ইছলামাবাদ
সন্ত্ৰাসবাদৰ সৈতে ইছলামাবাদৰ গভীৰ সম্পৰ্ক উন্মোচন কৰা ভাৰতৰ ‘অপাৰেচন সেন্দুৰ’ৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে পুনৰবাৰ নিজৰ ভাবমূৰ্তি উদ্ধাৰৰ বাবে হাহাকাৰ কৰিছে। ভাৰতে কূটনৈতিক কৌশল হিচাপে বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাতটা বহুদলীয় প্ৰতিনিধি দল ঘোষণা কৰিছে, যিয়ে অপাৰেচন সেন্দুৰৰ বিষয়ে বিশ্ব নেতাসকলক অৱগত কৰিব। ভাৰতৰ এই কূটনৈতিক কৌশল অনুসৰণ কৰি পাকিস্তানেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত ‘শান্তি’ৰ বাবে নিজৰ যুক্তি দাঙি ধৰিবলৈ এটা প্ৰতিনিধি দল গঠনৰ কথা ঘোষণা কৰিছে।
পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰীয়ে শনিবাৰে উল্লেখ কৰাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে তেওঁক এটা প্ৰতিনিধি দলৰ নেতৃত্ব দি দুয়োখন ৰাষ্ট্ৰৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত পাকিস্তানৰ মতামত দাঙি ধৰাৰ দায়িত্ব দিছে।
‘আজি প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে মোৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁ অনুৰোধ কৰিছিল যে মই এটা প্ৰতিনিধি দলৰ নেতৃত্ব দি পাকিস্তানৰ শান্তিৰ বাণী আন্তৰ্জাতিক মঞ্চত দাঙি ধৰিব পাৰো। এই দায়িত্ব স্বীকাৰ কৰি মই গৌৰৱান্বিত হৈছো আৰু এই প্ৰত্যাহ্বানমূলক সময়ত পাকিস্তানৰ সেৱাৰ বাবে দায়বদ্ধ হৈ আছো।’- ফেচবুকত প্ৰকাশ কৰা এটা পোষ্টত জাৰ্দাৰীয়ে এইদৰে কয়।
এই ঘোষণাই সন্ত্ৰাসবাদৰ প্ৰতি দীৰ্ঘদিনীয়া সমৰ্থন বহন কৰি কলংকিত হোৱা পাকিস্তানৰ সুনাম পুনৰ উদ্ধাৰৰ হতাশজনক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। সন্ত্ৰাসবাদক পোহপাল দি তেওঁলোক ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে। সেয়ে, ভুট্টো জাৰ্দাৰীৰ প্ৰতিনিধি দলটোৱে আন্তঃৰাষ্ট্ৰীয় মহলৰ মুখামুখি হোৱাৰ সময়ত যথেষ্ট প্ৰত্যাহানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
সন্ত্ৰাসবাদ ৰোধ কৰাত ব্যৰ্থ হোৱা আৰু ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা প্ৰতিশোধমূলক কাৰ্য্যৰ বাবে পাকিস্তানৰ বিশ্বাসযোগ্যতা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।
ইয়াৰ পূৰ্বে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ঘোষণা কৰে যে অপাৰেচন সেন্দুৰ আৰু সীমান্তৰ সীপাৰৰ পৰা হৈ থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ কথা বিশ্ববাসীক জনাবলৈ চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতৰ সাতটা বহুদলীয় প্ৰতিনিধি দল।