নতুন দিল্লী
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে স্বীকাৰ কৰে যে ভাৰতৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰই ১০ মে’ত নুৰ খান এয়াৰবেছ আৰু অন্যান্য স্থানত আঘাত কৰিছিল। শ্বৰীফে কয় যে সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে তেওঁক সেইদিনা পুৱতি নিশা প্ৰায় ২:৩০ বজাত ফোন কৰি ভাৰতৰ আক্ৰমণৰ খবৰ দিয়ে।
শ্বৰীফে পাকিস্তানৰ বায়ুসেনাই স্থানীয় প্ৰযুক্তি আৰু চীনৰ জেট বিমানৰ ব্যৱহাৰৰ কথা উল্লেখ কৰে যদিও ভাৰতৰ ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যত আঘাত কৰাটো নিশ্চিত কৰে।
শুকুৰবাৰে পাকিস্তান স্মৃতিসৌধত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি শ্বৰীফে কয় যে, "১০ মে’ৰ পুৱা প্ৰায় ২:৩০ বজাত জেনেৰেল চৈয়দ অসীম মুনিৰে মোক ফোন কৰি ভাৰতৰ বেলিষ্টিক মিছাইলে নুৰ খান এয়াৰবেছ আৰু অন্যান্য অঞ্চলত আঘাত কৰা বুলি জনাইছিল। আমাৰ বায়ুসেনাই আমাৰ দেশক বচাবলৈ ঘৰতে উৎপাদিত প্ৰযুক্তি ব্যৱহাৰ কৰিছিল। বায়ুসেনাই আনকি চীনৰ জেট বিমানতো আধুনিক গেজেট আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।"- জিঅ’ নিউজে প্ৰকাশ কৰিছে।
ইফালে বিজেপি নেতা অমিত মালৱিয়াই কয় যে মুনিৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক পুৱতি নিশা ফোন কৰি জনোৱা কথাই ভাৰতৰ অপাৰেচন সেন্দুৰৰ নিখুঁততা আৰু সাহসক উন্মোচন কৰে।
এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মালভিয়াই কয়, ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে নিজেই স্বীকাৰ কৰিছে যে জেনেৰেল অসীম মুনিৰে তেওঁক পুৱা ২:৩০ বজাত ফোন কৰি জনাইছিল যে ভাৰতে নুৰ খান এয়াৰ বেছ আৰু আন কেইবাটাও স্থানত বোমা বিস্ফোৰণ কৰিছে। পাকিস্তানৰ গভীৰতাত ভাৰতৰ আক্ৰমণৰ খবৰ পাই মাজনিশা প্ৰধানমন্ত্ৰী সাৰ পাই উঠা ঘটনাই অপাৰেচন সেন্দুৰৰ ব্যাপকতা, নিখুঁততা আৰু সাহসৰ বিষয়ে বহু কথাই কয়।"
উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ সামৰিক প্ৰত্যুত্তৰ হিচাপে ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধীকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি লয়, যাৰ ফলত জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, আৰু হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হয়।