জম্মু-কাশ্মীৰত সেনাৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

Story by  atv | Posted by  [email protected] • 12 d ago
জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীৰ ঘেৰাও অভিযান
জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীৰ ঘেৰাও অভিযান
 
শ্ৰীনগৰ

জম্মু-কাশ্মীৰৰ কুলগামত মঙলবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। সংবাদ সংস্থা পিটিআইয়ে সেনা বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে সন্ধিয়া কুলগামৰ ৰেডৱানী অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল।
 
অৱশ্যে এই অনুসন্ধান অভিযানটো এনকাউণ্টাৰলৈ ৰূপান্তৰিত হয় আৰু মঙলবাৰলৈকে চলি থাকে। সন্ত্রাসবাদীকেইজনৰ মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই৷
 
উল্লেখ্য যে, যোৱা ১ মে’ত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন ভিলেজ ডিফেন্স গাৰ্ড (ভিডিজি) নিহত হোৱাৰ পিছতে নিৰাপত্তা সংস্থাই দুটা সন্ত্ৰাসবাদীৰ দলক বিচাৰি উলিয়াবলৈ কাঠুৱা জিলাত অনুসন্ধান অভিযান ব্যাপক কৰি তুলিছিল।
 
চোচৰু গালাৰ উচ্চতাৰ দুৰ্গম পানাৰা গাঁৱত সংঘটিত হয় এই এনকাউণ্টাৰ। ২৯ এপ্ৰিলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (জম্মু জ’ন) আনন্দ জৈনে কয় যে শেহতীয়াকৈ সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰাৰ পিছতে অঞ্চলটোত দুটাকৈ সন্ত্ৰাসবাদী গোট উপস্থিত থকাৰ সন্দেহ কৰা হৈছে।