চিনেমাৰ প্ৰচাৰেৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই

Story by  atv | Posted by  [email protected] • 11 d ago
চিনেমাৰ প্ৰচাৰেৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই
চিনেমাৰ প্ৰচাৰেৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই
 
গুৱাহাটী
 
যিসময়ত সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি প্ৰায় প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে, ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে সেই সময়তে ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বহিনী, অসম (স্বাধীন)-য়েও ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিছে।
 
এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে এইসমূহ দ্ৰব্যই সমাজত এক অসুস্থ বাতাবৰণ সৃষ্টি কৰা বুলি উল্লেখ কৰি নৱপ্ৰজন্মৰ মন, মগজু ধ্বংস হবলৈ ধৰিছে বুলিও উল্লেখ কৰিছে।
 
সেয়ে সংগঠনটোৱে এনেবোৰ সমস্যাক লৈ নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি নামৰ নতুন অসমীয়া চিনেমাখন উপভোগ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনোৱাৰ লগতে চিনেমাখনৰ প্ৰদৰ্শনৰ সময়ত চিনেমা হলসমূহত হিন্দী ছবিৰ প্ৰদৰ্শন স্থগিত ৰাখিবলৈও আহ্বান জনাইছে।
 
উল্লেখ্য যে, এই চিনেমাখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। তেওঁৰ সৈতে আছে বলিউডত প্ৰতিষ্ঠিত অসম কন্যা প্লাবিতা বৰঠাকুৰ। চিনেমাখনত সংগীতৰ গীতসমূহত কণ্ঠ দিছে জুবিন গাৰ্গ, ৰূপম ভূঞা, মহালক্ষ্মী আয়াৰ, ত্ৰিণয়ন বৰুৱা আৰু স্কটলেণ্ডৰ অৰিয়ানাই। চিনেমাখনৰ কাহিনী আৰু প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই। পৰিচালক কিশোৰ তহবিলদাৰ।