এইবাৰৰ হজ হ’ব পৰৱৰ্তী ১৬ বছৰৰ ভিতৰত অন্তিমটো গ্ৰীষ্মকালীন হজযাত্ৰা

Story by  atv | Posted by  [email protected] • 4 d ago
প্ৰচণ্ড গৰম নেওচি হজ যাত্ৰাত অংশ লৈছে একাংশ ইছলামধৰ্মী লোকে (প্ৰতিনিধিত্বমূলক ফটো)
প্ৰচণ্ড গৰম নেওচি হজ যাত্ৰাত অংশ লৈছে একাংশ ইছলামধৰ্মী লোকে (প্ৰতিনিধিত্বমূলক ফটো)
 
নতুন দিল্লী

ছৌদি আৰৱৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে যে অহা ১৬ বছৰৰ ভিতৰত এইবাৰৰ হজ গ্ৰীষ্মকালত অনুষ্ঠিত হ'বলগীয়া শেষৰটো হজযাত্ৰা। ২০২৬ চনৰ পৰা হজ তীৰ্থযাত্ৰা ইছলামিক চন্দ্ৰ কেলেণ্ডাৰ অনুসৰি বসন্ত আৰু পিছলৈ শীতকালত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, ২০২৬ চনৰ পৰা ২০৩৩ চনলৈ হজযাত্ৰা বসন্ত কালত আৰু ২০৩৪ চনৰ পৰা ২০৪১ চনলৈকে শীতকালত হোৱাৰ সম্ভাৱনা আছে। তাৰ পিছত ২০৪২ চনত হজযাত্ৰা পুনৰ গ্ৰীষ্মকাললৈ ঘূৰি আহিব।

ইয়াৰ ফলত আগন্তুক ১৬ বছৰলৈ হজযাত্ৰীসকলে মক্কাত পূৰ্বৰ বছৰসমূহৰ দৰে প্ৰচণ্ড গৰমৰ সৈতে যুঁজিবলগীয়া নহয়। ২০২৪ চনৰ তীৰ্থযাত্ৰাৰ সময়ত মক্কাত তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫১ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছিল, যাৰ ফলত এদিনতে ২৭০০ৰো অধিক লোক হিটষ্ট্ৰ’কত আক্ৰান্ত হৈছিল। যোৱাবাৰ গৰমৰ ফলত কেইবাজনো লোকৰ মৃত্যুও হৈছিল।

উল্লেখ্য যে, চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি অহা ৬ জুন শুকুৰবাৰে সন্ধিয়া হজ ২০২৫ আৰম্ভ হ’ব আৰু ১২ জুন বুধবাৰে সন্ধিয়া সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। ইছলামিক চন্দ্ৰ পঞ্জিকাৰ দ্বাদশ মাহ ধুল হিজ্জাহ (Dhul Hijjah)ৰ ৮ তাৰিখৰ পৰা ১২ তাৰিখলৈ বছৰি হজ হয়।