ছলমান ৰুশ্বডিৰ আক্রমণকাৰী হাডী মাটাৰক ২৫ বছৰৰ কাৰাদণ্ড

Story by  atv | Posted by  Munni Begum • 1 d ago
ছলমান ৰুশ্বডিৰ আক্রমণকাৰী হাডী মাটাৰ
ছলমান ৰুশ্বডিৰ আক্রমণকাৰী হাডী মাটাৰ
 
নিউয়র্ক
 
'দা ছাটানিক ভাৰ্ছেছ'ৰ লেখক ছলমান ৰুশ্বডিক হত্যাৰ চেষ্টা চলোৱা আক্রমণকাৰী হাডী মাটাৰক ২৫ বছৰৰ কাৰাদণ্ড বিহিছে চাউন্টুকুৱা কাউন্ট্রি ডিষ্ট্ৰিক্ট আদালতে।  
 
২০২২ চনত আগষ্ট মাহত এখন সভাত ভাষণ দি থকা সময়তে ৰুশ্বডিক আক্রমণ কৰিছিল ২৭ বছৰীয়া মাটাৰে। এই আক্রমণত ছলমান ৰুশ্বডিৰ এটা চকু নষ্ট হোৱাৰ লগতে যকৃতৰ ক্ষতি হৈছিল। 
 
এই আক্রমণত গুৰুতৰভাৱে আহত হৈছিল ছলমান ৰুশ্বডিৰ সাক্ষাৎ গ্রহণ কৰি থকা হেনৰী ৰীজ নামৰ লোকজনো। আদালতে শাস্তি ঘোষণাৰ পূৰ্বে অভিযুক্ত মাটাৰে আদালতক জনায় যে, ছলমান ৰুশ্বডি এগৰাকী ভণ্ড। তেওঁ আনক সম্মান নকৰে।