ফাৰহান ইছৰাইলী / জয়পুৰ
নিকাহ বা বিবাহ কেৱল এটি সামাজিক অনুষ্ঠান নহয়, ই এক পবিত্ৰ ধৰ্মীয় বন্ধন। কিন্তু সময়ৰ সৈতে এই পবিত্ৰ সম্পৰ্কটো বহু সময়ত প্ৰতিযোগিতাৰ বিষয় হৈ পৰিছে। এই প্ৰেক্ষাপটতে ৰাজস্থানৰ মুছলমান সমাজত, বিশেষকৈ কুৰেইশ্বী সমাজৰ মাজত এক ইতিবাচক সমাজিক পৰিবৰ্তনৰ ঢৌ দেখা গৈছে। য'ত ৰাজস্থানৰ কুৰেইশ্বী সমাজে বিবাহক পুনৰ সৰলতা আৰু ছুন্নতৰ পথলৈ ঘূৰাই অনাৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।
বৰ্তমান ৰাজস্থানৰ মুছলমান সমাজত বিশেষকৈ কুৰেশ্বী সম্প্ৰদায়ে যৌতুকমুক্ত আৰু আড়ম্বৰপূৰ্ণ বিহীন বিবাহ অনুষ্ঠানৰ কথা ভাবিছে। যি বিবাহ প্ৰথাত অপ্ৰয়োজনীয় খৰচ আৰু বিশাল বিবাহ অনুষ্ঠান (গ্ৰেণ্ড ৱেডিঙ)ৰ প্ৰতিযোগিতা বন্ধ কৰাৰ এক অভিযান আৰম্ভ কৰা হৈছে। য'ত যৌতুক ব্যৱস্থা, নৈশ ভোজৰ ব্যৱস্থা, বিশাল বাগিচাৰ দৰে সাজ-সজ্জা আদি নাথাকে। এই অভিযানে এতিয়া শক্তিশালী ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে। জয়পুৰৰ পৰা আৰম্ভ হোৱা এই পদক্ষেপে এতিয়া ৰাজ্যৰ বিভিন্ন চহৰলৈ বিয়পি পৰিছে আৰু মানুহৰ মানসিকতাও সলনি কৰিছে৷
এক মহান উদ্দেশ্যৰে এই অভিযান আৰম্ভ কৰা হৈছিল। যি হৈছে মানুহক ব্যয়বহুল সাজ-সজ্জা আৰু বিশাল ভোজৰ পৰিৱৰ্তে ছুন্নতৰ মতে সৰলতাৰে বিবাহ, পবিত্ৰ সম্পৰ্ক কৰিবলৈ উৎসাহিত কৰা। এই পদক্ষেপৰ ভেটি ২০২৪ চনৰ ২৪ ডিচেম্বৰত জয়পুৰৰ ঝোটোৱাৰা অঞ্চলত স্থাপন কৰা হৈছিল। জ্যেষ্ঠ সমাজকৰ্মী তথা ব্যৱসায়ী ছুত্তন কুৰেইশ্বীয়ে ঝোটৱাৰাৰ নূৰাণী মছজিদত নৈম কুৰেইশ্বীৰ (ৰাজস্থান ৰাজ্যিক সভাপতি, অল ইণ্ডিয়া জমিয়াতুল কুৰেইশ্ব)ৰ পুত্ৰৰ সৈতে কন্যা আলিমাৰ বিবাহখন অতি সহজ পদ্ধতিৰে পৰিচালনা কৰিছে। এই বিবাহত কোনো বিশাল সাজ-সজ্জা নাছিল, কোনো ব্যয়বহুল বাগিচা নাছিল আৰু কোনো বিশাল ভোজৰ আয়োজন কৰা হোৱা নাছিল।
ৰাজস্থানৰ মুছলমান সম্প্ৰদায়ে আয়োজন কৰা এখন বিবাহৰ দৃশ্য
এই বিবাহে স্পষ্টকৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে, বিবাহ প্ৰতিযোগিতা বা প্ৰদৰ্শনৰ বিষয় নহয়, বৰঞ্চ সম্পৰ্কৰ পবিত্ৰ আৰু পৰিয়ালৰ সুবিধাসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। এই উপলক্ষে সৰ্বভাৰতীয় জমিয়াতুল কুৰেইশ্বৰ ৰাষ্ট্ৰীয় সভাপতি ছিৰাজ আহমেদ কুৰেইশ্বীও উপস্থিত থাকে। তেওঁ এই পদক্ষেপক ঐতিহাসিক আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰি কয় যে, "ই পৰম্পৰাগত চিন্তাধাৰা পৰিবৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবেও এক আদৰ্শ দাঙি ধৰিছে।"
এই অভিযানৰ আয়োজন আৰু শক্তিশালী কৰাৰ দায়িত্ব ইছলাহে মাশ্ৰা সমিতিয়ে গ্ৰহণ কৰিছে। এই সমিতিৰ লক্ষ্য হৈছে, যৌতুক দাবী, বিয়াত গভীৰ নিশা ডিজে সংগীত, ব্যয়বহুল ভোজ, বিবাহ বাগিচাত অতিৰিক্ত খৰচ আদি সামাজিক কু-সংস্কাৰবোৰ বন্ধ কৰা। কমিটীৰ সদস্যসকলে ঘৰে ঘৰে গৈ মানুহক বুজাইছে যে, সৰলতাৰে আৰু ধৰ্মীয় নিয়ম অনুসৰি বিবাহ অনুষ্ঠান আয়োজন কৰাটোৱে হৈছে প্ৰকৃত আদৰ্শ।
শেহতীয়াকৈ এই পদক্ষেপৰ প্ৰভাৱ তৃণমূল পৰ্যায়তো দেখা গৈছে। ২০২৬ চনৰ ৬ জানুৱাৰীত মছজিদ কুৰেইশ্বীয়ানত এম ডি ৰোডৰ অঞ্জুমৰ সৈতে ঝোটৱাৰাৰ বাসিন্দা মেৰাজ কুৰেইশ্বীৰ পুত্ৰ ছোহেইলৰ বিবাহ অনুষ্ঠিত কৰা হৈছিল।ইএই বিবাহত কোনো ৰাজভোজ বা বিশাল সাজ-সজ্জা নাছিল। অতিথিসকলক কেৱল খেজুৰ আৰু সাধাৰণ মিঠা বস্তুৰে আদৰণি জনোৱা হৈছিল। এই সৰল বিবাহ প্ৰথাই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল যে, বিবাহৰ পবিত্ৰতা আৰু সম্পৰ্কৰ গুৰুত্ব বস্তুগত প্ৰদৰ্শনৰ সৈতে তুলনা কৰিব নোৱাৰিব।
ৰাজস্থানৰ মুছলমান সম্প্ৰদায়ে আয়োজন কৰা এখন বিবাহৰ দৃশ্য
একেদৰে ৮ জানুৱাৰীত ঝোটৱাৰাৰ নূৰাণী মছজিদত আন এক সাধাৰণ বিবাহ অনুষ্ঠিত কৰা হয়। মেৰাজ কুৰেইশ্বীৰ কন্যা শ্বেহনাজ আৰু জহীৰুদ্দিনৰ পুত্ৰ জুনাইদৰ বিবাহ জুহৰ নামাজৰ পিছত শ্বৰীয়ত নিয়ম অনুসৰিয়ে অনুষ্ঠিত কৰা হয়। ইয়াতো অতিথিসকলক কেৱল খেজুৰ আৰু লঘু সতেজ খাদ্যৰে আদৰণি জনোৱা হয়, কোনো ধৰণৰ বিশাল সাজ-সজ্জা বা ব্যয়বহুল ভোজৰ আয়োজন কৰা নহয়।
এই অভিযান তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি কৰা হৈছে:
যৌতুক নাই: কন্যা সন্তানৰ আত্মসন্মান ৰক্ষা আৰু দুখীয়া পৰিয়ালক ঋণ আৰু আৰ্থিক বোজাৰ পৰা সকাহ দিয়া।
নিশাৰ আহাৰৰ ব্যৱস্থা নাথাকে: নিশা ভোজ আৰু খাদ্যৰ অপচয় বন্ধ কৰা।
বাগিচাৰ দৰে সাজ-সজ্জা নাথাকে: ব্যয়বহুল বিবাহ বাগিচাৰ সলনি মছজিদত বিবাহক অগ্ৰাধিকাৰ দিয়া।
কুৰেইশ্বী সম্প্ৰদায়ৰ এই পদক্ষেপ অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। যিয়ে সৰলতা, বিশ্বাস, সম্পৰ্কৰ পবিত্ৰতাক সমাজৰ প্ৰকৃত পৰিচয় বুলিও নৱ প্ৰজন্মক শিকাইছে। এই প্ৰচেষ্টাৰ বাবেই অপ্ৰয়োজনীয় খৰচ আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজন কৰা হ্ৰাস হোৱায়ে নহয়, যুৱক-যুৱতীসকলেও অনুপ্ৰাণিত হৈ নিজৰ চিন্তাধাৰা সলনি কৰি আহিছে।
সমাজকৰ্মী আৰু সমিতিৰ সদস্যসকলে বিশ্বাস কৰে যে, বিবাহৰ এই নতুন প্ৰথাই সমগ্ৰ মুছলমান সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব। ই প্ৰমাণ কৰিছে যে, সম্পৰ্কৰ পবিত্ৰতা, পাৰিবাৰিক প্ৰেম আৰু সৰলতা যিকোনো বস্তুগত প্ৰদৰ্শনতকৈ বহু বেছি গুৰুত্বপূৰ্ণ। আগন্তুক সময়ত কুৰেইশ্বী সম্প্ৰদায়ৰ এই অভিযান সমগ্ৰ ৰাজস্থানত আৰু অন্যান্য মুছলমান সম্প্ৰদায়তো বিয়পি পৰিব। যিয়ে যৌতুক, অপচয়মূলক খৰচ আৰু আড়ম্বৰপূৰ্ণ বিহীন বিবাহ সংস্কৃতি শক্তিশালী কৰিব।
এইদৰে ৰাজস্থানৰ কুৰেইশ্বী সম্প্ৰদায়ে এক আদৰ্শ দাঙি ধৰিছে যে যাৰদ্বাৰা শক্তিশালী ইচ্ছাশক্তি আৰু সামাজিক সচেতনতাৰে পৰম্পৰাগত অনিয়মক প্ৰত্যাহ্বান জনোৱা আৰু এখন শক্তিশালী আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলা সম্ভৱ হব।