ডুবাইৰ ৰাজকুমাৰীৰ কন্যা সন্মান প্ৰসৱৰ এক বিৰল মুহূৰ্ত

Story by  atv | Posted by  [email protected] • 12 d ago
ডুবাইৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰী
ডুবাইৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰী

ডুবাই

যোৱা সপ্তাহত ডুবাইৰ শাসকৰ কন্যাই এটি কন্যা সন্তান জন্ম দিয়ে আৰু তেওঁ প্ৰসৱৰ কিছু মুহূৰ্তৰ পিছতে চিকিৎসালয়ৰ ফটো প্ৰকাশ কৰিছে। ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ কন্যা শ্বেইখা মাহৰা বিণ্টে তেওঁৰ চিকিৎসক আৰু ডুবাইৰ লতিফা হাস্পতালৰ কৰ্মচাৰীসকলক ধন্যবাদ জনায়। তেওঁ কেঁচুৱা মাহৰা এই পৃথিৱীলৈ অহাৰ মুহূৰ্ততো আটাইতকৈ স্মৰণীয় অভিজ্ঞতা বুলি অভিহিত কৰে।
 
ছবিবোৰত দেখা গৈছে যে ৰাজকুমাৰীয়ে নৱজাতকক বুকুত সাৱতি ধৰি ৰাখিছে। মাতৃ গৰ্ভৰ পৰা উলিয়াই অনাৰ কিছু মুহূৰ্তৰ এই ফটোবোৰত কেঁচুৱাটোৰ উন্মুক্ত শৰীৰটো টাৱেলেৰে ঢাকি ৰখা দেখা গৈছে। শ্বেখা মাহৰা বিন্ত মহম্মদ বিন ৰছিদ আল মাকতুমৰ স্বামী শ্বেখ মানা বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুমৰ কাষত থিয় হৈ থকা দেখা গৈছে। তাৰে এখন ফটোত তেওঁ নিজৰ কন্যাক ধৰি ৰাখিছে।
 
উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহত বিবাহপাশত আবদ্ধ হোৱাৰ প্ৰায় এবছৰৰ পাছত এই দম্পতীহালে আজি পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰে। তেওঁলোকৰ নিকাহ অনুষ্ঠানৰ পাঁচ মাহৰ পাছত ৰাজকুমাৰীয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। গ্ৰেজিয়াৰ এক প্ৰতিবেদন অনুসৰি, আল্ট্ৰাছাউণ্ড স্কেনৰ ফটো শ্বেয়াৰ কৰি শ্বেখা মাহৰাই ইনষ্টাগ্ৰাম ষ্ট’ৰীজত লিখিছে, "আমি তিনিজন।" ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ জেণ্ডাৰ ৰিভিল পাৰ্টি সম্পন্ন হৈছিল।
 
শ্বেইখা মাহৰাৰ পিতৃ শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুম হৈছে ইউ এ ইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী। ডুবাইৰ শাসকৰ ২৬টা সন্তানৰ ভিতৰত অন্যতম শ্বেইখা মাহৰা। মাতৃ জো গ্ৰীগোৰাকোছ গ্ৰীচৰ হোৱাৰ বাবে তেওঁৰ এমিৰেট আৰু গ্ৰীক শিপা আছে। ডুবাইৰ শাসকে গ্ৰীক মহিলাগৰাকীক বিবাহ বিচ্ছেদ কৰিছিল।
কিন্তু ৰাজকুমাৰীগৰাকীয়ে মাতৃৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বাহাল ৰখা যেন দেখা গৈছে আৰু ইনষ্টাগ্ৰামত তেওঁৰ সৈতে ফটো পোষ্ট কৰিছে। 
 
উল্লেখ্য যে, শ্বেইখ মানা বিন মহম্মদ বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুম হৈছে এজন আমিৰাছী ব্যৱসায়ী। তেওঁৰ একাধিক উদ্যোগ আছে। হাৰ্পাৰছ বজাৰ আৰবৰ মতে, তেওঁ ডুবাইৰ এম বি আৰ স্কুল অৱ গভৰ্ণমেণ্টৰ এক্সিলেৰেটেড লিডাৰশ্বিপ অন-বৰ্ডিং প্ৰগ্ৰেমৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।