ভাৰতত OpenAI-ৰ প্ৰথম কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰজ্ঞা মিশ্ৰক

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰজ্ঞা মিশ্ৰ
প্ৰজ্ঞা মিশ্ৰ
 
নতুন দিল্লী
 
ছেম অল্টমেনৰ দ্বাৰা অ’পেনএআইয়ে প্ৰজ্ঞা মিশ্ৰক ভাৰতৰ প্ৰথম কৰ্মচাৰী হিচাপে নিযুক্তি দিছে। শুকুৰবাৰে এক সূত্ৰই নিশ্চিত কৰে যে দেশৰ ৰাজহুৱা নীতিৰ কাম আৰু অংশীদাৰিত্বৰ নেতৃত্ব দিবলৈ  মিশ্ৰক নিযুক্তি দিয়া হৈছে। 
 
মিশ্ৰই ট্ৰুকলাৰৰ জনসংযোগ সঞ্চালিকা হিচাপে কাম কৰি আহিছে, য’ত তেওঁ চৰকাৰী মন্ত্ৰালয়, বিনিয়োগকাৰী, মূল অংশীদাৰ আৰু সংবাদ মাধ্যমৰ অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি আহিছে।  
 
ইয়াৰ পূৰ্বে তেওঁ তিনি বছৰ মেটা প্লেটফৰ্মছৰ সৈতে কাম কৰিছিল। প্ৰসংগক্ৰমে প্ৰজ্ঞা মিশ্ৰ ভাৰতৰ ভিতৰতে হোৱাটছএপৰ প্ৰথম কৰ্মচাৰীও আছিল।
 
২০১৮ চনত ভুল তথ্যৰ বিৰুদ্ধে হোৱাটছএপৰ অভিযানৰ নেতৃত্ব দিয়া  মিশ্ৰই আৰ্নষ্ট এণ্ড ইয়ঙৰ লগতে দিল্লীত থকা ৰয়েল ডেনিছ দূতাবাসৰ সৈতেও কাম কৰি আহিছে। তেওঁ ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পৰা এম বি এ লাভ কৰিছিল। 
 
দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰা  মিশ্ৰই লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ পৰা বাৰ্গেনিং আৰু  নিগোছিয়েচনত ডিপ্লমা লাভ কৰিছে।
 
তেওঁ এগৰাকী প’ডকাষ্টাৰ আৰু ইনষ্টাগ্ৰাম ইনফ্লুৱেন্সাৰ। তেওঁৰ ৩৫ হাজাৰ অনুগামী আছে। ধ্যান প্ৰশিক্ষক মিশ্ৰই ধ্যান আৰু মানৱ চেতনাৰ দৰে বিষয় সামৰি প্ৰজ্ঞান পডকাষ্ট (প্ৰজ্ঞান পডকাষ্ট)ও আয়োজন কৰি আহিছে।