৫৫ বছৰীয়া মহিলা গলফাৰ ফৰিয়াল ছাদাবে গলফ আৰু জীৱনৰ মাজত বহুখিনি সাদৃশ্য বিচাৰি পাইছে

Story by  atv | Posted by  Munni Begum • 11 d ago
 গলফাৰ ফৰিয়াল ছাদাব তেওঁৰ স্বামী ডাঃ ছাদাব মেহমুদৰ সৈতে
গলফাৰ ফৰিয়াল ছাদাব তেওঁৰ স্বামী ডাঃ ছাদাব মেহমুদৰ সৈতে
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
"গলফ আৰু জীৱনৰ মাজত বহুখিনি সাদৃশ্য আছে, য'ত আমি অতীতক পাহৰি আগবাঢ়ি যাব লাগিব। যদি আপোনাৰ এটা গলফ হল (golf hole) ব্যৰ্থ হয়, তেন্তে আৰু আন এটা লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব পাৰে। গ’ল্ফৰ পৰা মই জীৱন যাপনৰ এই সহজ পদ্ধতিটো শিকিছো। গল্ফৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে বেডমিণ্টন, টেনিছ, ক্ৰিকেট আদিৰ দৰে আন সকলো খেলতে এজন অংশীদাৰ বা দলৰ প্ৰয়োজন হয়, কিন্তু গলফত অকলে খেলিব পাৰি।" এই মন্তব্য আগবঢ়াইছে নয়ডাৰ ৫৫ বছৰীয়া গলফাৰ ফৰিয়াল ছাদাবে। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত ফৰিয়াল ছাদাবে কয় যে ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ দিল্লীৰ ওখলাত থকা ৰেডিঅ’লজিষ্ট স্বামী ডাঃ ছাদাব মেহমুদৰ ডায়েগনষ্টিক লেবৰেটৰী পৰিচালনা কৰি আছিল। ঠিক সেই সময়তে উৎসুক গলফ খেলুৱৈ তথা তেওঁৰ স্বামী ডাঃ ছাদাবে তেওঁক গলফ খেলিবলৈ আহ্বান জনায়।
 
গলফাৰ ফৰিয়াল ছাদাব
 
স্বামীৰ পৰামৰ্শ মতে ফৰিয়াল ছাদাবে যেতিয়া প্ৰথমবাৰৰ বাবে গলফ খেলিছিল তেতিয়া তেওঁ ইয়াক বুঢ়াৰ খেল বুলি ভাবিছিল, দুবাৰমান চেষ্টা কৰিছিল আৰু তাৰ পিছত এৰি দিছিল। আচলতে ডাঃ ছাদাব মেহমুদে গলফ খেলি ভাল পায় আৰু তেওঁ এই খেলৰ প্ৰতি আগ্ৰহী হ'বলৈ পত্নীক আহ্বান জনাইছিল।
 
আৰু ২০২০ চনৰ পৰা ফৰিয়াল ছাদাবেও লাহে লাহে গলফ ভাল পাবলৈ আৰম্ভ কৰে। তেওঁ কয় যে স্বামীৰ বাবেই আজি তেওঁ এগৰাকী গলফাৰ হৈছে। আনকি পুৰণি গলফাৰসকলেও ফৰিয়াল ছাদাবৰ ছুইং আৰু পিকআপ দেখি আচৰিত হোৱা হ'ল আৰু এইদৰেই তেওঁৰ গ’ল্ফৰ যাত্ৰা আৰম্ভ হয়।
 
এটা গলফ গ্ৰুপ
 
এতিয়া ফাৰিয়ালে গলফ খেলি ইমানেই ভাল পায় যে সেউজীয়া পৰিৱেশত গলফ খেলি তেওঁ আনকি বন্ধৰ দিনবোৰো কটায়। তেওঁ কয় যে যিকোনো বয়সতে খেলিব পৰা একমাত্ৰ খেল হৈছে গলফ। তাৰ পিছত ফাৰিয়ালে নিজৰ জীৱন আৰু গলফ সংগীৰ সৈতে বহু গলফ প্ৰতিযোগিতা খেলিছিল, য’ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গলফ খেলো আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গলফ খেলিছে। বিদেশী দেশ যেনে ডুবাই, ছিংগাপুৰ, আমেৰিকা, থাইলেণ্ড আদিৰ গলফ খেলপথাৰবোৰ তেওঁৰ বাবে অতি সুখকৰ আছিল।
 
ফাৰিয়ালে যেতিয়া শ্ৰীনগৰ গলফ খেলপথাৰত গলফ খেলিছিল, তেতিয়া তেওঁৰ অনুভৱ হৈছিল এক সুকীয়া সুখদায়ক পৰিবেশ। ফৰিয়ালে আৱাজ দ্য ভইচ'ক কয় যে কাশ্মীৰত গলফ খেলি তেওঁ এক বিশেষ আনন্দ অনুভৱ কৰে। 
 
গলফাৰ ফৰিয়াল ছাদাবৰ সৈতে গলফ ফিল্ডত কেইগৰাকীমান মহিলা ফলফাৰ
 
ফাৰিয়াল ছাদাবে কয় যে গলফ এনেকুৱা এবিধ খেল যিয়ে আপোনাৰ শাৰীৰিক আৰু মানসিক ক্লান্তি নাইকিয়া কৰি মনলৈ শান্তি কঢ়িয়াই আনে। গলফৰ পৰা আমি শক্তি পাও আৰু নেতিবাচকতা নাইকিয়া হয়। কাৰণ, যদি আপুনি সেউজীয়া ঠাইত গলফ খেলে তেতিয়া ই আপোনাৰ চকুক সুৰক্ষা দিয়ে। সেউজীয়া পৰিৱেশে আপোনাক এটা বেলেগ শীতলতা আৰু মানসিক প্ৰশান্ত দিয়ে।
 
ফাৰিয়ালে যেতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গলফ খেলিবলৈ যায় তেতিয়া নতুন মানুহক লগ পায় আৰু তেওঁলোকৰ খাদ্য, কাপোৰ আৰু সংস্কৃতি জানিবলৈ আগ্ৰহী হয়। সেই মানুহবোৰক লগ পাই তেওঁ ভাল পায় আৰু তেওঁলোকক বন্ধুৰ তালিকাত সন্নিবিষ্ট কৰে। সংস্কৃতিৰ বিনিময় তেওঁ ভাল পায়।
 
গলফাৰ ফৰিয়াল ছাদাব আৰু তেওঁৰ স্বামী ডাঃ ছাদাব মেহমুদ
 
ফাৰিয়াল ছাদাবে গলফ খেলাৰ পিছত শাৰিৰীক প্ৰশান্তি অনুভৱ কৰে আৰু তেওঁৰ নিশা ভাল টোপনি আহে। ঘৰ আৰু লেবৰ লগতে এতিয়া তেওঁ গলফ খেলিবলৈ স্বাভাৱিক সময় দিবলৈ সক্ষম হৈছে, যাৰ কৃতিত্ব তেওঁ স্বামীক দিয়ে। ফাৰিয়াল ছাদাবৰ ঘৰ হৈছে নবাব চহৰ হিচাপে পৰিচিত লক্ষ্ণৌ। তেওঁ আলিগড়ত শিক্ষা গ্ৰহণ কৰিছিল। এ এম ইউ গাৰ্লছ স্কুলত পঢ়াৰ সময়ৰে পৰাই ক্ৰীড়াৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল। সেই সময়ত ছাদাবে খো-খো আৰু বেছবল খেলাত পাকৈত আছিল। স্কুলীয়া দিনবোৰ মনত পেলাই তেওঁ এনেদেৰ কয়।
 
ফাৰিয়াল ছাদাবে এতিয়া বেছিভাগ সময় নয়ডা গলফ কোৰ্ছত গলফ খেলে। তেওঁ এই ক্লাবৰ এগৰাকী সদস্যও। স্বামী ছাদাব মেহমুদে আলিগড়ত এটা গলফ গ্ৰুপ গঠন কৰিছে, যাৰ গলফ প্ৰতিযোগিতা চহৰৰ বাহিৰত চলি থাকে। ফাৰিয়াল একমাত্ৰ মহিলা গলফাৰ, আৰু তেওঁ বিচাৰে যাতে অধিক মহিলাই গলফ খেলিবলৈ আগবাঢ়ি আহে। ফাৰিয়ালে ছাদাব ক্লাবত অনুষ্ঠিত হোৱা সভা আৰু প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
 
গলফাৰ ফৰিয়াল ছাদাব আৰু তেওঁৰ স্বামী ডাঃ ছাদাব মেহমুদ
 
তেওঁ লগতে কয় যে খেলত জয় আৰু পৰাজয় থাকিবই। কেতিয়াবা কাৰ্ডখনৰ তলত মোৰ নামটো থাকিলে ভাল নালাগে। কেতিয়াবা সাধাৰণ খেলত মই ভাল প্ৰদৰ্শন কৰো আৰু মূল গলফ খেলত ইমান ভাল প্ৰদৰ্শন কৰিব নোৱাৰো। কিন্তু মই অনুশীলন কৰি থাকোঁ আৰু চেষ্টা কৰি থাকোঁ। এতিয়া ফাৰিয়াল ছাদাবে যথেষ্টসংখক বন্ধুত্বপূৰ্ণ মেচ খেলে আৰু গলফ খেলি জীৱনৰ আনন্দ উপভোগ কৰিছে।