কোন কোন ৰাজ্যৰ পৰা এইবাৰৰ হজযাত্ৰা সুলভ হ'ব ?

Story by  atv | Posted by  [email protected] • 10 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
হায়দৰাবাদ
 
ভাৰতীয় হজযাত্ৰীসকলৰ বাবে সুখবৰ। ভাৰতৰ হজ কমিটীয়ে ঘোষণা কৰে যে ২০২৪ চনৰ বাবে হজযাত্ৰাৰ পেকেজ হায়দৰাবাদ, দিল্লী, মুম্বাই, আহমেদাবাদৰ হজযাত্ৰীসকলৰ বাবে আটাইতকৈ কাৰ্যক্ষম আৰু সুলভ হ’ব। এই ঘোষণা কৰে হজ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া লেয়াকাত আলী আফাকীয়ে। উল্লেখযোগ্য যে অসমৰ পৰা এইবাৰ হজলৈ যাব বিচৰা হজযাত্ৰীৰ খৰছ হ'ব ৪,০৯,৮০০ টকা। 
 
ড০ আফাকীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰৰ বিশেষকৈ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি জুবিন ইৰাণীৰ প্ৰচেষ্টাৰ বাবে হায়দৰাবাদকে ধৰি ভাৰতীয় হজযাত্ৰীসকলৰ বাবে ২০২৩ চনৰ তুলনাত ২০২৪ চনত হজযাত্ৰাৰ খৰচ কম হ’ব।
 
হায়দৰাবাদৰ বাবে ২০২৪ চনত তীৰ্থযাত্ৰা পেকেজৰ বাবে আংশিক খৰচ ৩,৩৪,৭০০ টকা। যাৰ ফলত মুম্বাই, দিল্লী, আহমেদাবাদৰ পিছত চতুৰ্থ সস্তা। মুম্বাইৰ পৰা যোৱা হজযাত্ৰীৰ পেকেজৰ মূল্য ৩,২১,১৫০ টকা, দিল্লীৰ পৰা ৩,৩০,১০০ টকা, আহমেদাবাদৰ পৰা ৩,৩২,৭০০ টকা। বিহাৰৰ গয়াৰ পৰা যোৱা হজযাত্ৰীৰ খৰছ সৰ্বাধিক হ'ব। গয়াৰ পৰা যোৱা হজযাত্ৰীৰ খৰচ ৪,১১,৬০০ টকা হ’ব বুলি অনুমান কৰা হৈছে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
কেন্দ্ৰীয় হজ কমিটীয়ে এইবাৰ প্ৰতিজন হজযাত্ৰীৰ বাবে ১৫,১৮০ টকা কুৰবানী মাচুল নিৰ্ধাৰণ কৰিছে, কেঁচুৱাৰ বাবে অতিৰিক্ত মাচুল ৯,৭০০ টকা।
 
আহমেদাবাদ, লক্ষ্ণৌ, দিল্লী, কোচিকে ধৰি কেইবাটাও এম্বাৰ্কেচন পইণ্টৰ পৰা হজ ২০২৪ ৰ বাবে বিমান ভাড়া যথেষ্ট হ্ৰাস পাইছে। আহমেদাবাদ, নাগপুৰ, লক্ষ্ণৌ, আৰু দিল্লীৰ হজযাত্ৰীৰ বিমান ভাড়া যোৱা বছৰৰ তুলনাত ক্ৰমে ৪৫ হাজাৰ, ৩০ হাজাৰ, ২৬ হাজাৰ, আৰু ২০ হাজাৰ টকা হ্ৰাস পাইছে।
 
ভাৰতৰ পৰা ২০২৪ চনৰ হজযাত্ৰাৰ পেকেজৰ আনুমানিক ব্যয়:
 
আহমেদাবাদ-   ৩,৩২,৭০০ টকা
ঔৰংগাবাদ-   ৪,০৭,২০০ টকা
বেংগালুৰু-   ৩,৪৩,৫০০ টকা
ভোপাল-   ৩,৮৭,১৫০ টকা
কালিকাট-   ৩,৭৩,০০০ টকা
চেন্নাই-   ৩,৪৪,৯৫০ টকা
কোচি-   ৩,৩৭,১০০ টকা
দিল্লী-   ৩,৩০,১০০ টকা
গয়া-   ৪,১১,৬০০ টকা
গুৱাহাটী-   ৪,০৯,৮০০ টকা
হায়দৰাবাদ-   ৩,৩৪,৭০০ টকা
ইন্দ'ৰ-   ৩,৭১,২০০
জয়পুৰ-   ৩,৪২,৫০০ টকা
কান্নুৰ-   ৩,৩৮,০০০ টকা
কলকাতা-   ৩,৫৮,৭০০ টকা
লক্ষ্ণৌ-   ৩,৩৯,১০০ টকা
মুম্বাই-   ৩,২১,১৫০ টকা
নাগপুৰ-   ৩,৪২,১০০ টকা
শ্ৰীনগৰ-   ৪,০৮,৮৫০ টকা
বিজয়াৱাড়া-   ৪,০২,৭০০ টকা
 
ভাৰতৰ পৰা হজৰযাত্ৰীৰ প্ৰথমখন বিমান ৯ মে’ত মদিনালৈ ৰাওনা হ’ব। এইবাৰ ভাৰতীয় হজযাত্ৰীৰ অধিকাংশই ছৌদি এয়াৰলাইন্স, এয়াৰ ইণ্ডিয়া, ফ্লাইনাছ, স্পাইচজেট, আৰু ফ্লাইডেলৰ দৰে বিমান সংস্থাৰ বিমানেৰে যাত্ৰা কৰিব।
 
ক’ভিড-১৯ মহামাৰীৰ পাছত ২০২৩ চনত হজযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিল। ২০২২ চনত ৮ লাখ ৯৯ হাজাৰ ৩৫৩ জন হজযাত্ৰী হোৱাৰ বিপৰীতে ২০২১ চনত ছৌদি আৰৱৰ ভিতৰৰ পৰা মাত্ৰ ৬০ হাজাৰ লোকেহে হজযাত্ৰাত অংশগ্ৰহণ কৰিছিল। ২০২০ চনত কেৱল চৌদি আৰৱৰ নাগৰিকৰ সংখ্যা আছিল প্ৰায় ১০ হাজাৰ লোক, ২০১৯ চনত সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ২৫ লাখ লোক হজযাত্ৰা সম্পূৰ্ণ কৰিছিল। 
 
যিসকল মুছলমানে শাৰীৰিক আৰু আৰ্থিকভাৱে জীৱনকালত এবাৰ হ’লেও হজযাত্ৰা কৰাৰ সামৰ্থ হয়, তেওঁলোকৰ বাবে হজযাত্ৰা কৰাটো বাধ্যতামূলক।