ইজৰাইল সেনাৰ নিয়ন্ত্ৰণত গাজা আৰু ইজিপ্তৰ মাজৰ ৰাফাহ সীমান্ত ক্ৰছিং

Story by  atv | Posted by  [email protected] • 12 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
জেৰুজালেম

ইজৰাইলৰ সেনাই মঙলবাৰে গাজা আৰু ইজিপ্তৰ মাজৰ ৰাফাহ সীমান্ত ক্ৰছিংৰ পেলেষ্টাইনী পক্ষৰ নিয়ন্ত্ৰণ দখল কৰা বুলি প্ৰকাশ কৰিছে আৰু সৈন্যই সেই অঞ্চলটোত সম্প্ৰতি তালাচী চলাই আছে।
 
সেনাই কয় যে যোৱা নিশা আইডিএফ (সেনা) সৈন্যই (ৰাফাহ) ক্ৰছিঙৰ গাজান ফালৰ কাৰ্যকৰী নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ সক্ষম হয়।
 
"এই মুহূৰ্তত আমাৰ হাতত ৰাফাহ ক্ৰছিঙৰ গাজান ফালৰ ওপৰত কাৰ্যকৰী নিয়ন্ত্ৰণ আছে, আৰু আমাৰ বিশেষ বাহিনীয়ে অতিৰিক্ত সন্ত্ৰাসবাদী আন্তঃগাঁথনি বা সন্ত্ৰাসবাদী বিচাৰি উলিয়াবলৈ অঞ্চলটোত তালাচী চলাই আছে। আমি কেৱল ৰাফা ক্ৰছিঙৰ গাজান ফালৰ কথাহে কৈছো।"-ইজৰাইল সেনাই কয়। 
 
সেনাই কয় যে বৰ্তমান পূব ৰাফাত “অতি লক্ষ্যভিত্তিক অভিযান আৰু অতি নিৰ্দিষ্ট লক্ষ্যৰ বিৰুদ্ধে অতি সীমিত পৰিসৰ” চলাই আছে।
 
"কালি (সোমবাৰে) আমি খালী কৰাৰ জাননী দিয়া অঞ্চলটোৰ সংগঠন আৰু অঞ্চলৰ লোকসকলৰ বিপুল পৰিমাণে নিৰাপদ অঞ্চললৈ স্থানান্তৰিত হয়।' পূব ৰাফাত অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা সেনাই ২০ জন অপাৰেটিভক হত্যা কৰিছে বুলিও কয়।