আজি ৰাজনীতিৰ কেইবাগৰাকীও ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয়; ধুবুৰীত আজমলৰ অস্তিত্ব ৰক্ষাৰ যুজঁ

Story by  atv | Posted by  [email protected] • 12 d ago
আজি ৰাজনীতিৰ কেইবগৰাকীও ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয়
আজি ৰাজনীতিৰ কেইবগৰাকীও ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয়
 
আৱাজ-দ্য ভইচ ব্যুৰ/অসম
 
শাসক-বিৰোধীৰ কেইবাগৰাকী আগশাৰীৰ নেতাৰ ভাগ্য নির্ণয়ৰ বাবে ৭ মে'ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ কৰা হ'ব। দেওবাৰে বিয়লি তৃতীয় পর্যায়ৰ নির্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰে। এই পর্যায়ত ১২ খন বাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ৯৪ টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব।  তৃতীয় পর্যায়ত মুঠ ১,৩৫২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হ'ব ই ভি এমত।
 
এই পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা 'হেভীৱেইট' প্রার্থীসকলৰ ভিতৰত আছে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, বিজেপি নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ সাংসদ কন্যা সুপ্রিয়া সুলে', সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, বিজেপিৰ প্ৰহ্লাদ যোশী আদি। 
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
 
তৃতীয় পৰ্যায়ত অসমৰ ৪ টা সমষ্টিৰ লগতে বিহাৰৰ ৫ টা, ছত্তীশগড়ৰ ৭ টা, গুজৰাটৰ ২৬ টা, কৰ্ণাটকৰ ১৪ টা, মধ্য প্রদেশৰ ৮ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, পশ্চিমবংগৰ ৪ টা, গোৱাৰ দুটা আৰু জম্মু-কাশ্মীৰৰ এটা সমষ্টিত ভোটগ্রহণ কৰা হ'ব।
 
কেন্দ্ৰীয়শাসিত দাদৰা আৰু নগৰ হাভেলীৰ এটা আৰু দমন আৰু ডিউৰ এটা সমষ্টিতো এই পর্যায়তে নির্বাচন অনুষ্ঠিত হ'ব। আনহাতে প্ৰাৰ্থীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পর্যায়ত নির্বাচন হ'বলগীয়া মধ্যপ্ৰদেশৰ বেটুল সমষ্টিতো এই পর্যায়ত ভোটগ্রহণ কৰা হ'ব। তৃতীয় পর্যায়ত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ প্ৰায় ২৯ শতাংশই কোটিপতি। গোৱা দক্ষিণ সমষ্টিৰ বিজেপি প্রার্থী পল্লবী শ্রীনিবাস ডেম্প' হৈছে এই পৰ্যায়ৰ আটাইতকৈ ধনী প্রার্থী। এই মহিলা প্রার্থীগৰাকীৰ মুঠ সম্পত্তিৰ মূল্য ১,৩৬১ কোটি টকা।
 
কোটিপতিৰ তালিকাত আছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী। এই পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা বিজেপিৰ ৮২ গৰাকী প্ৰাৰ্থীৰ ৭৭ গৰাকীয়েই কোটিপতি। আনহাতে কংগ্ৰেছৰ ৬৮ গৰাকী প্ৰাৰ্থীৰ ৬০ গৰাকীয়েই কোটিপতি।
 
বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ
 
আনহাতে মধ্য আৰু পশ্চিম অসমৰ চাৰিটা সমষ্টি- বৰপেটা, ধুবুৰী, গুৱাহাটী, আৰু কোকৰাঝাৰত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত  কংগ্ৰেছ দলে সংযুক্ত বিৰোধী মঞ্চই অসম সৈতে বিজেপি আৰু এআইইউদিএফৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ব।
 
অন্তিম পৰ্যায়ৰ নিৰ্বাচনত বাতৰিৰ শিৰোনাম দখল কৰিছে এআইইউদিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দিতা কৰা ধুবুৰী সমষ্টি। যদি এইবাৰৰ নিৰ্বাচনত বদৰুদ্দিন আজমল নিৰ্বাচিত হয়, তেন্তে চতুৰ্থবাৰৰ বাবে তেওঁ ধুবুৰী সমষ্টিৰ সাংসদ হিচাপে পৰিগণিত হ'ব। কিন্তু যোৱা তিনিটা লোকসভা নিৰ্বাচনৰ দৰে এইবাৰৰ নিৰ্বাচন মৌলানা বদৰুদ্দিন আজমলৰ বাবে এক কঠিন পৰীক্ষা হিচাপে পৰিগণিত হৈছে, কিয়নো এইবাৰ ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ শক্তিশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰতিদ্বন্দিতা কৰিছে। ৰকিবুল হুছেইনৰ লগতে অসম গণ পৰিষদৰ জাবেদ ইছলামেও আজমলক বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। 
 
বিজুলী কলিতা মেধি আৰু মিৰা বৰঠাকুৰে ভোট সাব্যস্ত কৰা দৃশ্য
 
গুৱাহাটী লোকসভা সমষ্টিতো শাসক দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মিৰা বৰঠাকুৰ গোস্বামীৰ মাজত তুমুল ভোট যুদ্ধ হোৱাৰ সম্ভাৱনা আছে।
 
উল্লেখযোগ্য যে আজি অসমৰ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ৮০ লাখ ভোটাৰে।