পাকিস্তানৰ পৰা আমদানি কৰা সকলো সামগ্ৰী নিষিদ্ধ কৰিলে ভাৰতে

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ভাৰত চৰকাৰে এতিয়া পাকিস্তানৰ পৰা অহা সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে । অৰ্থাৎ এতিয়া ভাৰতলৈ কোনো ধৰণৰ সামগ্ৰী পাকিস্তানৰ পৰা নাহে । বাণিজ্য মন্ত্ৰালয়ে কয় যে এতিয়া পাকিস্তানৰ পৰা আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
 
ইয়াৰ পূৰ্বে প্ৰত্যক্ষভাৱে বাণিজ্য বন্ধ কৰা হৈছিল যদিও এতিয়া পৰোক্ষ আমদানিও বন্ধ কৰি দিয়া হৈছে। এয়া পাকিস্তানৰ বাবে এক ডাঙৰ আঘাত। ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে এনে সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি আছে যিবোৰ ভাৰতৰ পৰা আমদানি বা ৰপ্তানি কৰা নহ’ব। 
 
বাণিজ্য মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলো সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই সন্দৰ্ভত বৈদেশিক বাণিজ্য নীতি ২০২৩ত এটা ব্যৱস্থা সংযোজন কৰা হৈছিল। য’ত কোৱা হৈছিল যে, পৰৱৰ্তী নিৰ্দেশনাৰ আগলৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা অহা বা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই তথ্য ২ মে' তাৰিখৰ অধিসূচনাত উল্লেখ কৰা হৈছে।
 
এফ টি পিৰ বিধানত কোৱা হৈছে যে, পাকিস্তানৰ পৰা অহা বা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি বা ট্ৰেনজিট, সেয়া মুক্তভাৱে আমদানি কৰা বা অনুমোদিত হওঁক, পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হ’ব। 
 
বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনাত প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ স্বাৰ্থত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞাৰ যিকোনো ব্যতিক্ৰম হ’লে ভাৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব। অৰ্থাৎ বাণিজ্যৰ উদ্দেশ্যে যদি কোনো বস্তু পাকিস্তানলৈ পঠোৱা হয় বা পাকিস্তানৰ পৰা আহে তেন্তে ভাৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব। 
 
দুয়োখন দেশৰ মাজত বাণিজ্য নিষেধাজ্ঞাৰ পূৰ্বে ভাৰতে মূলতঃ কপাহ, ৰাসায়নিক পদাৰ্থ, খাদ্য সামগ্ৰী, ঔষধ আৰু মছলা ৰপ্তানি কৰিছিল। ইয়াৰ বাহিৰেও তৃতীয় দেশৰ মাজেৰে চাহ, কফি, ৰং, পিয়াঁজ, বিলাহী, লোহা, ষ্টীল, চেনি, নিমখ আৰু অটো পাৰ্টছ আদি সামগ্ৰীও প্ৰেৰণ কৰা হৈছিল।
 
পাকিস্তানৰ পৰা ভাৰতলৈ চিমেণ্ট, জিপচাম, ফলমূল, তাম, নিমখৰ দৰে সামগ্ৰী আমদানি কৰা হৈছিল, যদিও ২০১৯ চনৰ পিছত আমদানি প্ৰায় শূন্য হৈ পৰিছিল। ২০২৪ চনত পাকিস্তানৰ পৰা ভাৰতৰ আমদানি আছিল মাত্ৰ ৪৮ লাখ ডলাৰ। ইয়াত কেৱল ৰক ছল্ট আৰু মুলতানি মাটিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীহে অৰ্ডাৰ দিয়া হৈছিল। এতিয়া এইটোও সম্পূৰ্ণৰূপে বন্ধ হৈ যাব।