ব্যক্তিগত অপাৰেটৰে সময়সীমা পালন নকৰাৰ ফলত ভাৰতৰ হজ কোটা কৰ্তন কৰিছে ছৌদি আৰৱে

Story by  atv | Posted by  [email protected] • 5 d ago
ছৌদি আৰৱত ভাৰতীয় হজযাত্ৰীক আদৰণি জনাইছে ভাৰতীয় কাউন্সিল জেনেৰেল শ্বাহিদ আলমে
ছৌদি আৰৱত ভাৰতীয় হজযাত্ৰীক আদৰণি জনাইছে ভাৰতীয় কাউন্সিল জেনেৰেল শ্বাহিদ আলমে
 
নতুন দিল্লী

ছৌদি আৰবে ভাৰতৰ হজযাত্ৰীসকলৰ বাবে ৫০ হাজাৰ কোটা বাতিল কৰা বুলি বাতৰি প্ৰকাশ পাইছে যদিও ইয়াৰ প্ৰকৃত কাৰণটো বেলেগ। বাস্তৱ কথাটো হ’ল যে ব্যক্তিগত অপাৰেটৰসকলে প্ৰাসংগিক নথিপত্ৰ দাখিলৰ কঠোৰ সময়সীমা, আৰু পেমেণ্ট আদি মানি চলাত ব্যৰ্থ হোৱাৰ বাবেই এই আবণ্টন বাতিল কৰা হৈছে।
 
কিন্তু ভাৰতীয় কৰ্তৃপক্ষৰ হস্তক্ষেপৰ পিছত ছৌদি আৰৱৰ হজ মন্ত্ৰালয়ে ১০ হাজাৰ আসন পুনৰ জাৰি কৰিছে। অৱশ্যে তথাপিও হজলৈ যাব বিচৰা প্ৰায় ৪০ হাজাৰ ভাৰতীয় শংকিত হৈ আছে।
 
ব্যক্তিগত অপাৰেটৰৰ জৰিয়তে যোৱাসকলে তেওঁলোকৰ ভ্ৰমণ পৰিকল্পনা বাতিল হোৱাৰ সম্ভাৱনাত প্ৰতাৰিত আৰু হতাশ অনুভৱ কৰাৰ বিপৰীতে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেই ছ’চিয়েল মিডিয়াত ইয়াৰ স্পষ্টীকৰণ দিছে।
 
হজৰ সৈতে ৰাজনীতি নকৰিবলৈ আহ্বান জনাই ৰিজিজুৱে কয় যে হজযাত্ৰাৰ ব্যৱস্থা পৰিচালনাৰ দায়িত্বত থকা চৰকাৰী সংস্থা ভাৰতীয় হজ কমিটীয়ে ১,২২,০০০ তীৰ্থযাত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত সকলো আনুষ্ঠানিকতা সময়মতে সম্পূৰ্ণ কৰিলেও ব্যক্তিগত অপাৰেটৰসকলে ছৌদি হজ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা সময়সীমা পালনত ব্যৰ্থ হয়। ব্যক্তিগত অপাৰেটৰসকলক ৫০,০০০ কোটা আবণ্টন দিয়া হৈছে।
"ছৌদি চৰকাৰেও এই বছৰ কোনো সময় বৃদ্ধিৰ অনুমতি দিয়া নাছিল। অৱশ্যে ভাৰতে বিষয়টো ছৌদি চৰকাৰৰ সৈতে আলোচনা কৰি আছে আৰু দুয়োখন দেশৰ মাজত থকা উন্নত সম্পৰ্কৰ কথা বিবেচনা কৰি তেওঁলোকে ভাৰতৰ বাবে ১০ হাজাৰ হজ কোটা পুনৰ নিৰ্ধাৰণ কৰিছে।"-মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে। 
 
এতিয়া ছৌদি হজ মন্ত্ৰালয়ে ব্যক্তিগত অপাৰেটৰসকলক নিজৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ নুছুক পৰ্টেল (Nusuk portal) নিৰ্দিষ্ট এক সময়ৰ বাবে মুকলি কৰি দিছে।
 
ৰিজিজুৱে সকলো ব্যক্তিগত অপাৰেটৰক নিজৰ চুক্তি চূড়ান্ত কৰিবলৈ আৰু অনুমতি দিয়া বৰ্ধিত সময়ৰ ভিতৰত পৰ্টেলত সকলো নথি-পত্ৰ আপলোড কৰিবলৈও আহ্বান জনায়। ছৌদি আৰবে ভাৰতীয়ৰ কোটা বাতিল কৰা এই ভুল তথ্যই ভাৰতত ধুমুহাৰ সৃষ্টি কৰিছে আৰু বহু নেতাই পৰোক্ষভাৱে ইয়াৰ বাবে ভাৰত চৰকাৰক দোষাৰোপ কৰিছে।