পদ্ধতিগত নিৰ্যাতনঃ হিন্দু নেতাৰ হত্যাক লৈ বাংলাদেশক তীব্ৰ সমালোচনা ভাৰতৰ

Story by  atv | Posted by  [email protected] • 5 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

বাংলাদেশত এজন হিন্দু নেতাক অপহৰণ কৰি হত্যা কৰা সন্দৰ্ভত শনিবাৰে ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনক হিন্দুকে ধৰি সকলো সংখ্যালঘুক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিবলৈ ভাৰতে আহ্বান জনাইছে।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক বিবৃতিত কয় যে বাংলাদেশৰ হিন্দু সংখ্যালঘু নেতা ভবেশ চন্দ্ৰ ৰায়ৰ অপহৰণ আৰু নৃশংস হত্যাকাণ্ড আমি অত্যন্ত দুখেৰে লক্ষ্য কৰিছো। জয়ছোৱালে আৰু কয় যে পূৰ্বৰ এনে ঘটনাৰ দোষীসকলে শাস্তিবিহীনভাৱে বিচৰণ কৰি থকাৰ সময়তে এই হত্যাকাণ্ডই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত হিন্দু সংখ্যালঘুসকলৰ ওপৰত পদ্ধতিগতভাৱে নিৰ্যাতন চলোৱাৰ ধাৰাবাহিকতা অনুসৰণ কৰিছে।
 
সংখ্যালঘুৰ ওপৰত ভাৰতৰ পূৰ্বৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি জয়ছোৱালে লগতে কয় যে আমি এই কাণ্ডক গৰিহণা দিছো আৰু পুনৰবাৰ অন্তৱৰ্তীকালীন চৰকাৰক সোঁৱৰাই দিছো যে বিভাজনৰ সৃষ্টি নকৰি হিন্দুকে ধৰি সকলো সংখ্যালঘুক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰা উচিত।
উল্লেখ্য যে, যোৱা বছৰ ঢাকা বিমানবন্দৰত হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত ভাৰতে বাংলাদেশক সংখ্যালঘুৰ অধিকাৰ ৰক্ষাৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিছিল। জয়ছোৱালে সংখ্যালঘুসকলক সুৰক্ষা দিবলৈ ইউনুছ প্ৰশাসনক আহ্বান জনাই কৈছে যে সংখ্যালঘুৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ ৰিপৰ্ট কৰা কাৰ্যক সংবাদ মাধ্যমৰ অতিৰঞ্জিত কাম বুলি উলাই কৰিব নোৱাৰি।
 
উত্তৰ বাংলাদেশৰ ঘৰৰ পৰা অপহৰণ কৰাৰ পিছত বৃহস্পতিবাৰে নিশা ৫৮ বছৰীয়া ভৱেশ চন্দ্ৰ ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৰায়ৰ পত্নীয়ে দ্য ডেইলী ষ্টাৰক জনোৱা মতে, সেইদিনা বিয়লি প্ৰায় ৪:৩০ বজাত ভৱেশ চন্দ্ৰ ৰায়ৰ এটা ফোন আহিছিল। অভিযোগ অনুসৰি অভিযুক্তই সেই সময়ত উপস্থিত আছিল নে নাই সেইটো জানিবলৈ ফোন কৰিছিল।
 
বাংলাদেশৰ হিন্দু সংখ্যালঘু নেতা ভবেশ চন্দ্ৰ ৰায়ৰ পত্নীয়ে আৰু দাবী কৰে যে তেওঁৰ স্বামীক আধা ঘণ্টাৰ পিছত তেওঁলোকৰ চৌহদৰ পৰা বলপূৰ্বকভাৱে লৈ নৰবাৰী গাঁৱলৈ লৈ যোৱা হয়, য’ত তেওঁক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হয়।
 
যেতিয়া ৰয়ক অচেতন অৱস্থাত নিজৰ ঘৰলৈ ঘূৰাই পঠিওৱা হয়, তেতিয়া চুবুৰীয়াই তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়, যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। স্থানীয় খবৰ অনুসৰি, ৰয়ৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত সন্দেহযুক্ত লোকক এতিয়াও বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে।