ভাৰতৰ ভাগ্য ভাৰতীয়ই নিৰ্ধাৰণ কৰিব, বিদেশীয়ে নহয়: সঞ্জয় কুমাৰ ভাৰ্মা

Story by  atv | Posted by  Munni Begum • 11 d ago
সঞ্জয় কুমাৰ ভাৰ্মা
সঞ্জয় কুমাৰ ভাৰ্মা
 
অট'ৱা
 
কানাডাত থকা ভাৰতৰ উচ্চায়ুক্ত সঞ্জয় কুমাৰ ভাৰ্মাই মঙলবাৰে কয় যে নতুন দিল্লী আৰু অট’ৱাৰ মাজত ঘৰ্ষণৰ উৎপত্তি হৈছে ভাৰতৰ উদ্বেগক বুজাৰ অভাৱত বিদেশী ভূমিত পুনৰ উত্থাপিত হোৱা এটা দশক পুৰণি বিষয় (খালিস্তান)। মণ্ট্ৰিয়েল কাউন্সিল অন ফ'ৰেইন ৰিলেচনত এক অনুষ্ঠানত ভাষণ দি তেওঁ লগতে কয় যে ভাৰতৰ বাবে এইয়া হৈছে এক বৃহৎ বিপদ ৰেখা।
 
কানাডাত খালিস্তান সমৰ্থক উগ্ৰপন্থীসকলক বিদেশী বুলি অভিহিত কৰি যিহেতু তেওঁলোকে কানাডাৰ নাগৰিকত্ব লাভ কৰিছে, কাৰণ ভাৰতে দ্বৈত নাগৰিকত্বৰ অনুমতি নিদিয়ে। ভাৰ্মাই কয়, ভাৰতৰ ভূখণ্ডৰ অখণ্ডতাৰ ওপৰত বিদেশীসকলৰ কু-দৃষ্টি আছে। সেয়া ভাৰতৰ বাবে এইয়া এটা বৃহৎ বিপদ ৰেখা। ভাৰতৰ ভাগ্য ভাৰতীয়ই নিৰ্ধাৰণ কৰিব, বিদেশীয়ে নহয়। বিদেশত বসবাস কৰা সেই ভাৰতীয়সকলে যদি ভাৰতৰ ভাগ্য নিৰ্ণয় কৰিব বিচাৰে, তেন্তে তেওঁলোকে উভতি গৈ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত। 
 
ইফালে, হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিগত সপ্তাহত গ্ৰেপ্তাৰ হোৱা তিনিজন ভাৰতীয় নাগৰিক ব্ৰিটিছ কলম্বিয়াৰ ছাৰে প্ৰভিন্সিয়েল কোৰ্টত হাজিৰ কৰোৱা হয়। এডমন্টনত ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে গ্ৰেপ্তাৰ কৰা কৰণপ্ৰীত সিং, কমলপ্ৰীত সিং আৰু কৰণ ব্ৰাৰক হত্যা আৰু হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত অভিযুক্ত কৰা হৈছে। 
 
মণ্ট্ৰিয়েললৈ উভতি আহি উচ্চায়ুক্তগৰাকীয়ে এইটোও আঙুলিয়াই দিলে যে সম্পৰ্কটোৰ নেতিবাচক দিশটোৱে শিৰোনাম দখল কৰিলেও সম্পৰ্কটোৰ বহু ইতিবাচক দিশ আছে। আটাইতকৈ গুৰুত্বপূৰ্ণটো হ’ল বাণিজ্য। উচ্চায়ুক্ত ভাৰ্মাই কয়, ৰাজনৈতিক মতানৈক্যৰ মাজতো বাণিজ্য বৃদ্ধি পাই আহিছে। 
 
তেওঁ আঙুলিয়াই দিয়ে যে কেনেদৰে কানাডাই ভাৰতলৈ সেৱা ৰপ্তানিৰ পৰা বিপুলভাৱে লাভৱান হৈ আছে। তেওঁ কয় যে আমদানিতকৈ ভাৰতলৈ অধিক সেৱা ৰপ্তানি কৰা কেইখনমান দেশৰ ভিতৰত কানাডা অন্যতম। ভাৰতলৈ সেৱাৰ ৰপ্তানিয়ে ২০২২ চনত কানাডাৰ সামগ্ৰিক ৰপ্তানি বৃদ্ধি কৰে। ভাৰত আৰু কানাডাৰ মাজত সেৱাৰ সামগ্ৰিক বাণিজ্য $৯ বিলিয়নৰ ওপৰত আছিল আৰু মুঠ বাণিজ্যিক পৰিসংখ্যা প্ৰায় $১৯ বিলিয়ন।
 
কানাডাৰ পৰা ভাৰতৰ সৰ্বাধিক আমদানি হৈছে কয়লা ব্ৰিকেট, যোৱা বছৰ প্ৰায় $৮৫ কোটিৰ। ভাৰতে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰিবলৈ শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰাৰ বাবে যোৱা কেইবছৰমানৰ পৰা এই পৰিমাণ হ্ৰাস পাইছে। ইয়াৰ পিছত কানাডাৰ ছাস্কাচেৱান প্ৰদেশৰ পৰা মূলতঃ মচুৰ দাইল আমদানি কৰা হয় আৰু তাৰ পিছত হীৰাৰ বিপুল আমদানি কৰা হয়। 
 
কানাডালৈ ভাৰতৰ সৰ্বাধিক ৰপ্তানি হৈছে ঔষধ, তাৰ পিছতে মিছামাছ আৰু স্মাৰ্টফোন। ভাৰতৰ পৰা কানাডালৈ বাছমতী চাউলৰ ৰপ্তানি যোৱা বছৰৰ তুলনাত ১৪ শতাংশ বৃদ্ধি পাইছে।