ইৰাণ, ইণ্ডোনেছিয়াৰ আৰ্হিয়ে ভাৰতৰ মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সুস্থিৰ কৰিব পাৰে: পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী

Story by  Daulat Rahman | Posted by  Munni Begum • 10 Months ago
ইৰাণ আৰু ইণ্ডোনেছিয়াৰ পৰিয়াল পৰিকল্পনাৰ প্ৰতিনিধিত্বমূলক ছবি
ইৰাণ আৰু ইণ্ডোনেছিয়াৰ পৰিয়াল পৰিকল্পনাৰ প্ৰতিনিধিত্বমূলক ছবি
 
দৌলত ৰহমান / গুৱাহাটী
 
যিসময়ত মুছলমান জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বাবে উদ্বেগৰ কাৰণ হৈ উঠিছে, সেই সময়তে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে ইৰাণ আৰু ইণ্ডোনেছিয়াৰ দৰে ইছলামিক ৰাষ্ট্ৰৰ জন্ম নিয়ন্ত্ৰণৰ আৰ্হি অনুসৰণ কৰাটো এই সমস্যাৰ সমাধান বুলি দাবী কৰিছে।       
 
ডাঃ আলীয়ে কয় যে মুছলমানসকলক গৰ্ভনিৰোধক আৰু বন্ধ্যাকৰণ ব্যৱহাৰ কৰি সৰু পৰিয়াল গঢ়িবলৈ প্ৰেৰণা যোগাবলৈ ইৰাণ আৰু ইণ্ডোনেছিয়াৰ দৰে মুছলমান দেশত পালন কৰা পদ্ধতিসমূহক মানুহৰ মাজত জনপ্ৰিয় কৰি আহিছে। 'আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক বাৰ্তালাপত ডাঃ আলীয়ে কয় যে  অশিক্ষিত আৰু গাঁৱত বাস কৰা মুছলমানসকলে জন্ম নিয়ন্ত্ৰণৰ বিৰোধিতা কৰি আহিছে। এনে বিৰোধিতা কেৱল অসমতে নহয় ভাৰতৰ আন বহু প্ৰান্ততো দেখা যায়।
 
অসমৰ মুছলমানসকলৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণৰ বাবে ২০১৯ চনত পদ্মশ্ৰী বঁটা লাভ কৰা ডাঃ আলীয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মনোনিৱেশ কৰা প্ৰচেষ্টাৰ বাবে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে।
 
ডাঃ ইলিয়াছ আলীয়ে অসমৰ লোকসকলক পৰিয়াল পৰিকল্পনা পদ্ধতিৰ বিষয়ে শিক্ষিত কৰাৰ লক্ষ্যত
 
“বহু মুছলমানে সন্তানক আল্লাহৰ দান বুলি বিশ্বাস কৰে আৰু তেওঁলোকে ভাৱে যে সন্তানৰ জন্ম আল্লাহৰ ইচ্ছা অনুসৰি হয়। আল্লাহৰ ইচ্ছাৰ বিৰুদ্ধে যোৱাটো পাপ বুলি তেওঁলোকে গণ্য কৰে। এনে মানসিকতাৰ বিৰুদ্ধে যুঁজ দিয়াটো সহজ নাছিল। কিন্তু মই হাৰ মনা নাছিলো আৰু ইৰাণ আৰু ইণ্ডোনেছিয়াৰ দৰে মুছলমান দেশে অৱলম্বন কৰা পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনসাধাৰণক পতিয়ন নিয়াইছিলো। এই ক্ষেত্ৰত মই ধৰ্মীয় নেতাসকলক আত্মবিশ্বাসত লৈছিলো আৰু তেওঁলোকৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰিছিলো।"-ডাঃ আলীয়ে কয়।
 
তেওঁ কয় যে এনএছভি (NSV) হৈছে অণ্ডকোষত এটা বিন্ধাৰ জৰিয়তে বন্ধ্যাকৰণ কৰাৰ আটাইতকৈ জনপ্ৰিয় আৰু কম যন্ত্ৰণাদায়ক কৌশল। ইয়াৰ বাবে কোনো চিলাইৰো প্ৰয়োজন নহয়। ই কম বেদনাদায়ক আৰু অস্ত্ৰোপচাৰৰ পিছত জটিলতা কম হয়। 
উল্লেখ্য যে, ডাঃ আলীক চীনত এন এছ ভিৰ উদ্ভাৱক ডাঃ লি শ্বুনকিয়াঙে প্ৰশিক্ষণ দিছিল। সত্তৰৰ দশকৰ আৰম্ভণিতে এন এছ ভি আৱিষ্কাৰ হৈছিল যদিও ভাৰতত ১৯৯০ চনৰ মাজভাগতহে ইয়াৰ প্ৰচলন হৈছিল।
 
ডাঃ আলীয়ে কয় যে ইৰাণৰ পৰিয়াল পৰিকল্পনাৰ প্ৰসাৰৰ এটা শক্তিশালী দিশ হৈছে পুৰুষৰ অন্তৰ্ভুক্তি আৰু ই হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত পুৰুষ আৰু মহিলা উভয়ে বিবাহৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ আগতে আধুনিক গৰ্ভনিৰোধক সন্দৰ্ভত জ্ঞান লোৱাটো বাধ্যতামূলক। চৰকাৰৰ দ্বাৰা অনুমোদিত কণ্ডম কাৰখানা থকা ইৰাণ হৈছে একমাত্ৰ দেশ। ইয়াৰ উপৰিও লাখ লাখ ইৰাণী পুৰুষৰ বন্ধ্যাকৰণ (Vasectomy) কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
 
ডাঃ ইলিয়াছ আলীয়ে অসমত মুছলমানসকলক সম্বোধন কৰাৰ এক দৃশ্য
 
“ইৰাণত ধৰ্মীয় নেতাসকলে মছজিদত শুকুৰবাৰৰ জুম্মাৰ নামাজৰ সময়ত উল্লেখ কৰে যে সৰু পৰিয়াল তেওঁলোকৰ সামাজিক দায়িত্ব। তেওঁলোকে আদালতৰ নিৰ্দেশৰ দৰে ফতোৱা, ধৰ্মীয় আদেশ জাৰি কৰে। এই ফতোৱাই সকলো প্ৰকাৰৰ গৰ্ভনিৰোধক ব্যৱস্থাক উৎসাহিত কৰে। ইয়াৰ ভিতৰত আছে পুৰুষ আৰু মহিলাৰ স্থায়ী বন্ধ্যাকৰণ। এই ব্যৱস্থা গ্ৰহণ কৰা ইৰাণ হৈছে বিশ্বৰ প্ৰথমখন মুছলমান দেশ। জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাৰ ভিতৰত আছে বিনামূলীয়া কণ্ডম, বড়ি আৰু বন্ধ্যাকৰণ," ডাঃ আলীয়ে কয়। 
 
ডাঃ আলীৰ মতে, ইণ্ডোনেছিয়া এখন মুছলমান দেশ হোৱাৰ বাবে তাত জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা প্ৰাধান্যৰ বিষয় নহয় যদিও তেওঁলোকে মুছলমান ধৰ্মগুৰুসকলৰ লগতে খ্ৰীষ্টান আৰু কেথলিক ধৰ্মগুৰুসকলৰ সৈতে আলোচনা কৰি জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা সমগ্ৰ দেশত ৰূপায়ন কৰিছে। তেওঁ কয় যে জনবিস্ফোৰণ ঘটা ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহে জনসংখ্যা সুস্থিৰ কৰিবলৈ ইৰাণ আৰু ইণ্ডোনেছিয়াৰ আৰ্হি অনুসৰণ কৰিলে উপকৃত হ’ব।
 
মুছলমান দেশসমূহত অনুসৰণ কৰা উত্তম পদ্ধতিসমূহ অসমৰ মুছলমানৰ মাজত জনপ্ৰিয় কৰাৰ উপৰিও ডাঃ আলীয়ে পবিত্ৰ কোৰআনক সঠিক দৃষ্টিভংগীৰে ব্যাখ্যা কৰি পৰিয়াল পৰিকল্পনা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে মুছলমানসকলক পতিয়ন নিয়াইছে।ডাঃ আলীয়ে কয় যে মই পবিত্ৰ কোৰআনৰ প্ৰসংগ ব্যৱহাৰ কৰি জনসাধাৰণক বুজাই আহিছো যে জন্ম নিয়ন্ত্ৰণ কৰাটো ইছলামৰ বিৰোধিতা কৰা নহয়।