মৰণোত্তৰ পৰীক্ষাত সহায় কৰা মহিলা অনাময় কৰ্মীক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ
নতুন দিল্লী
অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ বহু প্ৰত্যাশিত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে ৰাম মন্দিৰ ট্ৰাষ্টৰ পৰা আমন্ত্ৰণ লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাত সহায় কৰা এগৰাকী ৩৫ বছৰীয়া মহিলা অনাময় কৰ্মীয়ে। তেওঁ ৭০০ৰো অধিক মৰণোত্তৰ পৰীক্ষাত সহায় কৰিছে।
এএনআইৰ সৈতে হোৱা কথা-বতৰাত সন্তোষী দুৰ্গা নামৰ কৰ্মীগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ প্ৰায় ১৮ বছৰ ধৰি নৰহৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জীৱন দীপ সমিতিৰ অনাময় কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। এই সময়ছোৱাত তেওঁ ৭০০ৰো অধিক মৰণোত্তৰ পৰীক্ষা কৰিছে আৰু তেওঁৰ অৱদানৰ বাবে বিভিন্ন দল-সংগঠনৰ পৰা স্বীকৃতি লাভ কৰিছে।
ৰাম মন্দিৰৰ পৰা লাভ কৰা আমন্ত্ৰণত স্তম্ভিত হৈ অনাময় কৰ্মী সন্তোষীয়ে কয়, “জীৱনত মই কেতিয়াও ভবা নাছিলো যে মোক অযোধ্যাৰ পৰা ফোন কৰা হ’ব, কিন্তু ভগৱান ৰামৰ ইচ্ছা অনুসৰি মোক মন্দিৰ কৰ্তৃপক্ষই আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। মই চিঠিখন লাভ কৰি আচৰিত হৈছো আৰু চকুৰ পৰা আনন্দৰ চকুলো ওলাই আহিছিল।”
সন্তোষী দুৰ্গাই আমন্ত্ৰণ পত্ৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ১৮ জানুৱাৰীত নৰহৰপুৰৰ পৰা অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীলৈ ৰাওনা হ'ব। ৰাম মন্দিৰত মহিলাগৰাকীয়ে নৰহৰপুৰবাসীৰ সুখ, শান্তি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিব।
নৰহৰপুৰৰ বিএমঅ’ প্ৰশান্ত কুমাৰ সিঙেও সন্তোষীক অভিনন্দন জনাই কয় যে তেওঁ অযোধ্যাৰ পৰা নিমন্ত্ৰণ পত্ৰ লাভ কৰাটো অঞ্চলটোৰ বাবে গৌৰৱৰ বিষয়। অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে আমন্ত্ৰিত ব্যক্তিসকলৰ ভিতৰত অসামৰিক বঁটাপ্ৰাপক, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ, আৰু ৰাম মন্দিৰৰ আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰা কৰ সেৱকসকলৰ পৰিয়ালৰ সদস্য আছে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সূত্ৰই জনোৱা মতে, এই ক্লান্তিকৰ আইনী যুদ্ধৰ সময়ত ৰামলাল্লাক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলকো ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভব্য অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।
সূত্ৰ অনুসৰি এই অনুষ্ঠানত উপস্থিত থাকিব মৃত কৰ সেৱকৰ পৰিয়ালৰ সদস্য, ৰাম মন্দিৰ আন্দোলনৰ সৈতে জড়িত নেতাৰ আত্মীয়, অধিবক্তাৰ এটা দল, হিন্দু সন্ত, নেপালৰ সন্ত সম্প্ৰদায়ৰ প্ৰভাৱশালী ব্যক্তি, জৈন, বৌদ্ধ ধৰ্মৰ ব্যক্তি , আৰু শিখ সম্প্ৰদায়, জনজাতীয় সমাজৰ প্ৰতিনিধি, বাতৰি কাকত আৰু টেলিভিছন চেনেলৰ উল্লেখযোগ্য ব্যক্তি, ন'বেল বঁটা, ভাৰত ৰত্ন, পৰমবীৰ চক্ৰ, আৰু পদ্ম বঁটা আদি সন্মানীয় বঁটা লাভ কৰা ব্যক্তি, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ, সেনাবাহিনীৰ ত্ৰিসেৱাৰ অৱসৰপ্ৰাপ্ত মুৰব্বী, প্ৰাক্তন ৰাষ্ট্ৰদূত, প্ৰশাসনিক বিষয়া, বুদ্ধিজীৱী, খেলুৱৈ, ৰাজনৈতিক দলৰ নেতা, উদ্যোগী আদি।
শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে অহা ২২ জানুৱাৰীত দুপৰীয়া ৰাম মন্দিৰৰ ভিতৰত ৰাম লাল্লাক সিংহাসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।