মুন্নী বেগম / গুৱাহাটী
"এজাৰ ফুলিলে, পলাশে হাঁহিলে, কপৌফুল ওলমি ৰ'ল, গছে গছে ন ন কুঁহিপাত ওলালে, বননি শুৱনী হ'ল"...পদূলি মুখত হেঁপাহৰ ৰঙালী। অসমীয়াৰ পৰিচয় বহন কৰা বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে সমগ্ৰ অসমবাসী। যুগ যুগ ধৰি অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে উদযাপন কৰি আহিছে ৰঙালী তথা ব’হাগ বিহু। কিন্তু দ্ৰুতগতিত পৰিৱৰ্তিত আজিৰ পৃথিৱীখনত বিহুৱে নতুনত্ব লাভ কৰিছে, য'ত পৰম্পৰাই প্ৰযুক্তিৰ সৈতে মিলি গৈছে।
বিহুৰ এই আধুনিকীকৰণৰ ক্ষেত্ৰত সামাজিক মাধ্যমে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ ভৰপকে চেনেহৰ বিহুটিক আধুনিক ৰূপ দিছে আৰু এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰম্পৰাত শিপাই থকা বিহুত ফেশ্বন, সাংস্কৃতিক সংযোজন, ভৱিষ্যতৰ প্ৰতি এক সাহসী আৰু আধুনিক দৃষ্টিভংগীৰে আজিৰ প্ৰজন্মই ইয়াত নতুনত্ব প্ৰদান কৰিছে। যুৱ কন্টেন্ট ক্ৰিয়েটৰসকলে সামাজিক মাধ্যমত আধুনিক টুইষ্টৰ সৈতে বিহু নৃত্যৰ ৰীল পোষ্ট কৰিছে, পৰম্পৰাগত গীতবোৰ ৰিমিক্স কৰিছে, আনকি মেখেলা-চাদৰ আৰু গামোছাৰ পৰা ফেশ্বনৰ সামগ্ৰী ডিজাইন কৰি প্ৰস্তুত কৰিছে। #BihuVibes আৰু #DigitalBihuৰ দৰে হেচটেগে এই উৎসৱক বিশ্বব্যাপী দৰ্শকৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে। যিয়ে নৱ প্ৰজন্মৰ মাজত সদায়ে বিহুক প্ৰাসংগিক কৰি ৰাখিছে।
গামোছা প্ৰিন্টৰ সংযোজন কৰা পোচাক
ফেশ্বনৰ ক্ষেত্ৰত বিহুৰ পৰম্পৰাগত মেখেলা চাদৰ আৰু ধুতি-কূৰ্তাৰ এক সুকীয়া স্থান আছে, যদিও আধুনিক বিহুত ইয়াৰ এক সুন্দৰ টুইষ্ট দেখিবলৈ পোৱা গৈছে। কিয়নো যুৱক-যুৱতীসকলে বৰ্তমান ভাৰত-পশ্চিমীয়া ডিজাইনৰ সৈতে অসমীয়া বয়নশিল্পক একত্ৰিত কৰিছে। ডিজাইনাৰসকলে বিহুৰ সাজ-পোছাকযোৰৰ অস্ত্বিত্ব অক্ষুন্ন ৰাখি জেকেট, ক্ৰপ টপ, ফ্ৰক, স্কাৰ্ফ আদিত গামোছা প্ৰিন্টৰ সংযোজন কৰা দেখা গৈছে। এইবোৰে বিহুৰ পোছাকযোৰক ষ্টাইলিছ কৰি তুলিছে। এই ফেশ্বন বিৱৰ্তনে বিহুৰ সাজ-পোছাকযোৰক অধিক সৰ্বাংগীন আৰু যুৱপ্ৰজন্মৰ বাবে আকৰ্ষণীয় কৰি তুলিছে।
সংগীত আৰু নৃত্যৰ ক্ষেত্ৰত চাবলৈ গ'লে ঢোল আৰু পেপাৰ সুৰে এতিয়া গীটাৰ, ইলেক্ট্ৰনিক বিট, ফিউজন ডান্স শৈলীৰ সৈতে সামঞ্জস্য বিচাৰি পাইছে। বিহুগীতত প্ৰেম আৰু আকাংক্ষাৰ প্ৰতিধ্বনি থকাৰ সময়তে নতুন যুগৰ শিল্পীসকলে সেইবোৰ ৰিমিক্স কৰি ইউটিউব আৰু সামাজিক মাধ্যমত ট্ৰেণ্ড কৰা ট্ৰেক সৃষ্টি কৰিছে। সমান্তৰালভাৱে বিহু নৃত্যও বিকশিত হৈছে। শাস্ত্ৰীয়, আধুনিক, আনকি হিপ-প'প নৃত্যত বিহুৰ শৈলীৰ সংযোজন কৰা হৈছে, যিয়ে নৱপ্ৰজন্মক পৰম্পৰাৰ সৈতে একত্ৰিত কৰি ৰাখিছে।
অসমীয়াৰ বাবে ৰঙালী বিহু সদায় জীৱন, শস্য আৰু সমাজৰ এক জীপাল অনুষ্ঠান। কিন্তু শেহতীয়া বছৰবোৰত বিশেষকৈ মহামাৰীৰ সময়ছোৱাৰ পিছৰে পৰা বিহু উদযাপনে অনলাইন প্লেটফৰ্মত এক নতুন স্থান লাভ কৰিছে, যিয়ে বিহুৰ চহকী ঐতিহ্য সংৰক্ষণত সহায় কৰিছে। সম্প্ৰতি লাইভ ষ্ট্ৰীম কৰা বিহু অনুষ্ঠান, ডিজিটেল নৃত্য প্ৰতিযোগিতা, অনলাইন বিহুগীত প্ৰতিযোগিতা ইত্যাদি ক্ৰমান্বয়ে এক নিয়ম হৈ পৰিছে। ঘৰৰ পৰা বহু দূৰত বাস কৰা অসমীয়া মানুহে ইউটিউবত বিহু চাব পাৰিছে, ইনষ্টাগ্ৰামত অংশগ্ৰহণ কৰিব পৰিছে তথা জুম এপত যোগদান কৰিব পৰিছে।
মঞ্চত বিহু নৃত্য পৰিবেশন কৰা এক দৃশ্য
যিহেতু ভাৰ্চুৱেল বিহু উদযাপন, লাইভ ষ্ট্ৰীম কৰা সাংস্কৃতিক অনুষ্ঠান আদি নিয়ম হৈ পৰিছে। সেয়েহে ৰঙালী বিহুৰ ভৱিষ্যত ভাৰসাম্য পৰিৱৰ্তনক আঁকোৱালি লৈ পৰম্পৰাক সন্মান কৰাৰ ওপৰত নিহিত হৈ আছে। কিয়নো সামাজিক মাধ্যমে বিহুক এক বিশ্বব্যাপী উদযাপনলৈ ৰূপান্তৰিত কৰিছে, য'ত সমগ্ৰ বিশ্বৰ অসমীয়া লোকসকলে সংযোগ স্থাপন, পৰিবেশন আৰু নিজৰ সংস্কৃতিক গৌৰৱেৰে ইজনে আনজনৰ সৈতে উদযাপন কৰি আহিছে। যিয়ে অতীত আৰু বৰ্তমানৰ মাজৰ এখন সেতু নিৰ্মান কৰিছে, পৰম্পৰাক নতুনত্ব প্ৰদান কৰি অৰ্থপূৰ্ণভাৱে লাভৱান হ'বলৈও শিকাইছে।
ৰঙালী বিহুক নতুনত্ব প্ৰদান কৰা মানে অতীতক পাহৰি যোৱা নহয়, বৰং ইয়াক বৰ্তমানৰ যুগৰ সৈতে প্ৰতিফলন ঘটাই ভৱিষ্যতক অনুপ্ৰাণিত কৰা ধৰণে জীয়াই ৰখাহে। ফেশ্বন আৰু ফিউজনক আঁকোৱালি লৈ বিহু কেৱল উৎসৱ হৈ থকা নাই, ই অসমীয়া গৌৰৱ আৰু সৃষ্টিশীলতাৰ জীয়া, বিৱৰ্তনশীল প্ৰতীকৰ লগতে সকলোৰে বাবে সুলভ আৰু প্ৰেৰণাদায়ক হৈ পৰিছে।