গাজাৰ বাবে ট্ৰাম্পৰ ‘শান্তি ব’ৰ্ড’লৈ ভাৰতক আমন্ত্ৰণ মাৰ্কিন ৰাষ্ট্ৰপতিৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতক এখন সংস্থাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে যাক তেওঁ "শান্তি ব'ৰ্ড" বুলি কয়, যাৰ উদ্দেশ্য যুদ্ধোত্তৰ গাজাত শাসন আৰু পুনৰ্নিমাণৰ ওপৰত নজৰ ৰখা।
 
হোৱাইট হাউছে কয় যে, এই পৰিকল্পনাৰ ভিতৰত এটা মূল ব'ৰ্ড আছে, যাৰ অধ্যক্ষতা ট্ৰাম্পে নিজেই কৰিব। গাজা পৰিচালনা কৰিবলৈ পেলেষ্টাইনী কাৰিকৰী বিশেষজ্ঞৰ এখন কমিটি, আৰু এটা দ্বিতীয় সংস্থা যাক "কাৰ্যবাহী ব'ৰ্ড" বুলি কোৱা হয়, যিয়ে মূলতঃ পৰামৰ্শদাতা ভূমিকা পালন কৰিব।
 
পাকিস্তানেও কৈছে যে, গাজাৰ শান্তি বোৰ্ডত যোগদান কৰিবলৈ ট্ৰাম্পৰ পৰা আমন্ত্ৰণ লাভ কৰিছে।
 
ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশেই ভাৰতক গ্ৰহণযোগ্য বুলি গণ্য কৰিছে, কাৰণ দুয়োখন দেশৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। ইজৰাইলৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আছে আৰু পেলেষ্টাইনৰ প্ৰতি মানৱীয় সাহায্য প্ৰদান কৰি আহিছে।
 
শেহতীয়া সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত ইজিপ্তৰ মাজেৰে গাজালৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আছিল। এক বিশেষ সাক্ষাৎকাৰত ইজৰাইলৰ ভাৰতৰ দূত ৰুৱেন আজাৰে কয় যে, ইজৰাইলৰ ভৱিষ্যতে গাজাত পাকিস্তানক কোনো ভূমিকা গ্ৰহণ কৰিবলৈ দিয়া নহ'ব।
 
১৫ জানুৱাৰীত গাজাৰ বাবে ট্ৰাম্পৰ ২০ দফীয়া শান্তি পৰিকল্পনাৰ অংশ হিচাপে শান্তি ব'ৰ্ড গঠন কৰা হৈছিল। ইয়াক ভৱিষ্যতে অন্যান্য বিশ্বব্যাপী সংঘৰ্ষৰ সমাধানৰ বাবে এক সম্ভাব্য বৃহত্তৰ মঞ্চ হিচাপে বিবেচনা কৰা হৈছে। অৱশ্যে, ট্ৰাম্পৰ আমন্ত্ৰণৰ প্ৰতি চৰকাৰসমূহে সাৱধানতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কূটনীতিবিদসকলে কয় যে, এই পৰিকল্পনাই বিশ্বব্যাপী সংঘৰ্ষৰ সমাধানত ৰাষ্ট্ৰসংঘৰ ভূমিকা হ্ৰাস কৰিব পাৰে। 
 
কেৱল হাংগেৰীয়েহে, যাৰ নেতা ট্ৰাম্পৰ এক ঘনিষ্ঠ মিত্ৰ, স্পষ্ট আৰু মুকলিভাৱে স্বীকাৰ কৰিছে। কূটনীতিবিদকসকলৰ মতে, প্ৰায় ৬০ খন দেশলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু শনিবাৰে ইউৰোপীয় ৰাজধানীসমূহলৈ নিমন্ত্ৰণ পত্ৰসমূহ আহিবলৈ আৰম্ভ হৈছিল। 
 
আন অধিকাংশ চৰকাৰে ৰাজহুৱা মন্তব্যৰ পৰা আঁতৰি থাকিল যদিও বিষয়াসকলে ব্যক্তিগতভাৱে ৰাষ্ট্ৰসংঘৰ কাম-কাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। হোৱাইট হাউছে বোৰ্ডৰ প্ৰত্যেকজন সদস্যৰ বিশেষ দায়িত্ব সম্পৰ্কে কোনো ব্যাখ্যা দিয়া নাই। আগন্তুক সপ্তাহসমূহত অধিক সদস্য ঘোষণা কৰা হ'ব বুলি কোৱা হৈছে।
 
১১ জনীয়া গাজা কাৰ্যকৰী বোৰ্ডত তুৰ্কী বিদেশ মন্ত্ৰী হাকান ফিদান, ৰাষ্ট্ৰসংঘৰ মধ্য প্ৰাচ্যৰ শান্তি সমন্বয়ক ছিগ্রিড কেগ, ইউএইৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী ৰীম আল-হাচিমি, ইজৰাইলী-চাইপ্ৰ'ট বিলিয়নাৰ ইয়াকাৰ গাবাই আৰু কাটাৰ আৰু সংযুক্ত আৰৱ এমিৰেটৰ বিষয়াসকল অন্তৰ্ভুক্ত হ'ব বুলি আশা কৰা হৈছে।
 
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে কয় যে এই কাৰ্যকৰী বোৰ্ডৰ গঠন ইজৰাইলৰ সৈতে আলোচনা কৰা হোৱা নাছিল আৰু ই ইজৰাইলৰ নীতিৰ বিৰুদ্ধে হয়।