ইছলামবাদ
ভাৰতৰ সৈতে বৃহৎ সামৰিক সংঘাতৰ কিছুদিনৰ পাছত পাকিস্তান সেনাৰ মুৰব্বী জেনেৰেল অসীম মুনিৰক দেশৰ সৰ্বোচ্চ সামৰিক পদবী ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি দিয়া হৈছে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মঙলবাৰে দেশৰ কেন্দ্ৰীয় কেবিনেটে মুনীৰক ফিল্ড মাৰ্শ্বাল হিচাপে পদোন্নতি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত মুনীৰৰ পদোন্নতি সন্দৰ্ভত আলোচনা হয়।
স্থানীয় সংবাদ মাধ্যমৰ মতে, শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা সামৰিক সংঘাতত পাকিস্তানৰ সশস্ত্ৰ বাহিনীক “সফলভাৱে” নেতৃত্ব দিয়াৰ বাবে মুনিৰক পদোন্নতি দিয়া হৈছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ সৈতে সংঘাতত তেওঁৰ “দৃষ্টান্তমূলক ভূমিকা”ৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে শেহতীয়া সংঘাতত পাকিস্তানে জয়ৰ দাবী কৰি আহিছে যদিও ভাৰতে বিভিন্ন মঞ্চত প্ৰমাণেৰে তেওঁলোকৰ মিছা কথা ফাদিল কৰিছে।
পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে সামৰিক আদালতত সাধাৰণ নাগৰিকৰ বিচাৰৰ সমৰ্থনত এক উল্লেখযোগ্য ৰায়দান দি দেশখনৰ বাস্তৱিক শাসকজনক অধিক ক্ষমতা অৰ্পণ কৰাৰ মাত্ৰ কেইদিনমানৰ পাছতে এই উন্নয়ন ঘটিছে। ইয়াৰ দ্বাৰা পাকিস্তানৰ গণতন্ত্ৰক ইতিমধ্যে দমন কৰা অসীম মুনিৰৰ নেতৃত্বাধীন সামৰিক প্ৰতিষ্ঠানটো সৰ্বোচ্চ শক্তিশালী হৈ পৰিব বুলি আশা কৰা হৈছে।
২২ এপ্ৰিলত পাহালগাম আক্ৰমণত ২৬ জন নিৰীহ নাগৰিকৰ প্ৰাণহানি কৰাৰ প্ৰতিক্ৰিয়াৰ ৰূপত ভাৰতৰ অপাৰেচন সেন্দুৰৰ অধীনত কৰা নিখুত আক্ৰমণ আৰু তাৰ পিছৰ বায়ু আক্ৰমণসমূহত পাকিস্তানৰ সামৰিক স্থানসমূহৰ লগতে সন্ত্রাসবাদী আন্তঃগাঁথনিত ব্যাপক ক্ষতি ক্ষতিসাধন হয়।
অসীম মুনিৰে ভাৰত বিৰোধী বাক্যবাণৰ আশ্ৰয় লৈ কাশ্মীৰ বিষয়টোক এক অনুষ্ঠানত উল্লেখ কৰাৰ মাত্ৰ ছয় দিনৰ পিছতে এই আক্ৰমণ সংঘটিত হয়। হিন্দু আৰু ভাৰতৰ বিৰুদ্ধে তেওঁৰ প্ৰদাহজনক ভাষণে বহুতৰ চকু কপালত তুলিছিল আৰু ভাৰতৰ বিভিন্ন পক্ষৰ পৰা সমালোচনা আকৰ্ষণ কৰিছিল।
অপাৰেচন সেন্দুৰত ভাৰতে ৭ মে’ৰ আক্ৰমণত বাহাৱালপুৰ আৰু মুৰ্দিকে সন্ত্ৰাসবাদী ঘাটিকে ধৰি পাকিস্তান আৰু পি অ’ কেৰ ৯টা সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰে। ৮ আৰু ৯ মে’ত গোলাবৰ্ষণৰ জৰিয়তে সামৰিক সংঘাতৰ সৃষ্টি হয়।
ভাৰতে পাকিস্তানৰ ১১টা বিমান ঘাঁটি আৰু অন্যান্য সামৰিক স্থানৰ যথেষ্ট ক্ষতিসাধন কৰাৰ বিপৰীতে শ্বেহবাজ শ্বৰীফ প্ৰশাসনে দাবী কৰে যে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি হোৱাৰ পিছত এই বিজয় তেওঁলোকৰহে।