ইৰাণত ৬.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰণি; ৩ জনৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
তেহৰাণ
 
শনিবাৰে দক্ষিণ ইৰাণত ৬.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ পোৱা গৈছে। 
 
ভূমিকম্পটোৰ কেন্দ্ৰস্থল হৰ্মোজগান প্ৰদেশৰ বন্দৰ চহৰ বন্দৰ আব্বাছৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আছিল। যোৱা বছৰৰ ভূমিকম্পত, হৰ্মোজগান প্ৰদেশত ৬.৪ আৰু ৬.৩ প্ৰাবল্যৰ দুটা ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হৈছিল। 
ইৰাণৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পটো আছিল ১৯৯০ চনত হোৱা ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰি। যাৰ ফলত দেশখনৰ উত্তৰত ৪০,০০০ লোকৰ মৃত্যু হৈছিল। 
কেইবাটাও টেকটনিক প্লেটৰ কাষত অৱস্থিত আৰু বিভিন্ন ত্ৰুটি ৰেখা অতিক্ৰম কৰাৰ বাবে ইৰাণ হৈ পৰিছে শক্তিশালী ভূমিকম্পৰ কাৰ্যকলাপৰ এক ক্ষেত্ৰ।