২০ মে'ৰ পৰা বন্ধ হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্টিং

Story by  atv | Posted by  Munni Begum • 13 d ago
 মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
 
গুৱাহাটী 
 
২০ মে'ৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হ'ব হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্টিং। ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত পর্যটকৰ বাবে বন্ধ হ'ব জীপ ছাফাৰিৰ ব্যৱস্থা। 
 
উল্লেখ্য যে, ৫ জুনৰ পৰা পুনৰ জাননী নিদিয়া পর্যন্ত পৰ্যটকৰ বাবে বন্ধ হ'ব মানাহৰ প্ৰৱেশদ্বাৰ। বন্ধ থাকিব পর্যটন সম্পর্কীয় সকলো কার্যকলাপ। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এটা বিবৃতিযোগে এই কথা জানিবলৈ দিছে বি টি চিৰ বন বিভাগৰ চি এইচ ডি সুমন মহাপাত্রই। উল্লেখ্য যে, প্রতিকূল বতৰ আৰু বাৰিষাৰ আগমনৰ পূর্বে প্রতিটো পর্যটন বর্ষতেই পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয় মানাহৰ প্রবেশদ্বাৰ।