বজাত এখন প্ৰেছ ব্রিফিং অনুষ্ঠিত হ’ব, য’ত অপাৰেচন চিন্দুৰৰ বিষয়ে অধিক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে — যেনে ক্ষতিৰ মূল্যায়ন, সামৰিক প্ৰস্তুতিৰ পৰৱৰ্তী পদ্ধতি আৰু আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ ওপৰত চৰকাৰৰ নীতি।

বিশ্লেষণঃ ভাৰতৰ ‘নতুন স্বাভাৱিক’ সামৰিক নীতি?
 
‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে ভাৰতে দুটা স্তৰত স্পষ্ট বাৰ্তা দিছে:
 
সামৰিক দৃষ্টিকোণৰ পৰা – সন্ত্ৰাসবাদী আক্ৰমণৰ সঁহাৰি আৰু কেৱল কূটনৈতিক প্ৰতিবাদ বা নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে প্ৰতিশোধমূলক গুলীচালনাত সীমাবদ্ধ নাথাকিব। ভাৰতে এতিয়া নিখুঁত আৰু পৰিকল্পিত আক্ৰমণাত্মক সামৰিক প্ৰতিৰোধৰ নীতি গ্ৰহণ কৰিছে।
 
ৰাজনৈতিকভাৱে এই কাৰ্য্যই আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি চৰকাৰৰ ‘শূন্য সহনশীলতা’ নীতি আৰু প্ৰধানমন্ত্ৰীৰ ‘নিৰ্ণায়ক শাসন’ৰ ভাবমূৰ্তিক শক্তিশালী কৰে। 

শান্তিৰ আশা নে যুদ্ধৰ চিন?
 
ভাৰতে এই অভিযানক “অ-আক্ৰমণাত্মক” আৰু “সংযত” বুলি অভিহিত কৰাৰ বিপৰীতে পাকিস্তানৰ সঁহাৰি, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সঁহাৰি আৰু অনাগত দিনত এল অ’ চিৰ কাষৰীয়া পৰিস্থিতিয়ে নিৰ্ণয় কৰিব যে, ই স্থানীয় সামৰিক সঁহাৰি আছিল নে, আঞ্চলিক কৌশলগত পৰিৱৰ্তনৰ আৰম্ভণি আছিল।