হাতী আৰু জীপ ছাফাৰী বন্ধ হ'ব কাজিৰঙাত

Story by  atv | Posted by  Munni Begum • 17 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১ মে'ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে'ৰ পৰা জীপ ছাফাৰী বন্ধ কৰাৰ জাননী জাৰি কৰা হৈছে। তদুপৰি বাৰিষাৰ আগমনৰ পৰিপ্ৰেক্ষিতত চলিত বর্ষত পর্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন বন্ধ কৰা হৈছে। যোৱা ২৫ এপ্রিলত বন বিভাগে এক নির্দেশনাযোগে এই কথা ঘোষণা কৰিছে।  
 
উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰত পৰ্যটকৰ বাবে উদ্যান দর্শন মুকলি কৰি দিয়া হৈছিল। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি চলিত পর্যটন বর্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল দর্শন কৰিবলৈ অহা পৰ্যটকৰ সংখ্যা লেখত ল'ব লগাকৈ বৃদ্ধি পাইছে। 
বন বিভাগৰ তথ্য অনুসৰি, ১৯৯৬-৯৮ বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা আছিল ১৮,৩৮২ জন আৰু এই পৰ্যটকসকলৰ পৰা সংগ্ৰহ হৈছিল ১৭ লাখ টকা। আনহাতে ২০২৩-২৪ বর্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা  ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্রই প্রকাশ কৰিছে। 
 
ইয়াৰে ৩,১৩,৫৭৪ গৰাকী দেশীয় পর্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পর্যটক। এই পর্যটকসকলৰ পৰা ৰাজহ সংগ্রহ হৈছে ৮,৮১,৮৪,১৬১ টকা। 
২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী-বিদেশী ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল। ২০২৩-২৪ বর্ষত ১২,৬৯৭ জন দেশী-বিদেশী পর্যটক বৃদ্ধি পাইছে আৰু ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ সংগ্ৰহ হৈছে।