কংগ্ৰেছ নেতা ছেম পিট্ৰ’ডাৰ বৰ্ণবৈষম্যমূলক মন্তব্য; প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সমালোচনা

Story by  atv | Posted by  [email protected] • 11 d ago
কংগ্ৰেছ নেতা ছেম পিট্ৰ’ডা
কংগ্ৰেছ নেতা ছেম পিট্ৰ’ডা
 
নতুন দিল্লী

কংগ্ৰেছৰ বৰ্ষীয়ান নেতা ছেম পিট্ৰ’ডাৰ এক মন্তব্যই আজি দেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ কৈছে যে পূব ভাৰতৰ লোকসকল দেখাত চাইনীজৰ দৰে আৰু দক্ষিণ ভাৰতৰ লোকসকল দেখাত আফ্ৰিকানসকলৰ দৰে। তেওঁৰ এই চৰম আপত্তিজনক আৰু বৰ্ণবৈষম্যমূলক মন্তব্যক বিজেপিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে কংগ্ৰেছে পিট্ৰ’ডাৰ এই মন্তব্যৰ পৰা তৎক্ষণাত নিজকে আঁতৰাই ৰাখিছে। তেওঁৰ মন্তব্য কোনোপধ্যে “গ্ৰহণযোগ্য নহয়” বুলি কংগ্ৰেছ অভিহিত কৰিছে।
 
দ্য ষ্টেটছমেন (The Statesman)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পিট্ৰ’ডাই গণতান্ত্ৰিক দেশৰ উত্তম উদাহৰণ হিচাপে ভাৰতৰ মৰ্যাদাৰ বিষয়ে আলোচনা কৰি কয় যে দেশখনৰ জনসাধাৰণে অতি সুখ আৰু শান্তিকৰ পৰিৱেশত ৭৫ বছৰ ধৰি জীয়াই আছে, য’ত মানুহে দুই-এক সংঘাতক বাদ দি সদায় একেলগে বাস কৰিছে।”
 
"আমি ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ এখন দেশক একেলগে ধৰি ৰাখিব পাৰিলোঁহেঁতেন, য'ত পূবৰ মানুহক চীনৰ দৰে, পশ্চিমৰ মানুহক আৰবৰ দৰে, উত্তৰৰ মানুহক বগা আৰু দক্ষিণৰ মানুহক আফ্ৰিকানৰ দৰে দেখা যায়। তথাপি, কোনো কথা নাই। আমি সকলো ভাই-ভনী।"- সাক্ষাৎকাৰৰ সময়ত পিট্ৰ’ডাই এইদৰে কয়।
 
তেওঁ লগতে কয়, "আমি সকলোৱে বিভিন্ন ভাষা, বিভিন্ন ধৰ্ম, ৰীতি-নীতি আৰু খাদ্যক সন্মান কৰো। সেইটোৱেই হৈছে মই বিশ্বাস কৰা ভাৰত, য'ত সকলোৰে বাবে স্থান আছে আৰু সকলোৱে অলপ হ'লেও আপোচ কৰে।"
পিট্ৰ’ডাৰ এই মন্তব্যই তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ লগে লগে কংগ্ৰেছৰ যোগাযোগ প্ৰভাৰী জয়ৰাম ৰমেশে কৈছে যে ভাৰতৰ বৈচিত্ৰ্যতাক বৰ্ণনা কৰিবলৈ ছেম পিট্ৰ'ডাই প'ডকাষ্টত উল্লেখ কৰা উপমাবোৰ অতি দুৰ্ভাগ্যজনক আৰু গ্ৰহণযোগ্য নহয়। ভাৰতীয় জাতীয় কংগ্ৰেছে এই উপমাবোৰক কেতিয়াও সমৰ্থন নকৰে।
 
পিট্ৰ'ডাৰ বিতর্কিত মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এক্সৰ এক প’ষ্টত কয়, “ছেম ভাই, মই উত্তৰ-পূৱৰ ব্যক্তি আৰু মোক ভাৰতীয় যেন লাগে। আমি এখন বৈচিত্ৰময় দেশ। আমি দেখাত বেলেগ হ’ব পাৰে, কিন্তু আমি সকলোৱে এক। আমাৰ দেশৰ বিষয়ে অলপ হ'লেও বুজি লওক।
ইফালে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পিট্ৰ’ডাক বৰ্ণবাদী আখ্যা দি কয় যে এই মন্তব্যই তেওঁৰ পক্ষপাতিত্ব প্ৰতিফলিত কৰিছে। "মই দক্ষিণ ভাৰতৰ ব্যক্তি। মোক ভাৰতীয় যেন লাগে। মোৰ দলত উত্তৰ-পূব ভাৰতৰ কেইবাগৰাকীও উৎসাহী সদস্য আছে। তেওঁলোকক ভাৰতীয় যেনহে দেখা যায়। পশ্চিম ভাৰতৰ মোৰ সহকৰ্মীসকলক ভাৰতীয় যেন দেখা যায়! কিন্তু, ৰাহুল গান্ধীৰ গুৰু বৰ্ণবাদীজনৰ বাবে আমি সকলোৱে আফ্ৰিকান, চাইনীজ, আৰব আৰু বগা ৰঙৰ হ'লো। আপোনাৰ এই মানসিকতা আৰু মনোভাৱ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ।’-এইদৰে টুইট কৰে সীতাৰমণে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেম পিট্ৰ'ডাৰ শেহতীয়া বিতৰ্কৰ বাবে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক দোষাৰোপ কৰি কয়, "আপুনি ইয়াৰ উত্তৰ দিব লাগিব। মোৰ দেশবাসীক ছালৰ ৰঙৰ ভিত্তিত অপমান কৰা হৈছে। দেশবাসীয়ে এই অসন্মান সহ্য নকৰে আৰু মোদীয়ে এই কথা কেতিয়াও সহ্য নকৰে।"